‘প্ৰিয়ংকা চোপ্ৰাৰ ঘৰত’ উঠিল জেকুলিন, কথাটো কি?

Jaculine-prianka

বিয়া বাৰু কৰাই আমেৰিকাত সংসাৰ পাতিছে বলীউদৰ মোহময়ী অভিনেত্ৰী তথা প্ৰাক্তন বিশ্ব সুন্দৰী প্ৰিয়ংকা চোপ্ৰাই। বিয়াৰ পাছতে মুম্বাইৰ সেই ঘৰটো বিক্ৰী কৰি দিছে প্ৰিয়ংকাই।

এইবাৰ প্ৰিয়ংকাৰ সেই ঘৰটোত গৈ উঠিছে বলীউদৰ আন এগৰাকী সুন্দৰী অভিনেত্ৰী জেকুলিন ফাৰ্ণাণ্ডেজ।

প্ৰেমিক সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে এই ভাড়া ঘৰটোতেই থাকিব জেকুলিন।

বাতৰি অনুসৰি, জুহুৰ প্ৰিয়ংকাৰ ঠিকনা হৈ উঠা সেই ঘৰটোতে থাকিব জেকুলিন। এই ঘৰটোৱে প্ৰিয়ংকা-নিকৰ বিয়াৰ সময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

ঘৰটোত ৫টাকৈ বেডৰুম থকাৰ লগতে এটা ডাঙৰ বেলকনিও আছে।

বিয়াৰ পাছত প্ৰয়োজন নথকাৰ বাবে সেই ঘৰটো বিক্ৰী কৰি দিছে প্ৰিয়ংকাই। বৰ্তমান দেশী গাৰ্ল প্ৰিয়ংকা আহিলে মুম্বাইৰ ইয়াৰি ৰোডত থকা মাক মধু চোপ্ৰা আৰু ভাতং সিদ্ধাৰ্থ চোপ্ৰাৰ ঘৰতে থাকে।

প্ৰিয়ংকাৰ সেই বিলাসবহুল ঘৰটো ৭কোটি টকাত বিক্ৰী কৰি দিয়া হৈছিল। জেকুলিনে ঘৰটো নতুন মালিকৰ পৰা ভাড়াত লৈছে। ইয়াতেই জেকুলিনে নিজৰ সংসাৰ আৰম্ভ কৰিব বিচাৰিছে।

জেকুলিনে বৰ্তমান ‘ভূত পুলিচ’ক লৈ ব্যস্ত আছে। ছবিখনত জেকুলিনৰ উপৰি আছে ছইফ আলী খান, অৰ্জুন কাপুৰ আৰু য়ামি গৌতম।