NORTHEAST NOW (Assamese)

বৰপেটা জেইলত কয়দীৰ আত্মহত্যা :পৰিয়ালৰ লোকৰ অভিযোগ এয়া আত্মহত্যা নহয়

December 10, 2019 3:00 pm · পুলেন্দ্র দাস
Updated: December 10, 2019 3:08 pm
বৰপেটাৰ জেইলত আত্মহত্যা কৰা কয়েদী সমৰ আৰ্য। ফটো: নৰ্থইষ্ট নাও

হত্যাৰ চেষ্টা কৰাৰ অপৰাধত বৰপেটা জেইলত কাৰাবন্দী হৈ থকা এগৰাকী কয়দীয়ে আজি আত্মহত্যা কৰে ৷

আত্মহত্যা কৰা লোকজন জিলাখনৰ বৰপেটাৰোডৰ শিমলাগুৰিৰ মনীন্দ্ৰ আৰ্যৰ পুত্ৰ সমৰ আৰ্য(৩৯) ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে আজি পুৱা ৯ বজাত বৰপেটা জেইলৰ ভিতৰত কয়দীসকলৰ গণনা কৰি থকা অৱস্থাত সমৰ আৰ্য নামৰ কয়দীজন বাথৰুমলৈ যায় আৰু বাথৰুমৰ ভিতৰতে নিজৰ কাপোৰেৰে চিপলৈ আত্মহত্যা কৰে ৷

যোৱা ৪ ডিচেম্বৰত সমৰ আৰ্যই বৰপেটাৰোডৰ কলহভাঙাৰ যুৱ ব্যৱসায়ী ৰাজদ্বীপ সুত্ৰধৰক চুৰিৰে হানি হত্যা কৰাৰ অভিযোগত কাৰাৰুদ্ধ হৈ আছিল ৷

আজি পুৱাৰ ভাগত কয়দীজনে আত্মহত্যা কৰাত জেইলৰ ভিতৰত একপ্ৰকাৰ হুৱা দুৱা লাগে ৷

ইপিনে কয়দীজনৰ এই আত্মহত্যাক সহজভাবে মানি লব পৰা নাই পৰিয়ালৰ লোকে ৷ তেওঁলোকে অভিযোগ কৰে এয়া আত্মহত্যা নহয়।

Related News