নীতিশ কুমাৰৰ আহ্বানত অহা ১২ জুনত পাটনাত বিৰোধী দলৰ প্ৰথমখন সন্মিলিত বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকত আপৰ লগতে ২১টা বিৰোধী দলৰ ভিতৰত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ অন্যতম। কিন্তু শেহতীয়াকৈ এই বৈঠকত কংগ্ৰেছে উপস্থিত নাথাকিব পাৰে বুলি সন্দেহৰ সৃষ্টি হৈছিল। এনে পৰিস্থিতিত কংগ্ৰেছে জনাইছে যে তেওঁলোক পাটনাত অনুষ্ঠিত হোৱা বৈঠকত থাকিব।
নীতিশ-তেজস্বীক পূর্বে এই বৈঠক অনুষ্ঠিত কৰাৰ আহ্বান জনাইছিল বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে৷ সেই অনুৰোধ ৰক্ষা কৰি জুন মাহৰ তৃতীয় সপ্তাহত বিহাৰৰ মুখ্যমন্ত্ৰীয়ে এখন বৈঠক আহ্বান কৰে।
এই বৈঠকত জেডিইউ, এনচিপি, আৰজেডি, ডিএমকেকে ধৰি বিৰোধী দলৰ অধিকাংশই উপস্থিত থাকিব। পৰৱর্তী নির্বাচনত বিৰোধী ঐক্যৰ দিশ সেইদিনা নির্ধাৰণ হ’ব বুলি ধাৰণা কৰা হৈছে৷
লগতে পঢ়ক: জুনিয়ৰ এছিয়া কাপ হকীত চেম্পিয়ন ভাৰত; পাকিস্তানক হৰুৱাই অৰ্জন খিতাপ
কিন্তু বৈঠকত কংগ্ৰেছৰ অংশগ্ৰহণক লৈ সন্দেহৰ সৃষ্টি হৈছিল। কিয়নো কংগ্ৰেছৰ টিকটত জয়লাভ কৰি ৩ মাহৰ ভিতৰতে শিবিৰ সলনি কৰিলে পশ্চিমবংগৰ সাগৰদিঘিৰ বিধায়ক বাইৰন বিশ্বাসে।
ইয়াৰ পিছতে জয়ৰাম ৰমেশে টুইটাৰত লিখিছিল, ‘’পশ্চিম বংগত কংগ্ৰেছৰ টিকটত ঐতিহাসিক জয়ৰ মাত্ৰ ৩ মাহৰ পাছতেই বাইৰন বিশ্বাস তৃণমূলৰ প্ৰলোভনত পৰিল। ই সাগৰদিঘী ভোটাৰৰ প্ৰতি সম্পূৰ্ণ প্ৰতাৰণা। ইয়াৰ পূৰ্বে মেঘালয়, ত্ৰিপুৰা, গোৱা আদি কেইবাখনো ৰাজ্যত অনুৰূপ ঘটনা সংঘটিত হৈছে। এনে পদক্ষেপে বিৰোধীৰ ঐক্য শক্তিশালী নকৰে। বৰং ই বিজেপিৰ উদ্দেশ্য পূৰণ কৰে।‘’
এই টুইটৰ পিছতে এই পৰিস্থিতিত কংগ্ৰেছে তৃণমূলৰ উপস্থিতিত বিৰোধী বৈঠকত দৰাচলতে অংশ ল’বনে তাক লৈ আৰম্ভ হয় জল্পনা-কল্পনা। কিন্তু জয়ৰাম ৰমেশে বৃহস্পতিবাৰে কয়, ‘’আমি ১২ জুনৰ বৈঠকত থাকিম। ৰাহুল গান্ধী নাই। দলৰ সভাপতি খাৰ্গেৰো বহু কাৰ্যসূচী আছে। যদি তেওঁলোকে যাব নোৱাৰে তেন্তে আন কোনোবাই যাব।”
লগতে পঢ়ক: দশম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা বাদ পৰিল ‘পিৰিয়ডিক টেবুল’,‘গণতন্ত্ৰৰ অধ্যায়: বিতৰ্কত NCERT
উল্লেখ্য যে ৰাহুল ১০ দিনীয়া ভ্ৰমণত আমেৰিকালৈ গৈছে। এনে পৰিস্থিতিত তেওঁৰ সলনি কোন নেতা বৈঠকত থাকিব সেয়া এতিয়াও জানিব পৰা হোৱা নাই।