• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰ্মান্তিক! কেলাব্ৰিয়া উপকূলত নাও ডুবি ১২ শিশুসহ ৫৯ গৰাকী প্ৰব্ৰজনকাৰীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2023 11:08 am
60 migrant killed in Italy
132
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ ইটালীৰ কেলাব্ৰিয়া উপকূলত সংঘটিত এক ভয়ংকৰ নাও দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ১২ শিশুসহ প্ৰায় ৫৯ গৰাকী প্ৰব্ৰজনকাৰীয়ে। এই ভয়ংকৰ দুৰ্ঘটনাত আৰু বহুকেইগৰাকী যাত্ৰী সন্ধানহীন হোৱাৰ আশংকা কৰা হৈছে।

কেলাব্ৰিয়া অঞ্চলৰ উপকূলীয় চহৰ ক্ৰ’টনৰ ওচৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় নাওখন। দুৰ্ঘটনাত প্ৰাণৰক্ষা পৰা একাংশ যাত্ৰীৰ মতে, নাওখনত প্ৰায় ২০০ গৰাকী লোক আছিল।

উপকূলৰক্ষী বাহিনীয়ে জানিবলৈ দিয়া মতে, ঘটনাৰ পাছতে চলোৱা উদ্ধাৰ অভিযানত ৮০ গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা কিছু লোক দুৰ্ঘটনাৰ পাছতে সাতুঁৰি নিজেই পাৰত উপনীত হ’বলৈ সক্ষম হয় বুলি উপকূলৰক্ষী বাহিনীয়ে লগতে কয়।

ইফালে ঘটনাৰ পিছতে ইটালীৰ গৃহ মন্ত্ৰী মেটিঅ’ পিয়ান্টেড’ছিয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে। দুৰ্ঘটনাত পতিত নাওখনৰ প্ৰায় ৩০ গৰাকী যাত্ৰী এতিয়াও নিৰুদ্দেশ হৈ থাকিব পাৰে বুলি তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

ইটালীৰ এক স্থানীয় সংবাদ সংস্থা আনছা- ই প্ৰকাশ কৰা বাতৰি অনুসৰি, দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত মাত্ৰ কেইমাহমান বয়সৰ এক শিশুও আছে।

ইফালে উদ্ধাৰ অভিযানত ভাগ লোৱা উদ্ধাৰকাৰীসকলে সংবাদ সংস্থা এ এফ পি- ক জানিবলৈ দিয়া মতে, নাওখনত কিমানসংখ্যক যাত্ৰী আছিল সেয়া স্পষ্ট নহয়।

দুৰ্ঘটনাগ্ৰস্ত নাওখনত ২০০তকৈ অধিক লোক আছিল বুলি সন্দেহ কৰা হৈছে। সেই অনুসৰি ৬০ গৰাকীতকৈ অধিক লোক সন্ধানহীন হোৱাৰ আশংকা প্ৰকাশ কৰে উদ্ধাৰকাৰীসকলে।

কেইবাদিনো পূৰ্বে তুৰস্কৰ পৰা যাত্ৰা কৰা এই নাওখনত আফগানিস্তান, পাকিস্তান, ছোমালিয়া আৰু ইৰাণৰ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। প্ৰতিকূল বতৰৰ বাবে সাগৰৰ তলৰ শিলত খুন্দা খোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

Recent News

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ঘোষণা হ’ল ২০২৫ ৰ চিবিএছই দ্বাদশ শ্ৰেণীৰ ফলাফল: ৮৮.৩৯% উত্তীৰ্ণৰ হাৰ, ল’ৰাক পুনৰ অতিক্ৰম কৰিলে ছোৱালীয়ে

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ভুৱা এক্স একাউণ্ট সন্দৰ্ভত চৰকাৰৰ সতৰ্কবাণী! আনুষ্ঠানিক এক্স একাউণ্ট নই ব্যোমিকা সিং আৰু ছফিয়া কুৰেশীৰ

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

ঘন জংঘলত চলোৱা হৈছিল ‘অপাৰেচন সংকল্প’; ছত্তীশগড়-তেলেংগানা সীমান্তত নিহত ৩১মাওবাদী

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd