নীতিশ কুমাৰৰ পদত্যাগ: নতুন সিদ্ধান্তৰ পূৰ্বে সাক্ষাৎ লালুপুত্ৰ তেজস্বীক
অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। কিছু সময় পূৰ্বে ৰাজভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিছে কুমাৰে।
বিজেপিৰ সৈতে শেহতীয়া বিবাদৰ পিছত মিত্ৰতা ত্যাগ কৰি এক নতুন চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে জেডিইউ নেতাগৰাকী।
পুৰণি স্মৃতি পৰিহাৰ কৰি নীতিশ কুমাৰে এইবাৰ পুনৰ লগ লাগিছে লালু প্ৰসাদ যাদৱৰ আৰজেডি আৰু কংগ্ৰেছৰ সৈতে। ইতিমধ্যে পদত্যাগৰ পিছতে কুমাৰে এই সন্দৰ্ভত আলোচনাৰ বাবে তেজস্বী যাদৱক সাক্ষাৎ কৰিছে।
জানিব পৰা মতে মুখ্যমন্ত্ৰী হিচাপে নতুন কাৰ্যকাল বিচাৰি বিৰোধী নেতা তেজস্বী যাদৱৰ সৈতে কুমাৰে কিছুসময়ৰ পাছতে দ্বিতীয়বাৰৰ বাবে ৰাজ্যপালক সাক্ষাৎ কৰিব।
এই নতুন মিত্ৰজোঁটত কংগ্ৰেছেও যোগদান কৰিব বুলি জানিব পৰা গৈছে।আনহাতে সূত্ৰ অনুসৰি এই নতুন চৰকাৰত তেজস্বী যাদৱক উপ-মুখ্যমন্ত্ৰীৰ পদ দিয়া হ’ব বুলি জানিব পৰা গৈছে।
ইফালে প্ৰকাশিত খবৰ অনুসৰি বিহাৰত এই ৰাজনৈতিক পতনৰ পিছতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আলোচনাৰ বাবে পাটনাত উপস্থিত হৈছে। তেওঁলোকৰ ভিতৰত সুশীল কুমাৰ মোডী আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদৰ নাম সমুখলৈ আহিছে।
উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে জনতা দল (ইউনাইটেড)ক বিভক্ত কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ তুলি নীতিশ কুমাৰে শেহতীয়াকৈ বিজেপিৰ সংগ ত্যাগ কৰাৰ ইংগিত দিছিল।
লগতে শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিয়েও নীতিশ কুমাৰক বিজেপিৰ ৰাজনৈতিক পৰিকল্পনাৰ কথা চিন্তা কৰিবলৈ বাধ্য কৰিছিল।
অৱশেষত ইয়াৰ সতৰ্কতামূলক ব্যৱস্থা হিচাপেই বিজেপিৰে সম্পৰ্ক ছিন্ন কৰাৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰি কুমাৰে আৰজেডিৰ বাবে মিত্ৰতাৰ দুৱাৰ মুকলি কৰি দিয়ে।