আইভৰি কোষ্টত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন ফাৰ্ষ্ট লেডী ছিমিয়নে বাগবোৱে। ‘লৌহ মানৱী’ (আইৰন লেডী) নামেৰে পৰিচিত এই ৭৬ বছৰীয়া বিতৰ্কিত মহিলা নেত্ৰীগৰাকীয়ে এবাৰ প্ৰাক্তন স্বামীৰ সৈতে পলায়ন কৰি বাংকাৰত আশ্ৰয় লৈছিল। জেলো খাটিবলগীয়া হৈছিল।
এই সকলোবোৰৰ পিছতো তেওঁৰ স্বামীৰ সৈতে বিচ্ছেদ ঘটে। বিচ্ছেদৰ পিছত তেওঁ নতুন দল গঠন কৰে। আগন্তুক ২৫ অক্টোবৰৰ নিৰ্বাচনত বৰ্তমানৰ ৰাষ্ট্ৰপতি আলাছানে অউয়াটাৰাৰ মূল প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে ছিমিয়নেক।
২০০০ চনৰ পৰা ২০১১ চনলৈকে ছিমিওনে বাগবোৰ প্ৰাক্তন স্বামী লৰেণ্ট বাগবো ৰাষ্ট্ৰপতি আছিল। তেতিয়াৰ পৰাই ছিমিয়নে কঠোৰ ব্যক্তিত্বৰ বাবে ‘আইৰন লেডী’ নামেৰে পৰিচিত হৈ আহিছে। যদিও তেওঁৰ সমৰ্থকসকলে তেওঁক ‘দয়ালু’ বুলি কয়, আন কিছুমানে তেওঁক ভয়ংকৰ কৰ্তৃত্বৰ প্ৰতীক বুলি গণ্য কৰে।
ছিমিয়নে সত্তৰৰ দশকত শিক্ষকতা কৰিছিল। ইতিহাস আৰু ভাষাবিজ্ঞানৰ ডিগ্ৰীধাৰী এইগৰাকী মহিলাই দেশৰ শ্ৰমিক আন্দোলনত সক্ৰিয় আছিল। তেনেকৈয়ে তেওঁ লৰেণ্টক লগ পাইছিল। তেতিয়াৰ ৰাষ্ট্ৰপতি ফেলিক্স হাউফ’ৱেট-বয়নিৰ একনায়কত্ববাদৰ বিৰুদ্ধে যুঁজি থকাৰ সময়ত তেওঁলোকক কেইবাবাৰো কাৰাগাৰত ভৰোৱা হৈছিল।
১৯৮২ চনত ছিমিয়নে আৰু লৰেণ্ট বাগবোৱে আইভৰিয়ান পপুলাৰ ফ্ৰণ্ট (এফ পি আই) নামৰ এটা দল গঠন কৰে। ২০০০ চনত যেতিয়া লৰেণ্ট বাগবো ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়, তেতিয়া ছিমিয়নে ৰাষ্ট্ৰ ক্ষমতাৰ অদৃশ্য নিয়ন্ত্ৰক হৈ পৰে।
বাগবো দম্পতীৰ শাসন কালত দেশত বিভাজনৰ সৃষ্টি হ’বলৈ ধৰে। গৃহযুদ্ধ আৰম্ভ হয়। ছিমিয়নেৰ প্ৰভাৱ সকলোতে স্পষ্ট আছিল – বিদ্ৰোহীক দমন কৰা, নিৰ্বাচনী প্ৰৱঞ্চনা, বিৰোধীক দমন কৰা আদি। লৰেণ্ট বাগবোৱে ক্ষমতা দখল কৰিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰিছিল। বিভিন্ন অজুহাতত নিৰ্বাচন স্থগিত ৰখাৰ পিছত ২০১০ চনত তেওঁ নিৰ্বাচন অনুষ্ঠিত কৰে। যেতিয়া তেওঁ পৰাজিত হৈও ক্ষমতা ত্যাগ কৰিবলৈ অস্বীকাৰ কৰিলে, তেতিয়াই এক ভয়ানক সংঘাত আৰম্ভ হয়। তাত তিনি হাজাৰ লোকে প্ৰাণ হেৰুৱায়।
যেতিয়া অউয়াটাৰাৰ সমৰ্থকে ৰাষ্ট্ৰপতি ভৱন ঘেৰি ধৰিলে, তেতিয়া ছিমিয়নে স্বামীৰ সৈতে বাংকাৰত আশ্ৰয় লয়। তাৰ পৰাই তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। পিছত ছিমিয়নেক ২০ বছৰৰ কাৰাদণ্ড বিহা হয়। কিন্তু ২০১৩ চনত ৰাষ্ট্ৰপতি অউয়াটাৰাই তেওঁক জাতীয় ঐক্যৰ স্বাৰ্থত সাধাৰণ ক্ষমা প্ৰদান কৰে।
২০১২ চনত বাগবো দম্পতীৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতে গৃহযুদ্ধৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ উত্থাপন কৰিছিল। যদিও ছিমিয়নেৰ বিৰুদ্ধে থকা অভিযোগ উঠাই লোৱা হৈছিল, তথাপিও লৰেন্টে নেদাৰলেণ্ডৰ হেগৰ এই আদালতৰ জিম্মাত সাত বছৰ কটাবলগীয়া হৈছিল। ২০২১ চনত লৰেন্টে দেশলৈ উভতি অহাৰ লগে লগে ছিমিয়নৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ কথা ঘোষণা কৰে।
বিচ্ছেদৰ পিছতো ছিমিয়নে হাৰ নামানিলে। নিজাকৈ ৰাজনৈতিক দল গঠনৰ কাম আৰম্ভ কৰিলে। প্ৰাক্তন স্বামীৰ দল এফ পি আইৰ পৰা বিচ্ছিন্ন হৈ মুভমেণ্ট অৱ কেপেবল জেনেৰেচনছ (এম জি চি) নামৰ এটা নতুন দল গঠন কৰে। এইবাৰ সেই দলৰ পৰাই তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।
অৱশ্যে তেওঁক যিহেতু অপৰাধমূলক গোচৰত দোষী সাব্যস্ত কৰা হৈছে, সেয়েহে এইবাৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব লৰেন্ট বাগবোৱে। অনুমান কৰা হৈছে যে ছিমিয়নে তেওঁৰ প্ৰাক্তন স্বামীৰ সমৰ্থকৰ ভোটৰ এক বৃহৎ অংশ লাভ কৰিব পাৰে। যদিহে তেওঁ জয়ী হয় তেন্তে তেওঁ হ’ব আইভৰি কোষ্টৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি।