কাশ্মীৰত সংঘৰ্ষত নিহত চাৰি লস্কৰ সন্ত্ৰাসবাদী

পাক সন্ত্ৰাসবাদীয়ে উত্তপ্ত কৰি ৰখা কাশ্মীৰত আজি নিহত হয় চাৰিজনকৈ সন্ত্ৰাসবাদী।

কুলগাম আৰু কুপৱাৰাত নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে হোৱা তুমুল গুলীয়াগুলীত চাৰিজন সন্ত্ৰাসবাদী নিহত হৈছে।

নিহত সন্ত্ৰাসবাদী কেইজন লস্কৰ ই তৈবাৰ সদস্য আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।সংঘৰ্ষস্থলীৰ পৰা বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হয়।বাতৰি অনুসৰি, আজি পুৱা কুপৱাৰাত নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ কৰিবলৈ সক্ষম হয় ।

নিৰাপত্তাবাহিনীৰ সৈতে হোৱা সংঘৰ্ষত পাকিস্তানৰ সমৰ্থপুষ্ট সন্ত্ৰাসবাদী দুজন নিহত হয়।সন্ত্ৰাসবাদী কেইজন সেনাবাহিনীৰ ওপৰত আক্ৰমণকে ধৰি বহু হত্যাৰ ঘটনাৰ সৈতে জড়িত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য যে যোৱা এপ্ৰিলত এক সংঘৰ্ষত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হৈছিল লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ ইউছুফ কান্তৰোকে ধৰি দুজন সন্ত্ৰাসবাদী।তাৰ পূৰ্বে চপিয়ান জিলাত নিৰাপত্তাৰক্ষীৰ গুলীত কমেও ৪জন সন্ত্ৰাসবাদী নিহত হৈছিল।

ইপিনে আজি কুলগামতো সেনাৰে হোৱা সংঘৰ্ষত আন দুন পাক সন্ত্ৰাসবাদী নিহত হয়। বাতৰি লিখা পৰলৈকে সেনাৰে সন্ত্ৰাসবাদী সংঘৰ্ষ চলি আছে।