NORTHEAST NOW (Assamese)

জেহাদীৰ বিৰুদ্ধে হোজাইৰ নীলবাগানত জমিয়ত উলেমাৰ উত্তাল প্ৰতিবাদ

September 22, 2018 6:38 pm · নিখিল মুন্দ্ৰা

উত্তৰ প্ৰদেশৰ কানপুৰত অসমৰ যুৱক কমৰ উজ জামান ওৰফে কমৰউদ্দিনৰ গ্ৰেপ্তাৰৰ লগে লগে সংগঠনটোৰ সৈতে বিভিন্ন প্ৰকাৰে জড়িত হৈ পৰা আন কেইবাজনো সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা মুস্তাক আনফৰৰ নিৰ্দেশত জমিয়তৰ হোজাই জিলা সমিতিয়ে আজি নীলবাগান তিনি আলীত সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল বাহিৰ কৰে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত জমিয়তৰ নেতা-কৰ্মী সকলে হাতে হাতে প্লে’কাৰ্ড লৈ ইছলামত সন্ত্ৰাসবাদৰ স্থান নাই, সন্ত্ৰাসবাদ মুৰ্দাবাদ, সন্ত্ৰাসবাদী গ’ বেক আদি বিভিন্ন শ্ল’গানেৰে নীলবাগানৰ পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী সমদলৰ পিছত অসম ৰাজ্যিক জমিয়তৰ সভাপতি মৌলানা মস্তাক আনফৰৰ নেতৃত্বত জিলা জমিযয়তে এক প্ৰতিবাদী সভাৰ আয়োজন কৰে। এই সভাত নীলবাগানৰ বিভিন্ন মাদ্ৰাছাৰ ছাত্ৰৰ লগতে হোজাই জিলা জমিয়তৰ সভাপতি মুফতি মহাম্মদ আলী চাহাব, জমিয়তৰ কেন্দ্ৰীয় সম্পাদক মৌলানা কলিম উদ্দিন আৰু হোজাই জিলা সম্পাদক সহ প্ৰায় তিনি শতাধিক লোক উপস্থিত থাকে।

Related News