বুধবাৰে শিৱসাগৰত দেখা গ’ল এক অনন্য দৃশ্য। ৰাইজৰ দলৰ সভাপতি কাৰাৰুদ্ধ অখিল গগৈৰ সমৰ্থনত উলিওৱা বিশাল সমদলত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই মাতৃ প্ৰিয়দা গগৈয়ে।
১০ দিনীয়া নিৰ্বাচনী প্ৰচাৰ সামৰণি পৰা এদিনৰ পূৰ্বে অৰ্থাৎ বুধবাৰে ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সমৰ্থনত বিশাল নিৰ্বাচনী সমদল উলিওৱা হয়।
উক্ত বিশাল নিৰ্বাচনী সমদলত বাৰ্ধক্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা অখিল গগৈৰ আশীৰ্ধোৰ মাতৃ প্ৰিয়দা গগৈয়ে খোলা জীপত উঠি সমষ্টিটো পৰিভ্ৰমণ কৰি অখিল গগৈৰ সমৰ্থকসকলক উৎসাহিত কৰি তোলাৰ লগতে ভোটাৰসকলক অখিল গগৈৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়।
“মই মোৰ ল’ৰাটোৰ বাবে প্ৰচাৰ চলাইছো। মোৰ ল’ৰাটোক মুকলি হোৱা চাব বিচাৰো। মই জানো কেৱল জনতাই মোৰ ল’ৰাক জে’লৰ পৰা মুকলি কৰিব পাৰিব। নিৰ্বাচনত জিকিটোৱেই তেওঁ জে’লৰ পৰা ওলাই অহাৰ প্রথমটো পদক্ষেপ হ’ব।” অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে কয়।
ইফালে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয় যে বিভিন্ন বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত ৮৪ বছৰীয়া ‘মা’এ ৰাইজৰ স্নেহ আৰু আদৰৰ আহ্বান নেওচিব নোৱাৰি অখিল গগৈৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে।
“মা অতি সক্ৰিয় আৰু আমাৰ সকলোৰে বাবে প্ৰেৰণাৰ উৎস। আজি পুৱাৰে পৰা সন্ধিয়ালৈকে শিৱসাগৰ চহৰৰ প্ৰতিটো পথতে পৰিভ্ৰমণ কৰি ভোটাৰক তেওঁৰ পুত্ৰৰ সপক্ষে ভোটদান কৰিবলৈ আহ্বান জনায়। আমি ‘মা’ৰ উৎসাহ আৰু দৃঢ়তা দেখি আচৰিত হৈছো।” ভাস্ক’ ডি শইকীয়াই কয়।
বুধবাৰে ৰাইজৰ দলৰ উদ্যোগত শিৱসাগৰ বিধানসভাৰ সমষ্টিত অখিল গগৈৰ সমৰ্থনত উলিওৱা বিশাল নিৰ্বাচনী সমদলত হাজাৰ হাজাৰ সমৰ্থকে অংশগ্ৰহণ কৰে।
উল্লেখ্য যে আজিৰ এই সমদলত দেশৰ বিশিষ্ট নেত্ৰী মেধা পাটকাৰেও অংশগ্ৰহণ কৰে। নমৰ্দা বচাওঁ আন্দোলনৰ বিশিষ্ট নেত্ৰীগৰাকীয়ে অখিল গগৈক অসমৰ দুৰ্নীতি বিৰোধীৰ একমাত্ৰ বলিষ্ঠ কণ্ঠ বুলি মন্তব্য কৰি অখিল গগৈৰ সপক্ষে ভোটাৰক ভোটদান কৰিবলৈ আহ্বান জনায়।