ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰিব ৪ মহাকাশচাৰীক : ঘোষণা নৰেন্দ্ৰ মোদীৰ

গৱেষণাৰ বাবে ৪ মহাকাশচাৰীক মহাকাশলৈ পঠাব ইছৰোৱে। মঙলবাৰে এই ঘোষণা কৰি ৪ জন মহাকাশচাৰীৰ নাম ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 

তিৰুৱনন্তপুৰমৰ বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাকাশ অভিযানৰ বাবে নিৰ্বাচিত চাৰিজন মহাকাশচাৰীৰ নাম ঘোষণা কৰে। গ্ৰুপ কেপ্তেইন পি বালকৃষ্ণন নাইৰ, গ্ৰুপ কেপ্তেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্তেইন অংগদ প্ৰতাপ আৰু উইং কমাণ্ডাৰ এছ শুক্লাই ইছৰোৰ প্ৰথমটো মানৱ সম্পন্ন মহাকাশ অভিযানত অংশগ্ৰহণ কৰিব। 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত একবিংশ শতিকাত আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত এক বৃহৎ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে ভাৰতে। দেশে বিভিন্ন ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। 

তেওঁ কয়, এই মহাকাশ যানত ব্যৱহৃত বেছিভাগ যন্ত্ৰপাতি ভাৰতত নিৰ্মিত। এই কথা জানি মই বৰ আনন্দিত হৈছো। কাকতলীয়াভাৱে ভাৰতৰ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হৈছে একে সময়তে ভাৰতৰ মহাকাশযানে আমাক মহাকাশ অন্বেষণৰ ক্ষেত্ৰত নতুন উচ্চতালৈ লৈ যাবলৈ ওলাইছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই চাৰিজন মহাকাশচাৰীয়ে ১৪ কোটি লোকৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিব। চাৰি দশকৰ পাছত আকৌ এবাৰ মহাকাশত ভৰি দিব ভাৰতীয়োই। এইবাৰ মহাকাশযানখনো ভাৰতত নিৰ্মিত।