ব্যস্ততা আৰু ম‘বাইলত অসমীয়া কীবৰ্ডৰ কেৰামতালিৰ বাবে মই কিছুদিন ফেচবুকৰ পৰা আতঁৰত আছিলো । গামোচা–বিতৰ্কৰ ৰেহৰূপ দেখি দুটামান কথা ক‘বলৈ মন গ‘ল।
অসম আন্দোলনৰ ভৰপক সময়ৰ কথা । বৰপেটাত আমি কিছুমানে চিনে ক্লাব এটা গঢ়িবলৈ চেষ্টা কৰিছিলোঁ। নেতৃত্বত আছিল প্ৰয়াত ড ছৈয়দ আহমেদ জাদিদ । এনে সময়তে আমি লোক সাংস্কৃতিক পৰিষদ নামৰ সংগঠনটোৰ জৰিয়তে লোক কৃষ্টিৰ বিষয়ে আলোচনা চক্ৰ এখন আয়োজন কৰিছিলোঁ। এই আলোচনা চক্ৰৰ বাবে মই গুৱাহাটীৰপৰা মাতি নিছিলো তিনিগৰাকী বিশিষ্ট লোকক। মই তেতিয়া সাংবাদিক হিচাপে তেনেই নাবালক। কিন্তু মোৰ অনুৰোধত প্ৰয়াত নলিনীধৰ ভট্টাচাৰ্য, ৰামেশ্বৰ পাঠক, প্ৰবীন দাসৰ দৰে প্ৰাজ্ঞ লোকে ততালিকে বৰপেটালৈ যাবলৈ সন্মতি দিছিল। সেই যাত্ৰাত তেওঁলোকৰ সৰলতা আৰু মহানুভৱতাত মই মুগ্ধ হৈ পৰিছিলো ।
এতিয়া আহিছোঁ চিনে ক্লাবৰ প্ৰসংগলৈ । চিনে ক্লাব গঠনৰ উদ্দেশ্যে প্ৰথমে আমি এখন সভাৰ আয়োজন কৰিছিলোঁ কিছুমান বিশিষ্ট লোকৰ মতামত বিচাৰি। সেই সভাত ছাত্ৰ সন্থাৰ এজন মুধাফুটা নেতাই মন্তব্য কৰিছিল যে চিনে ক্লাবৰ নামত বাংলা চিনেমা চলাই অসমীয়া সংস্কৃতি বিজতৰীয়া কৰাটো সহজভাৱে লোৱা নহ‘ব । সেই সময়ত অসমীয়া সংস্কৃতিৰ স্বঘোষিত ঠিকাদাৰ ছাত্ৰ সন্থাৰ এই অভিভাৱকত্বত চিনে ক্লাব গঠনৰ আশা পণ্ড হৈ গৈছিল। তেতিয়ালৈকে বৰপেটাত সকলো ধৰণৰ বাংলা চিনেমাৰ প্ৰদৰ্শন বন্ধ হৈ গৈছিল। আমি সত্যজিত ৰায় বা মৃণাল সেন ৰদৰে পৰিচালকৰ ছবি চাবলৈ বৰপেটা ৰোডলৈ যাবলগীয়া হৈছিল। কলেজ পোৱাৰ পাছত মোৰ বাংলা সাহিত্যৰ প্ৰতি আকৰ্ষণ গভীৰ হৈছিল। ইয়াৰ বাবে মই অসম আন্দোলনৰ সময়ত ঘৰে বাহিৰে কিমান যে তাচ্চিল্য আৰু নিন্দাৰ সন্মুখীন হৈছিলো তাৰ লেখ নাই । বাংলা ভাষিক আধিপত্যৰ বিৰুদ্ধে যুঁজ দিবলৈ গৈ এই চাম লোকে ভাষা আন্দোলন, মাধ্যম আন্দোলনত বাংলা ভাষা–সংস্কৃতিৰ লগতে সাধাৰণ বঙালীসকলক লক্ষ্য কৰি লৈছিল । মাধ্যম আন্দোলনত পূৰ্ব বংগীয় মূলৰ মুছলমান সকলে অসমীয়া ভাষাৰ সপক্ষে থিয় দিয়াৰ বাবে অসম আন্দোলনৰ আগলৈকে তেওঁলোকৰ প্ৰতি বিদ্বেষ কিছু কম আছিল । ৰবীন্দ্ৰনাথ, বিভূতিভূষণ, মহাশ্বেতা দেৱীৰ সাহিত্য, সত্যজিত ৰায়, মৃণাল সেনৰ চিনেমাই অসমীয়া সংস্কৃতি বিকৃত কৰিব বুলি এসময়ত ভবা জাতীয়তাবাদী এচাম লোকেই আজি দুটুকুৰা গামোচা লগ লগাই অসমীয়া বঙালী সংস্কৃতিৰ মিলনৰ উদ্ভট আশা কৰিছে । বিজেপি–আৰ এছ এছৰ হিন্দুত্বৰ মোহত পৰা এই চাম জাতীয়তাবাদীয়ে অসমীয়া সংস্কৃতিক মিঞাৰ প্ৰভাৱৰ পৰা বচাই ৰাখিবলৈ আৰু যে কি নকৰিব !
এনে সংকীৰ্ণতা আৰু সাংস্কৃতিক অহমিকাৰ বিপৰীতে মানুহৰ মাজত সামাজিক–সাংস্কৃতিক মৈত্ৰী গঢ়াৰ চেষ্টা কৰা বাওঁপন্থী আৰু গণতান্ত্ৰিক জাতীয়তাবাদীসকলক এই সংকীৰ্ণতাবাদীসকলে তাহানিৰ পৰা আক্ৰমণৰ লক্ষ্য কৰি লৈছে। অসম আন্দোলনৰ সময়লৈকে এই লোকসকলক ছাত্ৰ সন্থাই অভিহিত কৰিছিল বঙালীৰ দালাল বুলি। দুটা কাৰণত মিঞাসকলক এই জাতীয়তাবাদীসকলে তেতিয়ালৈকে লক্ষ্য কৰি লোৱা নাছিল। এটা কাৰণ আছিল অসমীয়াৰ মনত তেতিয়া ভাষাৰ প্ৰশ্নটো বেছি গুৰুত্বপূৰ্ণ হৈ আছিল। দ্বিতীয় কাৰণটো আছিল অসমীয়া সমাজত তেতিয়ালৈকে মুছলমান বিদ্বেষ গভীৰলৈ শিপাব পৰা নাছিল। অসম আন্দোলনৰপৰা বিজেপি–আৰ এছ এছৰ প্ৰভাৱত সেই বিদ্বেষ গভীৰলৈ সোমাল । গতিকে বঙালীৰ দালালসকল এতিয়া মিঞাৰ দালাল হৈ পৰিল।
অসমীয়া–বঙালীৰ এনে ককটেলেৰে এখন সমাজৰ সমন্বয় সাধন কৰা যে সম্ভৱ নহয় সেই কথা সকলোৱে জানে। কিন্তু ইয়াক কিছুমান উৰ্বৰ মস্তিষ্কৰ নৌটংকী বুলিও ভবা অনুচিত। বিভেদকামী শক্তিবোৰে কেতিয়াও সমাজৰ প্ৰকৃত সমন্বয় নিবিচাৰে। তেওঁ লোকে উচ্চ পৰ্যায়ত হিন্দু –মুছলমানৰ বিভেদৰ কথা কৈ তাক ঢাকিবলৈ এনে কিছুমান প্ৰতীকী সম্প্ৰীতিৰ ওকালতি কৰিব পাৰে। বিজেপি – আৰু এছ এছে আজি হিন্দু সমাজৰ যি সমন্বয়ৰ কথা কৈছে তাত ব্ৰাহ্মণ্যবাদ, জাতিভেদ নিৰ্মূলৰ কথা নাই, জাতীয় বৈশিষ্ট্য ৰক্ষা কৰি জাতিয়ে জাতিয়ে সেতু বন্ধনৰ কথা নাই। জাতি–সংস্কৃতি–ধৰ্ম–ভৌগোলিকতাৰ ব্যৱধান সত্ত্বেও মানুহৰ যে এক উমৈহতীয়া পৰিচয় আছে , তেওঁ লোক যে একে কিছুমান মানবীয় প্ৰমূল্যৰে অংশীদাৰ সেই কথা হিন্দু সাম্প্ৰদায়িকতাবাদী আৰু জাত্যাভিমানীসকলে স্বীকাৰ কৰিব নোখোজে। তেওঁ লোকে ভাৰতীয় আৰু হিন্দুসকলৰ মাজত এনে ধৰণৰ এক সমন্বয় বিচাৰে যত ব্ৰাহ্মণ্যবাদ,জাতিবাদৰ অগণতান্ত্ৰিকতা স্বাভাৱিক বুলি গণ্য হৈ থাকে,মাত্ৰ তাৰ কদৰ্যতা অস্বাভাৱিক বা ব্যতিক্ৰম বুলি মানুহৰ ধাৰণা হয়। তাৰ বাবে তেওঁ লোকে এনে কিছুমান সম্প্ৰীতিৰ আখৰা কৰি থাকিব। বিজেপি – আৰ এছ এছৰ এই থেচিচৰ কথা নজনাকৈ প্ৰাঞ্জল শইকীয়া, অনুৰাধা শৰ্মা পূজাৰীৰ দৰে লোকক ব্যক্তিগত আক্ৰমণ কৰি থাকিলে অসমীয়াৰ একো লাভ নহ‘ব।