IPL 2024: অন্তিম বলত শ্বাসৰুদ্ধকৰ জয়; অথলে গ’ল ৰিয়ান-যশস্বীৰ বেটিং বিক্ৰম, হায়দৰাবাদৰ হাতত ১ ৰানত পৰাস্ত ৰাজস্থান

ক্ৰিকেট অনিশ্চয়তাৰ খেল। ক্ৰিকেটৰ ধ্ৰুপদী শৈলীৰ অনুৰাগীসকলে অভিযোগ কৰে যে আই পি এলত চাৰি-ছয়ৰ ধামখুমীয়াত বাবে ক্ৰিকেটৰ মানদণ্ড হেৰুৱাইছে। কিন্তু বৃহস্পতিবাৰে ৰাজস্থান-হায়দৰাবাদৰ খেলখনত বেট আৰু বলৰ এক অনবদ্যা সহাৱস্থান দেখা গ’ল।

শেষ মুহূৰ্তত ভুৱনেশ্বৰ কুমাৰৰ বলিঙৰ দ্বাৰা হায়দৰাবাদে যিদৰে জয়লাভ কৰিলে, সেইটোৱে পুনৰ প্ৰমাণ কৰিলে যে ফৰ্মেট নিৰ্বিশেষে ক্ৰিকেট সদায় ‘অনিশ্চয়তাৰ গৌৰৱময় খেল’। এজন অভিজ্ঞ ভাৰতীয় ছুইং বলাৰে বেটছমেনৰ ৰাজত্বত পুনৰ বলাৰৰ পতাকা উত্তোলিত কৰিলে।

ছানৰাইজাৰ্ছ হায়দৰাবাদে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয়। লীগ টেবুলৰ শীৰ্ষত থকা ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে পেট কামিন্সৰ দলে ভাল আৰম্ভণি কৰা নাছিল। ৩৫ ৰানত দুটা উইকেট হেৰুৱায়। সেই সময়লৈকে খেলখনে ষষ্ঠ অভাৰ অতিক্ৰম কৰিছিল।

কিন্তু নীতিশে-হেডৰ সৈতে পাৰ্টনাৰশ্বিপ গঢ়ি তুলি খেলখন ঘূৰাই দিলে। নীতিশ ৰেড্ডীয়ে অপৰাজিত ৭৬ ৰান সংগ্ৰহ কৰে। আনহাতে, ট্ৰেভিছ হেডে ৫৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত হাইনৰিখ ক্লাচেনে আক্ৰমণাত্মক খেলিছিল। তেওঁ ১৯টা বলত ৪২ ৰান কৰি অপৰাজিত হৈ থাকে। ফলত হায়দৰাবাদৰ ২০০ ত উপনীত হ’বলৈ কোনো সমস্যা হোৱা নাছিল।

বৃহস্পতিবাৰৰ দিনটোতে চাহালে নিকৃষ্ট প্ৰদৰ্শন আগবঢ়ায়। টী-২০ বিশ্বকাপত সুযোগ পোৱা স্পিনাৰগৰাকীয়ে চাৰি অভাৰত ৬২ ৰান দিয়ে! য’ত বাকীসকলৰ কোনোৱেই প্ৰতি অভাৰত গড়ে ১০ ৰানও দিয়া নাছিল, তাত তেওঁ গড়ে ১৫ ৰানতকৈ অধিক ৰান দিছিল।

হাতত ২০০ ৰান লৈ দুৰ্দান্ত আৰম্ভণি কৰে হায়দৰাবাদে। বহু যুদ্ধৰ সেনাপতি ভুৱনেশ্বৰ কুমাৰে প্ৰথম অভাৰতে আচৰিত কৰি তোলে। ভুবিয়ে দ্বিতীয় বলত বাটলাৰ আৰু পঞ্চম বলত সঞ্জু চেমছনক ঘূৰাই পঠিয়ায়। এনেদৰে দুটা মূল্যবান উইকেট হেৰুৱাই নিশ্চিতভাৱে চাপত পৰে ৰিয়ান পৰাগৰ দলটোৱে। একেৰাহে চাৰিখন মেচত জয়লাভ কৰিছিল ৰাজস্থানে। এইখনত জয়লাভ কৰিলে নকআউটৰ আসনখন স্পষ্ট হৈ পৰিলেহেঁতেন৷

কিন্তু আৰম্ভণিতে দলটোৰ সমৰ্থকসকলে এটাৰ পিছত এটা উইকেট হেৰুৱাৰ বাবে পৰাজয়ৰ শংকা দেখিবলৈ আৰম্ভ কৰিছিল। অৱশ্যে যশস্বী জয়ছোৱাল আৰু ৰিয়ান পৰাগে অতি সোনকালেই এই যুঁজখন বিপক্ষ শিবিৰলৈ লৈ আহে। যশস্বীয়ে ৩০টা বলত পঞ্চাশ আৰু ৰিয়ানে ৩১টা বলত পঞ্চাশ ৰান সংগ্ৰহ কৰে। তেওঁলোকৰ পাৰ্টনাৰশ্বিপ গঢ়ি উঠাৰ পিছত হায়দৰাবাদক প্ৰায় অসহায় যেন লাগিছিল। কোনেনো জানিছিল আৰম্ভণিতে যাদু দেখুওৱা ভুবিয়ে শেষ নিশাও যে খেল দেখাব!

অতিৰিক্ত দুঃসাহসিক হ’বলৈ গৈ যশস্বীক আউট নোহোৱা হ’লে ৰাজস্থান এই খেলখনত পৰাস্ত নহ’লহেঁতেন৷ ভাৰতীয় ক্ৰিকেটৰ নতুন তাৰকাগৰাকীয়ে ৪০ বলৰ ইনিংছত ৭টা বাউণ্ডেৰী আৰু ২টা ছয় মাৰি মেচখনৰ ভেটি গঢ়ি থৈ যায়। তেওঁ আউট হোৱাৰ এটা বল পিছতে ছয় মাৰি ৰিয়ানে দেখুৱাব বিচাৰিছিল যে দলৰ ইনিংছৰ দায়িত্ব এইবাৰ তেওঁৰ হাতত। কিন্তু উঠাই মাৰিবলৈ চেষ্টা কৰি লং অনত ধৰা পৰিল (৭৭)। মেচখনৰ সৰ্বাধিক স্কোৰাৰ ৰিয়ানে তেওঁৰ ইনিংছটোত ৮টা বাউণ্ডেৰী আৰু ৪টা ছয় মাৰে।

তাৰ পিছত ক্ৰমান্বয়ে খেলখন হায়দৰাবাদৰ ফালে ঘুৰিবলৈ ধৰিলে। খেলখনৰ ১৭ নং অভাৰত নটৰাজনে দুৰ্দান্ত ডেলিভাৰীৰে যুঁজখন ৫০-৫০ৰ পৰিস্থিতিলৈ আনে। পৰৱৰ্তী অভাৰৰ আৰম্ভণিতে ধ্ৰুৱ জুৰেল আউট হয়। পেডৰ ওপৰত অহা বলত শ্বট মাৰি তেওঁ যিদৰে আউট হ’ল সেয়া কোনোপধ্যে মানি লব পৰা বিধৰ  নহয়। বিশেষকৈ মেচখনৰ সেই পৰিস্থিতিত এজন উদীয়মান তাৰকাৰ পৰা এনে শ্বট আশা কৰা নাযায়।

একেবাৰে শেষ অভাৰত ভুৱনেশ্বৰ কুমাৰে বলিং কৰিবলৈ অহাত পৰিস্থিতি উত্তেজনাৰে ভৰি পৰিছিল। ৰাজস্থানক ৬ বলত ১৩ ৰানৰ প্ৰয়োজন। তাৰপিছত ৩টা বলত ৬ৰান। অন্তিম বলত প্ৰয়োজন আছিল ২ ৰানৰ। আৰু সেই বলতেই আউট পাৱেল। লেগ-মিডললৈ নামি অহা বলটো ফ্লিক কৰিবলৈ গৈ পৰাস্ত হ’ল পাৱেল। ভুৱনেশ্বৰৰ যাদুকৰী বলৰ সৌজন্যত হায়দৰাবাদে পালে চমকপ্ৰদ জয়।

সংক্ষিপ্ত স্কোৰঃ

ছানৰাইজাৰ্ছ হায়দৰাবাদঃ ২০১/৩ (নীতিশকুমাৰ নট আউট ৭৬, ট্ৰেভিছ হেড ৫৮, আবেশ খান ৩৯/২)

ৰাজস্থান ৰয়েলছঃ ২০০/৭ (যশস্বী জয়ছোৱাল ৬৭, ৰিয়ান পৰাগ ৭৭, ভুৱনেশ্বৰ ৪১/৩)

হায়দৰাবাদে ১ ৰানত জয়লাভ কৰে।