নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ভাৰতৰ বিকৃত মানচিত্ৰৰ ছবি পোষ্ট! কেন্দ্ৰৰ ৰোষত হোৱাটছএপ

WhatsApp for incorrect India map জম্মু আৰু কাশ্মীৰ, লাডাখক ভাৰতৰ মানচিত্ৰৰ পৰা বাদ দিয়া হৈছে। আনকি চীনৰ দ্বাৰা অধিকৃত বহুতো ভাৰতীয় ভূখণ্ডও মানচিত্ৰত নাই। হোৱাটছএপে ইয়াৰ টুইটাৰ হেণ্ডেলত এনে ধৰণৰ বিকৃত মানচিত্ৰ পোষ্ট কৰিছিল। এই সন্দৰ্ভত কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁ হোৱাটছএপৰ মূল কোম্পানী মেটাক এই ভুলটো শীঘ্ৰে সংশোধন কৰিবলৈ নিৰ্দেশ দিছে।

দৰাচলতে, হোৱাটছএপে বিদায়ী বৰ্ষৰ দিনটোত নতুন বছৰক স্বাগতম জনাই ব্যৱহাৰকাৰীসকললৈ এটা বাৰ্তা পোষ্ট কৰিছিল। তাত পোষ্ট কৰা ভাৰতৰ মানচিত্ৰখন আছিল বিতৰ্কিত। মানচিত্ৰখনত জম্মু আৰু কাশ্মীৰৰ এক বৃহৎ অংশ অৰ্থাৎ পাক অধিকৃত কাশ্মীৰক ভাৰতৰ অংশ হিচাপে দেখুওৱা হোৱা নাই। আনকি ভাৰতৰ কিছুমান অঞ্চল যিবোৰ চীনা দখলত আছে সেইবোৰো ভাৰতৰ অংশ হিচাপে দেখুওৱা হোৱা নাই।

এই মানচিত্ৰখন পোষ্ট কৰাৰ পিছতে হোৱাটছএপে নেটিজেনসকলৰ ক্ষোভৰ সন্মুখীন হয়। বহুতেই সামাজিক মাধ্যমক ভুলটো সংশোধন কৰিবলৈ পৰামৰ্শ দিয়ে।

কেইঘণ্টামানৰ ভিতৰতে বিষয়টো কেন্দ্ৰীয় তথ্য প্ৰযুক্তি মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰৰ দৃষ্টিগোচৰ হয়। লগে লগে টুইট কৰি তেওঁ কয়, “হোৱাটছএপ কৰ্তৃপক্ষক মোৰ অনুৰোধ হৈছে যিমান সম্ভৱ সোনকালে এই ভুলটো সংশোধন কৰক।‘’

তাৰ পিছতে তেওঁ সতৰ্ক কৰি দ কয়, “যিবোৰ কোম্পানীয়ে ভাৰতত ব্যৱসায় কৰি আছে বা তেওঁলোকৰ ব্যৱসায় যদি অব্যাহত ৰাখিব বিচাৰে, তেন্তে তেওঁলোকে সঠিক মানচিত্ৰ ব্যৱহাৰ কৰিবই লাগিব।‘’ মন্ত্ৰীজনৰ বাৰ্তাৰ পিছতে হোৱাটছএপে টুইটটো ডিলিট কৰে।

উল্লেখ্য যে প্ৰথমবাৰৰ বাবে এনে ঘটনা ঘটা নাই। পূৰ্বেও ভাৰতৰ এনে এক বিতৰ্কিত মানচিত্ৰ ব্যৱহাৰক লৈ কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংগঠন বিতৰ্কত লিপ্ত হৈছিল। তাৰে আটাইতকৈ শেহতীয়া উদাহৰণ হৈছে বিশ্ব স্বাস্থ্য সংস্থা। বিশ্ব স্বাস্থ্য সংস্থাই কোভিডৰ প্ৰভাৱ বৰ্ণনা কৰিবলৈ এনে এক বিতৰ্কিত মানচিত্ৰৰ এখন ছবিও পোষ্ট কৰিছিল। আনকি সেই মানচিত্ৰতো কাশ্মীৰক ভাৰতৰ অংশ হিচাপে দেখুওৱা হোৱা নাছিল।