দ্বাদশ শ্ৰেণী উত্তীৰ্ণৰ বাবে ভাৰতীয় মহাকাশ সংস্থা (ISRO)ত চাকৰি; আকৰ্ষণীয় দৰমহা

pslv-isro2

ভাৰতীয় মহাকাশ সংস্থা (ISRO)ত মুঠ ৮৬ টা খালী পদৰ বাবে আবেদন বিচৰা হৈছে। আবেদন কৰিবৰ বাবে বেবছাইট isro.gov.inত মুকলি কৰি দিয়া হৈছে আৰু আবেদনৰ অন্তিম দিন হৈছে অহা ৯ ছেপ্টেম্বৰ।

ভাৰতীয় মহাকাশ সংস্থা (ISRO)ই ইয়াৰ হিউমেন স্পেছ ফ্লাইট চেন্টাৰ (HSFC)ৰ বাবে এই আবেদন পত্ৰ আহ্বান কৰিছে।

আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ১৩ ছেপ্টেম্বৰত প্ৰক্ৰিয়াটোৰ সামৰণি পৰিব।

ইচ্ছুক প্ৰাৰ্থীসকলে ইয়াৰ নিজা ৱেবছাইট isro.gov.inত আবেদন কৰিব পাৰে।

বিভিন্ন পৰ্যায়ৰ মুঠ ৮৬ টা খালী পদৰ বাবে আবেদন বিচৰা হৈছে। চাকৰিৰ বাবে যোগ্যতা অৰ্জনৰ বাবে প্ৰাৰ্থীসকলে লিখিত পৰীক্ষাৰ লগতে এক দক্ষতাৰ (skill) পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

ভাৰতীয় মহাকাশ সংস্থা (ISRO)ৰ নিযুক্তি ২০১৯: খালী পদ

মুঠ পদৰ সংখ্যা-৮৬ টা

ফিটাৰৰ পদ -২০টা

ইলেকট্ৰনিক মেকানিক-১৫টা

প্লাম্বাৰ-২টা

ৱেল্ডাৰ-১টা

মেকানিষ্ট-১টা

ড্ৰাফট্ছমেন মেকানিকেল-১০টা

ড্ৰাফট্ছমেন ইলেকট্ৰিকেল-২টা

টেকনিকেল এছিষ্টেন্ট মেকানিকেল-২০টা

টেকনিকেল এছিষ্টেন্ট ইলেকট্ৰনিকছ-১২টা

টেকনিকেল এছিষ্টেন্ট চিভিল-৩টা

ভাৰতীয় মহাকাশ সংস্থা (ISRO)ৰ নিযুক্তি ২০১৯: যোগ্যতা

শিক্ষাগত অৰ্হতা : প্ৰাৰ্থী কমেও দ্বাদশ শ্ৰেণী বা সম পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে আই টি আই প্ৰমাণ পত্ৰ থকা হ’ব লাগিব।

বয়স : চাকৰি বাবে যোগ্যতা অৰ্জন কৰিবলৈ প্ৰাৰ্থীৰ বয়স কমেও ১৮ বছৰ হ’ব লাগিব। বয়সৰ উচ্চ সীমা ৪০ বছৰ। অৱশ্যে, সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ বাবে বয়সৰ সীমা নিয়ম অনুসৰি শিথিল কৰা হ’ব।

ভাৰতীয় মহাকাশ সংস্থা (ISRO)ৰ নিযুক্তি ২০১৯: কেনেকৈ কৰিব আবেদন

ষ্টেপ-১ : ৱেবছাইট isro.gov.inত যাওক

ষ্টেপ-২ : পেজটোৰ তলত থকা ‘কেৰিয়াৰছ’ টেবত ক্লিক্ কৰক

ষ্টেপ-৩ : আপোনাক এটা নতুন পেজলৈ যাবলৈ কোৱা হ’ব, স্ক্ৰোল কৰি তললৈ গৈ হিউমেন স্পেছ ফ্লাইট চেন্টাৰ (HSFC)ৰ লিংকটো বিচাৰক

ষ্টেপ-৪ : ‘এপ্লাই অনলাইন’ত ক্লিক্ কৰক

ষ্টেপ-৫ : ফৰ্ম ফিলআপ কৰক, ফটো আপলোড কৰক

ষ্টেপ-৬ : ছাবমিট কৰক, পেমেন্ট কৰক

ভাৰতীয় মহাকাশ সংস্থা (ISRO)ৰ নিযুক্তি ২০১৯: আবেদন মাছুল

প্ৰাৰ্থীসকলে ২৫০ টকাৰ আবেদন মাছুল হিচাপে জমা দিব লাগিব

ভাৰতীয় মহাকাশ সংস্থা (ISRO)ৰ নিযুক্তি ২০১৯: দৰমহা

টেকনিছিয়ান আৰু ড্ৰাফট্ছমেন পদত নিযুক্তিৰ বাবে প্ৰাৰ্থীসকলে মাহিলি ২১,৭০০ টকা দৰমহাৰ লগতে ডি এ লাভ কৰিব। আনহাতে, টেকনিকেল এছিষ্টেন্ট পদৰ প্ৰাৰ্থীয়ে ৪৪,৯০০ টকা পে স্কেলৰ লগতে ডি এসহ দৰমহা লাভ কৰিব।