Assam by-election: উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ ‘ক্লীন ছুইপ’, ধৰাশায়ী বিৰোধী

Assam by-election

অসম বিধানসভাৰ উপ–নিৰ্বাচনত ক্লীন ছুইপ কৰিছে বিজেপি মিত্ৰজোঁটে। আজি ঘোষিত পাঁচটা সমষ্টিৰ ভোট গণনাৰ ফলাফলত বিৰোধীক ধৰাশায়ী কৰি আটাইকেইটা সমষ্টিতে জয়ৰ হাঁহি মাৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে।

থাওৰা সমষ্টিৰ পৰা জয়লাভ কৰিছে ন-বিজেপি সুশান্ত বৰগোহাঁয়ে। ৩০,৫৬১টা ভোটৰ ব্যৱধানত জয়ী হয় সুশান্ত বৰগোহাঁই। বৰগোঁহায়ে লাভ কৰে ৫৪,৯৫৬টা ভোট। দ্বিতীয় স্থানত থকা ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰে লাভ কৰে ২৪,৩৯৫টা ভোট।

আনহাতে মৰিয়নী সমষ্টিৰ পৰা বিজয়ী হৈছে আন এজন ন-বিজেপী ৰূপজ্যোতি কুৰ্মী। কুৰ্মীয়ে নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী লোহিত কোঁৱৰক ৪০,০১৫টা ভোটত পৰাস্ত কৰে। ৰাইজৰ দলৰ সঞ্জীৱ গগৈয়ে লাভ কৰে ১৫,১৪৯ টা ভোট।

সেইদৰে বিজেপি মিত্ৰজোঁটৰ দল ইউপিপিএলৰ প্ৰাৰ্থী জিৰন বসুমতাৰীয়ে কংগ্ৰেছ প্ৰাৰ্থী জুৱেল টুডুক ২৮,২৫২ টা পৰাস্ত কৰে গোঁসাইগাঁও সমষ্টিত।

ভৱানীপুৰ সমষ্টিৰ পৰা জয়ী হৈছে বিজেপি প্ৰাৰ্থী ফণীধৰ তালুকদাৰ। বিজেপি প্ৰাৰ্থীজনে কংগ্ৰেছৰ শৈলেন্দ্ৰনাথ দাসক ২৫,৬৪১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে।

আনহাতে বৰ্তমান ভোটগণনা চলি থকা তামুলপুৰ সমষ্টিতো নিশ্চিত জয়ৰ দিশে মিত্ৰজোঁটৰ প্ৰাৰ্থী। ইউপিপিএলৰ প্ৰাৰ্থী জলেন দৈমাৰী এই পৰ্যন্ত ৫৪ হাজাৰ ভোটৰ অগ্ৰগতি লাভ কৰিছে।