জম্মু-কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষীৰ সন্ত্ৰাসবাদী বিৰোধী অভিযান: জঈছ-ই-মহম্মদৰ সদস্য নিহত

Terrorist killed in Jammu Kashmir

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ক্ৰমাৎ প্ৰতিকূল হৈ পৰিছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি। উপত্যকাটোত নিৰন্তৰভাৱে সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে কঠোৰ হৈ পৰিছে সেনা-আৰক্ষী। বিগত সময়চোৱাত সেনা-আৰক্ষীৰ অভিযানত কেইবাগৰাকীও সন্ত্ৰাসবাদী সদস্য নিহত হৈছে সীমান্তৱৰ্তী উপত্যকাটোত।

সমসাময়িকভাৱে সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষত নিৰাপত্তাৰক্ষী কৰ্মীৰো মৃত্যু ঘটিছে তথা আহত হৈছে। এনে এক অভিযানত সোমবাৰে উপত্যকাটোত পুনৰ এগৰাকী সন্ত্ৰাসবাদী সদস্য নিহত হোৱাৰ বিপৰীতে এগৰাকী সেনা জোৱান আৰু দুগৰাকী সাধাৰণ লোক আহত হয়।

জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ বাটপোৰা নামৰ এখন গাঁৱত এই সংঘৰ্ষ সংঘটিত হৈছিল। নিহত সন্ত্ৰাসবাদী গৰাকীক জঈছ-ই-মহম্মদৰ সদস্য বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

নিৰাপত্তাৰক্ষীয়ে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পিছতে তালাচী অভিযান আৰম্ভ কৰিছিল। গাঁওখনৰ এটা ঘৰত তিনিগৰাকী সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ থকা বুলি নিৰাপত্তাৰক্ষীয়ে সন্দেহ কৰিছিল।

স্থানীয় এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে সন্ত্ৰাসবাদী কেইগৰাকীয়ে নিৰাপত্তা বাহিনীৰ ওপৰত গুলীচালনা কৰাৰ পিছত অভিযানকাৰী দলটোৱেও প্ৰতি আক্ৰমণ কৰে।

সংঘৰ্ষৰ সময়ত আহত হোৱা অসামৰিক ব্যক্তি দুগৰাকী আৰু সেনা জোৱানগৰাকীক তৎকালীনভাৱে চিকিৎসাৰ উদ্দেশ্যে স্থানীয় এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে।