NORTHEAST NOW (Assamese)

জম্মু-কাশ্মীৰত পুনৰ আক্ৰমণ : জেহাদীয়ে ঘৰত সোমাই হত্যা কৰিলে কাশ্মীৰী সমাজকৰ্মীক

April 27, 2025 11:02 am · এন ই নাও নিউজ, গুৱাহাটী

এতিয়াও শুকুৱা নাই পেহেলগামৰ ঘাঁ। তাৰমাজতে পুনৰ ৰক্তাক্ত হৈ পৰিল কাশ্মীৰ। এইবাৰ জেহাদীয়ে ঘৰত প্ৰৱেশ কৰি হত্যা কৰিলে কাশ্মীৰী সমাজকৰ্মীক।

শনিবাৰে নিশা কুপৱাৰাত সংঘটিত এই ঘটনাই পুনৰ কঁপাই তুলিছে সমগ্ৰ উপত্যকা।

জানিব পৰা মৃত লোকজনৰ নাম গুলাম ৰাছুল মাগ্ৰে। তেওঁৰ বয়স ৪৫ বছৰ। তেওঁ অঞ্চলটোৰ এগৰাকী সমাজকৰ্মী হিচাপে পৰিচিত।

অভিযোগ অনুসৰি কান্দি খাছ অঞ্চলৰ তেওঁৰ ঘৰত জেহাদীয়ে প্ৰৱেশ কৰি তেওঁক গুলীয়াই হত্যা কৰে। গুলী লগাৰ পিছত লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

অৱশ্যে এই আক্ৰমণৰ দায়িত্ব কোনেও স্বীকাৰ কৰা নাই। গোলামক কিয় লক্ষ্য কৰি লোৱা হৈছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ইফালে দেওবাৰে পাকিস্তানী সেনাইও নিয়ন্ত্ৰণ ৰেখাৰ পৰা গুলীচালনা কৰে। পেহেলগাম আক্ৰমণৰ পিছত চৰকাৰে চিমলা চুক্তি উলংঘা কৰাৰ ভাবুকি দিয়াৰ পিছৰে পৰা পাকিস্তানে যুদ্ধবিৰতি চুক্তি উলংঘা কৰি আহিছে। দেওবাৰে পুৱাও সীমান্তৰ সিপাৰৰ পৰা গুলীচালনা হয়।

Related News