• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আঁকোৰগোজ ট্ৰাম্প! আমেৰিকাত জন্মসূত্ৰে নাগৰিকত্ব বাতিলৰ ফলত কোন ক্ষতিগ্ৰস্ত হ’ব?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 21, 2025 8:03 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা অনুপ্ৰৱেশকাৰীৰ ওপৰত ধাৰাবাহিক কাৰ্যবাহী আদেশ জাৰি কৰিছে। জন্মসূত্ৰে আমেৰিকাৰ নাগৰিকত্ব বাতিলৰ পৰা আৰম্ভ কৰি সীমান্তত জৰুৰীকালীন অৱস্থা ঘোষণা কৰালৈকে তেওঁ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। অৱশ্যে ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়টো কাৰ্যকালৰ প্ৰথম দিনাই জন্মসূত্ৰে নাগৰিকত্বৰ অধিকাৰ বাতিল কৰাৰ সিদ্ধান্তক লৈ ইতিমধ্যে সমালোচনা আৰম্ভ হৈছে।

ইতিমধ্যে অনুপ্ৰৱেশকাৰীৰ সৈতে কাম কৰা বিভিন্ন সংগঠনৰ পৰা আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ট্ৰাম্প। জন্মসূত্ৰে নাগৰিকত্ব বাতিল কৰাৰ সিদ্ধান্তক লৈ ক্ষুব্ধ এই সংগঠনসমূহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এটা সংস্থাই কয় যে ট্ৰাম্পৰ এই সিদ্ধান্তই আমেৰিকাৰ মূল্যবোধক ৰক্ষা নকৰে। আন এটা সংস্থাই কয় যে অনুপ্ৰৱেশকাৰীৰ জীৱন ধ্বংস কৰাৰ বাবে ট্ৰাম্প প্ৰশাসনে সক্ৰিয় প্ৰচেষ্টা আৰম্ভ কৰিছে।

Apply Now

সোমবাৰে নিশা দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ট্ৰাম্পে। উদ্বোধনী ভাষণত তেওঁ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে। ট্ৰাম্পে আমেৰিকাত অবৈধ প্ৰৱেশ বন্ধ কৰিব বুলি মন্তব্য কৰিছে। অবৈধ অনুপ্ৰৱেশকাৰীক “অপৰাধী” বুলি অভিহিত কৰি ট্ৰাম্পে কয় যে আমেৰিকাত এনে লাখ লাখ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰা হ’ব।

জন্মসূত্ৰে আমেৰিকাৰ নাগৰিকত্ব সন্দৰ্ভত ট্ৰাম্পৰ কাৰ্যবাহী আদেশৰ সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই। অৱশ্যে তেওঁৰ প্ৰশাসনৰ বিষয়াসকলে কয় যে ট্ৰাম্পে জন্মসূত্ৰে আমেৰিকাৰ নাগৰিকত্বৰ সুবিধাসমূহ নাইকিয়া কৰিব বিচাৰে।

প্ৰচলিত আমেৰিকাৰ আইন অনুসৰি যদি কোনো শিশু দেশত জন্ম হয় তেন্তে জন্মৰ পৰাই তেওঁ আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিব। এনে ক্ষেত্ৰত শিশুটিৰ পিতৃ-মাতৃ আমেৰিকাত কেনেদৰে বাস কৰি আছে সেয়া ডাঙৰ কথা নহ’ব।

ট্ৰাম্পে জন্মসূত্ৰে নাগৰিকত্বৰ নিয়ম সলনি কৰিব বিচাৰে, যাতে নথি-পত্ৰবিহীন; অৰ্থাৎ যদি কোনো অবৈধ অনুপ্ৰৱেশকাৰীয়ে আমেৰিকাত সন্তান জন্ম দিয়ে তেন্তে সেই শিশুৱে স্বয়ংক্ৰিয়ভাৱে আমেৰিকাৰ নাগৰিকত্ব লাভ নকৰে।

জন্মসূত্ৰে আমেৰিকাৰ নাগৰিকত্ব সন্দৰ্ভত ট্ৰাম্পে কেনেদৰে কাৰ্যকৰী কৰাৰ মনস্থ কৰিছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কাৰণ জন্মসূত্ৰে নাগৰিকত্বৰ এই বিশেষাধিকাৰ আমেৰিকাৰ সংবিধানত সুৰক্ষিত বিষয়। যদি ট্ৰাম্পে জন্মসূত্ৰে  নাগৰিকত্বৰ অধিকাৰৰ এই সাংবিধানিক অধিকাৰ কাঢ়ি ল’ব বিচাৰে তেন্তে তেওঁক হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছ, কংগ্ৰেছৰ নিম্ন সদন আৰু চিনেট, উচ্চ সদনৰ দুই তৃতীয়াংশ সদস্যৰ সমৰ্থনৰ প্ৰয়োজন হ’ব।

ট্ৰাম্পে দায়িত্ব গ্ৰহণ কৰি ফেডাৰেল চৰকাৰৰ সংস্থাসমূহক নিৰ্দেশ দিছে যে অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা জন্মগ্ৰহণ কৰা শিশু বা অস্থায়ী ভিছাত আমেৰিকাত থকা শিশুসকলক আমেৰিকাৰ নাগৰিকত্বৰ নথি-পত্ৰ প্ৰদান নকৰিব। অনুপ্ৰৱেশকাৰীৰ সৈতে কাম কৰা সংস্থাসমূহে লগে লগে ট্ৰাম্পৰ এই সিদ্ধান্তক লৈ ক্ষোভিত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁলোকে কয় যে ট্ৰাম্পৰ এই নিৰ্দেশ অসাংবিধানিক।

ট্ৰাম্পে কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰাৰ লগে লগে আমেৰিকান চিভিল লিবাৰ্টিজ ইউনিয়ন (এ এল চি ইউ) নামৰ এটা সংস্থাই এই আদেশক লৈ ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে গোচৰ তৰিব বুলি জনায়। সোমবাৰে সংস্থাটোৱে এক বিবৃতিত কয় যে, “আমেৰিকাত জন্মগ্ৰহণ কৰা শিশুক নাগৰিকত্ব অস্বীকাৰ কৰাৰ নিৰ্দেশ কেৱল অসাংবিধানিকে নহয়, বৰঞ্চ আমেৰিকাৰ মূল্যবোধৰ অনৈতিক আৰু নিৰ্দয় প্ৰত্যাখ্যান।”

যিসকলৰ ওপৰত প্ৰত্যক্ষভাৱে প্ৰভাৱ পৰিব

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবাদ মাধ্যম পলিটিকোৰ এক প্ৰতিবেদনত জন্মসূত্ৰে নাগৰিকত্বৰ ওপৰত ট্ৰাম্পৰ কাৰ্যবাহী আদেশৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰা হৈছে। ইয়াত কোৱা হৈছে যে সেই আদেশৰ জৰিয়তে কেন্দ্ৰীয় সংস্থাসমূহক আমেৰিকাত জন্মগ্ৰহণ কৰা শিশুক নাগৰিকত্ব প্ৰদান নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে; যিসকল শিশুৰ মাতৃ অবৈধভাৱে বা পৰ্যটনকে ধৰি বিভিন্ন ভিছাত দেশখনত আছে আৰু যাৰ পিতৃ আমেৰিকাৰ নাগৰিক বা আইনীভাৱে স্থায়ী বাসিন্দা নহয়।

এতিয়াৰ পৰা ৩০ দিনৰ পিছত জন্ম লোৱা শিশুৰ পিতৃ-মাতৃৰ কোনোবা আমেৰিকাৰ নাগৰিক বা গ্ৰীণ কাৰ্ড ধাৰী নহ’লে আমেৰিকাৰ পাছপ’ৰ্ট বা ভিছা দিয়া নহ’ব।

এশ বছৰতকৈও অধিক পূৰ্বে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ এক ৰায়দানত কোৱা হৈছিল যে বিদেশী পিতৃ-মাতৃৰ পৰা আমেৰিকাত জন্মগ্ৰহণ কৰা শিশুৱে সংবিধানৰ চতুৰ্দশ সংশোধনীৰ অধীনত প্ৰাকৃতিক নাগৰিকত্ব লাভ কৰিব। ইয়াৰ একমাত্ৰ ব্যতিক্ৰম হ’ব যদিহে অভিভাৱকসকল বিদেশী কূটনীতিবিদ আৰু আমেৰিকাৰ আইন অনুসৰি কূটনৈতিক ৰক্ষাকৱচ থাকে।

কিন্তু কঠোৰ অনুপ্ৰৱেশ নীতিৰ বহু সমৰ্থকে ১৮৯৮ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানক বহল প্ৰেক্ষাপটত লয়। বৰ্তমানৰ উচ্চতম ন্যায়ালয়েও আমেৰিকাৰ নাগৰিকত্বৰ ওপৰত অধিক বাধা আৰোপ কৰিবলৈ অনুমোদন দিব পাৰে। কংগ্ৰেছৰ অনুমোদন অবিহনে এই কাৰ্যবাহী আদেশ জাৰি কৰাৰ কৰ্তৃত্ব ট্ৰাম্পৰ আছে নে নাই, আৰু আদালতত বিষয়টো সমাধান হ’ব নে নাই সেয়া এতিয়াও অনিশ্চিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

জ্ঞানেশ কুমাৰক অপসাৰণৰ দাবীত দিল্লীত ব্যাপক প্ৰতিবাদ, বন্ধ ইণ্টাৰনেট! ১১টা মেট্ৰ’ ষ্টেচনত তলা আৰক্ষীৰ

October 2, 2026 1:09 pm
এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

এছিয়ান গেমছৰ বক্সিংত সোণৰ পদক লাভলিনাৰ; জন্মদিনত নিজেই নিজকে দিলে শ্ৰেষ্ঠ উপহাৰ!

October 2, 2026 12:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

চাহৰ আমন্ত্ৰণ দি অভিজিৎ দীপকেক থানালৈ লৈ গ’ল মহিলা আৰক্ষীয়ে

October 2, 2026 3:25 pm
‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

‘এক দেশ, এক নিৰ্বাচন’ সন্দৰ্ভত সংসদীয় সমিতিৰ সৈতে বৈঠকৰ প্ৰস্তাৱ নাকচ উচ্চতম ন্যায়ালয়ৰ

October 2, 2026 2:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd