গোটেই ৰাতি আক্ৰমণ,  একে নিশাই কমেও ৯২ জন নিহত গাজাত

ফিলিস্তিনি গাজা ষ্ট্ৰিপত ইজৰাইলীৰ আক্ৰমণত কমেও ৯২ জন লোক নিহত হৈছে। হামাছে যুদ্ধবিৰতিৰ প্ৰস্তাৱ বিবেচনা কৰিবলৈ অধিক সময় বিচৰাৰ সময়তে গাজাত ইজৰাইলে নিৰ্বিচাৰ আক্ৰমণ চলাইছে।

হামাস পৰিচালিত স্বাস্থ্য মন্ত্ৰালয়ে কৈছিল যে যোৱা ৰাতিটোৰ ভিতৰতে ইজৰাইলৰ আক্ৰমণত কমেও ৯২ জন লোক নিহত থৈছে। 

হামাসৰ মিডিয়া কাৰ্যালয়ে কৈছে যে ইজৰাইলে ৰাফাৰ এখন কিণ্ডাৰগাৰ্টেনত আঘাত কৰিছে। স্থানচ্যুত লোকসকলে ইয়াত আশ্ৰয় লৈ আছিল।

ৰাষ্ট্ৰসংঘই কয় যে ২,০০,০০০ লোকৰ বাসস্থান ৰাফা চহৰত এতিয়া গাজাৰ জনসংখ্যাৰ আধাতকৈও অধিক লোক আছে।

ইয়াৰ পূৰ্বে, ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইয়োভ গেলেণ্টে কৈছিল যে গাজাৰ উত্তৰত অভিযান আৰম্ভ কৰা সামৰিক বাহিনীদক্ষিণলৈ আগবাঢ়ি আহিছে। 

ইফালে, ইজৰাইল-গাজা যুদ্ধবিৰতিসন্দৰ্ভত পেৰিছত আন্তঃৰাষ্ট্ৰীয় মধ্যস্থতাকাৰীসকলে চূড়ান্ত পৰ্যায়ত উপনীত হৈছে।

কিন্তু লেবাননত হামাচৰ শীৰ্ষ বিষয়া ওছামা হামদানে শনিবাৰে কৈছিল যে প্ৰস্তাৱটোত কিছুমান বিষয়ৰ বিষয়ে বৰ্ণনা কৰা হোৱা নাই। সেয়েহে হামাছে নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ অধিক সময় ল’ব।

মন কৰিব লগীয়া যে ৭ অক্টোবৰত ফিলিস্তিনি সংগঠন হামাছে ইজৰাইলৰ ওপৰত হঠাতে আক্ৰমণ কৰাৰ পিছত ইজৰাইলে গাজাৰ ওপৰত প্ৰতি-আক্ৰমণ চলাই ছিল আৰু হামাসক নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিছিল।