৯ মাহৰ পিছত আজি খুলিব জগন্নাথ মন্দিৰ, কেতিয়া আৰু কেনেদৰে দৰ্শন কৰিব পাৰিব জানক

ওড়িশাৰ পুৰী চহৰত অৱস্থিত বিখ্যাত জগন্নাথ মন্দিৰৰ দুৱাৰ আজিৰ পৰা ভক্তসকলৰ বাবে খোলা হ’ব। ন মাহ পিছত মন্দিৰটো ভক্তৰ বাবে খোলা হ’ব।

ক’ৰ’না ভাইৰাছৰ বাবে মাৰ্চ মাহত সকলো তীৰ্থস্থান বন্ধ কৰা হৈছিল। অৱশ্যে, মন্দিৰটো এতিয়া প্ৰণালীবদ্ধভাৱে পুনৰ খোলা হ’ব।

উল্লেখ্য যে জগন্নাথ মন্দিৰৰ পুৰোহিতসকলৰ সৰ্বোচ্চ সংস্থাটোৱে ১২শ শতিকাৰ মন্দিৰটো পুনৰ খোলাৰ পৰামৰ্শ দি ৰাজ্য চৰকাৰলৈ এটা প্ৰস্তাৱ প্ৰেৰণ কৰিছিল।

ইয়াৰ পিছত এই সিদ্ধান্ত লোৱা হয়।

ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰক্ৰিয়া (এছ.ও.পি.) অনুসৰি, তাত কৰ্মৰত আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে আৰম্ভণিৰ তিনিদিনত পবিত্ৰ ত্ৰিমূৰ্তি দৰ্শন কৰিব পাৰিব।

এই সময়ত কোনো বাহিৰা লোক যাতে মন্দিৰৰ প্ৰাংগণত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হ’ব।

ইফালে পুৰীবাসীয়ে ২৬ৰ পৰা ৩১ ডিচেম্বৰলৈ অৰ্থাৎ দ্বিতীয় পৰ্যায়ত মন্দিৰ দৰ্শনৰ সুযোগ লাভ কৰিব।

পুৰীৰ কালেক্টৰ বলৱন্ত সিঙে কয় যে ৰাজ্য আৰু ৰাজ্যৰ বাহিৰৰ পৰা অহা ভক্তসকলে ৩ জানুৱাৰী, ২০২১ৰ পৰা মন্দিৰ দৰ্শন কৰিব পাৰিব।

প্ৰয়োজনীয় ফটো আইডিৰ সৈতে ভক্তসকলে মন্দিৰত প্ৰৱেশ কৰিবলৈ ক’ভিড-১৯ নিগেটিভ প্ৰমাণপত্ৰ আনিব লাগিব।

জ্যেষ্ঠ নাগৰিকসকলৰ বাবে কোনো বিশেষ ব্যৱস্থা নাথাকে কিয়নো ৬৫ বছৰ আৰু অধিক বয়সৰ লোক আৰু শিশুসকলক দৰ্শনৰ বাবে নাহিবলৈ কোৱা হৈছে।