পুলৱামাত পুনৰ নিৰাপত্তাৰক্ষীৰ গুলীত দুই সন্ত্ৰাসবাদী সদস্য নিহত

Terrorist killed in Jammu Kashmir

জম্মু-কাশ্মীৰত অব্যাহত থকা সন্ত্ৰাসবাদ নিৰ্মূল অভিযানৰ অংশ হিচাপে পুলৱামা জিলাত এক সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী সদস্যক গুলীয়াই হত্যা কৰে নিৰাপত্তাৰক্ষীয়ে। নিহত সন্ত্ৰাসবাদী দুজনক জৈশ-ই-মহম্মদৰ সদস্য বুলি চিনাক্ত কৰা হৈছে।

কাশ্মীৰ আৰক্ষীৰ ভাষ্য অনুসৰি নিহত সদস্য দুজনৰ ভিতৰত জৈশ-ই-মহম্মদৰ শীৰ্ষ সন্ত্ৰাসবাদী কাইজাৰ কোকাও আছে।

অভিযান সম্পৰ্কে এগৰাকী আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য লাভ কৰাৰ পিছত নিৰাপত্তাৰক্ষী দলটোৱে তালাচী অভিযান আৰম্ভ কৰে আৰু ইয়াৰ পিছত অৱন্তীপোৰা অঞ্চলৰ ৱাণ্ডাকপোৰাত সংঘৰ্ষটো সংঘটিত হয়।

কাশ্মীৰ আৰক্ষীৰ এজন মুখপাত্ৰই এক টুইট যোগে সন্ত্ৰাসবাদী কাইজাৰ কোকাইক হত্যা কৰা হৈছে বুলি উল্লেখ কৰে। নিহত হোৱা দ্বিতীয়জন সন্ত্ৰাসবাদীৰ চিনাক্তকৰণ নিশ্চিত কৰা হৈছে বুলিও তেওঁ সদৰি কৰে।

আনহাতে নিহত দুই সন্ত্ৰাসবাদীৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত ১ টা এম-৪ কাৰ্বাইন ৰাইফল, ১ টা পিষ্টল আৰু আন কিছু বিস্ফোৰক সামগ্ৰী আৰু মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে বুলি টুইটটোত উল্লেখ কৰা হৈছে।

নিহত সন্ত্ৰাসবাদী কোকাক কেইবাটাও সন্ত্ৰাসবাদ-সম্পৰ্কীয় ঘটনাত জড়িত থকাৰ অভিযোগত বিচাৰি থকা হৈছিল বুলি আৰক্ষীৰ শীৰ্ষ বিষয়াজনে কয়।

উল্লেখ্য যে সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত পূৰ্ণোদ্যমে চলি থকা ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযানত ২০২২ বৰ্ষৰ আৰম্ভণিৰ পৰা শতাধিক সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।

কাশ্মীৰৰ আৰক্ষী মহাপৰিদৰ্শক বিজয় কুমাৰে ১৩ জুনত প্ৰকাশ কৰা এক বিবৃতি অনুসৰি চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা ১২ জুনৰ ভিতৰত উপত্যকাটোত ১০০ গৰাকী সন্ত্ৰাসবাদী সদস্য ভাৰতীয় সেনা আৰু কাশ্মীৰ আৰক্ষীৰ অভিযানত নিহত হৈছিল।

এই ১০০ সন্ত্ৰাসবাদীৰ ভিতৰত ২৯ গৰাকী বিদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা সন্ত্ৰাসবাদী সদস্য আৰু আন ৭১ গৰাকী দেশৰ ভিতৰৰে সদস্য বুলি তেওঁ জানিবলৈ দিছিল।

আৰক্ষী বিষয়া গৰাকীৰ তথ্য অনুসৰি নিৰাপত্তাৰক্ষীৰ এই অভিযানৰ সময়ত পাকিস্তানমূলৰ সন্ত্ৰাসবাদী গোট লস্কৰ-ই-তৈবাৰ সৰ্বাধিক ৬৩ জন সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ বিপৰীতে জৈশ-ই-মহম্মদৰ ২৪ জন সদস্য নিহত হৈছিল।

তাৰ পিছতো উপত্যকাটোত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত কেইবাবাৰো সংঘৰ্ঘ সংঘটিত হৈছে আৰু বহুকেইজন সন্ত্ৰাসবাদী সদস্য নিহত হৈছে।