NORTHEAST NOW (Assamese)

অত্যাধুনিক মাৰণাস্ত্ৰসহ ৩জন চোৰাং চিকাৰীক আটক কৰিলে জখলাবন্ধা আৰক্ষীয়ে

April 19, 2021 2:57 pm · ৰিদীপ শৰ্মা
ফটো: নৰ্থইষ্ট নাও।

জখলাবন্ধা আৰক্ষীয়ে তিনিজন চোৰাংচিকাৰীক মাৰণাস্ত্ৰসহ আটক কৰিছে।

আটকাধীন চোৰাংচিকাৰী তিনিজন হৈছে ক্ৰমে নাগালেণ্ডৰ ডেনি ইয়প’থমি, ৰূপহীহাটৰ চাইদৰীয়াৰ আনোৱাৰ হুছেইন আৰু ৰূপহীহাটৰ ৯ নং কাঠপাৰাৰ ৰফিকুল ইছলাম।

জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপু কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই চোৰাংচিকাৰী তিনিজনক আটক কৰিবলৈ সক্ষম হয়।

চাইলেঞ্চাৰসহ এটা থ্ৰী-নট-থ্ৰী ৰাইফল আৰু ১০ ৰাউণ্ড থ্ৰী-নট-থ্ৰী ৰাইফলৰ গুলি জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে লগতে তিনিটা ম’বাইল ফোনো জব্দ কৰে ।

জানিব পৰা মতে, কাজিৰঙাত গঁড় হত্যাৰ পৰিকল্পনা কৰিছিল তিনি চোৰাংচিকাৰীয়ে।

জখলাবন্ধা আৰু বুঢ়াপাহাৰত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰাংচিকাৰী তিনিজনক।

উল্লেখ্য যে¸ আনোৱাৰ হুছেইনক ২০১৯বৰ্ষতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

সম্প্ৰতি চোৰাং চিকাৰীকেইজনক জখলাবন্ধা আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Related News