FIRST female referee: ইটালীৰ ফুটবলত প্ৰথম মহিলা ৰেফাৰী; ইতিহাস গঢ়িবলৈ আগবাঢ়িছে মাৰিয়া

FIRST female referee ৰেফাৰী মাৰিয়া চ’লে ফেৰৰিয়াৰি কাপুটি ইতিহাস গঢ়িবলৈ আগবাঢ়িছে। প্ৰথমবাৰৰ বাবে ইতিহাস গঢ়ি ইটালীৰ ফুটবলত কাপুটিয়ে চিৰি এৰ ২০২২-২৩ ছিজনৰ খেল পৰিচালনা কৰিব।

শুকুৰবাৰে কাপুটিয়ে ইটালীৰ শীৰ্ষ লীগৰ ৰেফাৰি পুলত স্থান লাভ কৰে। ইয়াৰ জৰিয়তে প্ৰথমবাৰৰ বাবে তেওঁ ইতিহাস ৰচনা কৰিবলৈ আগবাঢ়িছে।

যোৱা বছৰ তেওঁ প্ৰথম মহিলা ৰেফাৰী হিচাপে ইটালিয়ান কাপৰ এখন মেচ পৰিচালনা কৰিছিল। এইবাৰ ৩১ বছৰীয়া কাপুটিয়ে আৰু বৃহৎ পৰিসৰত কাম কৰাৰ সুযোগ পাইছে।

ৰেফাৰী হিচাপে কাপুটিৰ কেৰিয়াৰ ২০০৭ চনত প্ৰাদেশিক আৰু এঞ্চালিগ লীগত আৰম্ভ হৈছিল। ২০১৫ চনত তেওঁ চিৰি ডিত ৰেফাৰী হিচাপে দায়িত্ব পালন কৰিছিল। ২০২০ চনত তেওঁ চিৰি চিত খেল পৰিচালনা কৰিছিল।

একে বছৰতে  চিৰি বি-ৰ এখন খেলতো কাপুটি ৰেফাৰী আছিল। তেওঁ মহিলা ইউৰোপিয়ান চেম্পিয়নশ্বিপৰ যোগ্যতা অৰ্জনকাৰী পৰ্যায়ৰ দুখন খেলো পৰিচালনা কৰিছিল।