৬ জনকৈ সতীৰ্থ জোৱানক গুলীয়াই হত্যা কৰি আত্মহত্যা আই টি বি পি জোৱানৰ

আত্মহত্যা

প্ৰতিনিধিত্বমূলক ফটো

চত্তিছগড়ৰ ভাৰত-তিব্বত সীমান্ত আৰক্ষী (আই টি বি পি)ৰ ছাউনীত আজি সংঘটিত এক ভয়ংকৰ ঘটনাই সমগ্ৰ অঞ্চলটো জোকাৰি যায়।

জানিব পৰা মতে আই টি বি পিৰ এজন জোৱানে আজি প্ৰায় ৯ বজাত সতীৰ্থ ৬ জনকৈ জোৱানক গুলীয়াই হত্যা কৰি নিজেও আত্মহত্যা কৰে।  এই আক্ৰমণত আন দুজন জোৱান গুৰুতৰভাৱে আহত হয়।

ৰাজ্যখনৰ ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত নাৰায়ণপুৰ জিলাৰ কাডেন সেনা ছাউনীত এই ভয়ংকৰ ঘটনাটো সংঘটিত হয়।

পিছত ঘটনাস্থলীত আৰক্ষী, আই টি বি পিৰ শীৰ্ষ বিষয়া উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত কৰে।

আন এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি জোৱানজনে সাময়িক ছুটী নোপোৱাৰ বাবেই মানসিক ভাৰসাম্য হেৰুৱাই এনেদৰে সতীৰ্থক গুলীওৱাৰ লগতে নিজেও আত্মহত্যা কৰে।

বাতৰি লিখা পৰলৈকে সেনা জোৱানকেইজনৰ নাম জানিব পৰা হোৱা নাই।