আগিয়াৰ যোগেন্দ্ৰ নাথ মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদ্‌যাপন

গোৱালপাৰা জিলাৰ আগিয়াৰ অন্যতম লেখত ল’বলগীয়া শিক্ষানুষ্ঠান যোগেন্দ্ৰ নাথ মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৭৪ বছৰীয়া গৌৰৱময় যাত্ৰা অতিক্ৰম কৰি ৭৫ বছৰত ভৰি দিয়া উপলক্ষ্যে মহাৰজত জয়ন্তী বৰ্ষ উদ্‌যাপন কৰা হৈছে।

এই উপলক্ষ্যে বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত বিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ উন্নীতকৰণৰ শুভাৰম্ভ কৰি ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভাই ১৫ লাখ টকাৰ আৰ্থিক অনুদান দিয়াৰ কথা ঘোষণা কৰে।

ৰাভাই ভাষণ প্ৰসংগত কয় বিগত সময়ছোৱাত বিদ্যালয়খনে জিলাখনৰ ভিতৰতে গুণগত মানৰ শিক্ষাদান কৰিবলৈ সক্ষম হৈছে ।

এই ধাৰা অব্যাহত ৰাখি নতুন শিক্ষানীতি-২০২০ বিদ্যালয়খনে যথাযথভাৱে ৰূপায়ণ কৰিব পাৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানৰ আৰম্ভনিতে বিদ্যালয়ৰ পতাকাৰ লগতে মহাৰজত জয়ন্তী বৰ্ষৰ ৭৫ খন পতাকা অঞ্চলৰ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা বিশিষ্ট ব্যক্তি সকলে উত্তোলন কৰে।

প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে পৰিবেশন কৰে মহাৰজত জয়ন্তী বৰ্ষৰ সমবেত সংগীত ।

ছাত্ৰ-ছাত্ৰীৰ মাৰ্চ পাষ্ট আৰু অভিবাদন গ্ৰহন কৰি উদ্‌যাপন সমিতিৰ সভাপতি হেমেন ৰায়ে ভাষণ প্ৰসংগত কয় ১৯৪৮ চনত ১৮ মাৰ্চত স্থাপিত শিক্ষানুষ্ঠানখনে দীঘলীয়া পৰিক্ৰমাৰ অন্তত মানৱ সম্পদ গঢ় দি অঞ্চল তথা জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

এই ছেগতে তেখেতে বিদ্যালয়খন প্ৰতিষ্ঠা কৰা মহান ব্যক্তিসকলক স্মৰণ কৰে ।

গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডিয়ে বৃক্ষৰোপন কৰাৰ পিছত অধ্যক্ষ আব্দুল হকে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে ।

বিদ্যালয়ৰ ৱেবছাইট মুকলি কৰে গোৱালপাৰা জিলাৰ উপায়ুক্ত মিনাক্ষী দাস নাথে ।

স্মৃতিচাৰণ সভাত বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জয়চন্দ্ৰ নাথে ভাষণ প্ৰসংগত আজিৰ দিনটো বিদ্যালয়খনৰ বাবে অতি সুখকৰ-আনন্দময় দিন বুলি অভিহিত কৰে ।

সভাত বঙাইগাওঁ শোধানাগাৰৰ মহা প্ৰবন্ধক তথা বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ সুভাষ চন্দ্ৰ ৰাভায়ো সাৰুৱা বক্তব্য আগবঢ়ায়।