NORTHEAST NOW (Assamese)

বিজেপি বিধায়কৰ পুত্ৰৰ উদ্ভণ্ডালী উদঙাই দিয়াটোৱেই অপৰাধ! ভুৱা গোচৰত গ্ৰেপ্তাৰ সাংবাদিক

January 21, 2025 8:31 pm · এন ই নাও নিউজ, গুৱাহাটী

বিধায়কৰ পুত্ৰৰ বাতৰি কৰিলেই জেললৈ যাব লাগিব সাংবাদিক! বিধায়কৰ পুত্ৰৰ কুকৰ্ম প্ৰচাৰ কৰাৰ বাবেই গ্ৰেপ্তাৰ হ’ল নেকি সাংবাদিক?

এই খবৰ বিশ্বনাথ জিলাৰ চতিয়াৰ। ‘ঈশান নিউজ’ৰ বিশ্বনাথৰ সাংবাদিক আবুল মাজানক গ্ৰেপ্তাৰ কৰিছে চতিয়া আৰক্ষীয়ে। চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পুত্ৰই ‘হিট  এণ্ড ৰাণ’ৰ অপৰাধ সংঘটিত কৰা বুলি অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ ভিত্তিৰ বাতৰি পৰিৱেশন কৰিছিল চতিয়াৰ সাংবাদিক আবুল মাজানে।

এইটোৱেই আছিল সাংবাদিক জনৰ অপৰাধ। যাৰ বাবে গ্ৰেপ্তাৰ কৰা হ’ল তেওঁক।

সাংবাদিকজনক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিছে সচেতন মহলে। এই ঘটনাক গৰিহণা দি ফেচবুকত অখিল গগৈয়ে লিখিছে –
‘ঈশান নিউজ’ৰ বিশ্বনাথৰ সাংবাদিক আবুল মাজানক গ্ৰেপ্তাৰ চতিয়া আৰক্ষীৰ।

বিধায়ক পুত্ৰৰ HIT&RUN অভিযোগৰ বাতৰি পৰিৱেশনৰ ‘গুৰুতৰ অপৰাধ’ত গ্ৰেপ্তাৰ সাংবাদিকগৰাকীক। ইয়াৰ নামেই ‘পুলিচৰ শাসন’। “মুখ্যমন্ত্ৰী মহোদয়, ধৰি ল’লো সাংবাদিকজনে ভুল বাতৰি পৰিৱেশন কৰিলে।তাৰ বিচাৰ গ্ৰেপ্তাৰনে? অভিযুক্তজনে এনে ক্ষেত্ৰত মান হানিৰ গোচৰ দিব, আদালতলৈ যাব , বিচাৰ হ’ব, ৰায় দিব। কিন্তু আপোনাৰ পুলিচে দেখ দেখ ৰাজনীতিকৰ প্ৰভাৱত বেআইনী কাম কৰিছে। যদি ভুৱাকৈ এজাহাৰো দিছে, তাত জামিন অযোগ্য ধাৰাও আছে, তথাপি পুলিচে সাংবাদিকজনক গ্ৰেপ্তাৰ কৰা অনুচিত। উত্তৰ অসমত এজন ৰাজনীতিকৰ মাফিয়াগিৰি চলি আছে , মুখ্যমন্ত্ৰী ডাঙৰীয়া।

আমি সাংবাদিকজনৰ গ্ৰেপ্তাৰৰ নিন্দা কৰিছো আৰু তেওঁক মুকলি কৰি দিবলৈ Himanta Biswa Sarma ডাঙৰীয়া আৰু GP Singh ডাঙৰীয়াক আহ্বান জনাইছো। এই জংগলৰাজ বন্ধ কৰক ডাঙৰীয়া।”

গুৱাহাটী প্ৰেছ ক্লাৱে এই ঘটনাক গৰিহণা দি এক বিবৃতি প্ৰকাশ কৰিছে – “বিশ্বনাথৰ ঈষান নিউজৰ সাংবাদিক আবুল মাজানক গ্ৰেপ্তাৰ কৰা কাৰ্যত গুৱাহাটী প্ৰেছ ক্লাবে উদ্বেগ প্ৰকাশ কৰে৷ এটা বিবৃতিত গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি সুস্মিতা গোস্বামী আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে কয় যে  আৰক্ষী প্ৰশাসনে কিছু বছৰৰ পৰা বিভিন্ন ক্ষেত্ৰত সাংবাদিকসকলক বিভিন্ন অজুহাত দেখুৱাই শাৰীৰিক- মানসিক নিৰ্যাতন চলাই আহিছে৷ আবুল মাজান নামৰ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কাৰণ জানিবলৈ ঈষান নিউজ কৰ্তৃপক্ষই আৰক্ষীৰ লগত যোগাযোগ কৰিছিল যদিও কোনো উত্তৰ নিদিলে যদিও  হিট এণ্ড ৰানৰ এটা বাতৰি পৰিৱেশন কৰা বাবে তেওঁক গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ উঠিছে৷ আৰক্ষী প্ৰশাসনে সাংবাদিকসকলক সহজলক্ষ্য কৰি লোৱা এই কাৰ্য গ্ৰহণযোগ্য নহয় আৰু শীঘ্ৰে তেওঁক মুকলি কৰি দিবলৈ গুৱাহাটী প্ৰেছ ক্লাবে দাবী জনায়৷”

জাৰ্নেলিষ্ট এচচিয়েশ্যন ফ’ৰ আছামে জাৰি কৰা এটা বিবৃতিত কৈছে –  “ঈশান নিউজৰ সাংবাদিক আবুল মাজানক বিনাচৰ্তে মুকলিৰ দাবী জাফাৰ হিট এণ্ড ৰাণ সম্পৰ্কীয় এক বাতৰি পৰিৱেশন কৰাৰ অপৰাধত বিশ্বনাথৰ ঈশান নিউজৰ সাংবাদিক আবুল মাজানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাক ধিক্কাৰ দি শীঘ্ৰেই সাংবাদিক গৰাকীক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী জনাইছে জাফাই।

এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে কয় যে – হিট এণ্ড ৰাণ সম্পৰ্কীয় বাতৰি পৰিৱেশন কৰাৰ বাবে সাংবাদিক আবুল মাজানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাতো ৰাজ্যৰ সাংবাদিক সমাজৰ বাবে অতিকৈ চিন্তনীয় বিষয় ।

সত্য বাতৰি পৰিবেশনত সাংবাদিকৰ কলম স্থবিৰ কৰাৰ অভিপ্ৰায়েৰে তথা মুখ বন্ধ কৰাৰ বাবে এই ধৰণৰ ঘটনা সময়ে সময়ে সংঘটিত হৈ আহিছে বুলি উল্লেখ কৰি বিবৃতিটোত জাফাৰ তৰফৰ পৰা কোৱা হয় যে – ৰাজ্যত দিনক দিনে বৃদ্ধি পোৱা সাংবাদিক নিগ্ৰহ – আক্ৰমণৰ ঘটনা সন্দৰ্ভত সংগঠনটোৱে ৰাজ্যৰ মুখ্য মন্ত্ৰীক এক স্মাৰক পত্ৰ প্ৰেৰণ কৰি সাংবাদিকৰ সুৰক্ষা আৰু বাক স্বাধীনতা অক্ষুণ্ণ ৰখাৰ দাবী জনাব।”

Related News