‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ। মৰিগাঁৱত সম্বোধিত এক সংবাদ মেলত এই দাবী কৰে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ মৰিগাঁও সমিতিয়ে।

মৰিগাঁৱৰ ডিএমচিৰ সভাকক্ষত আয়োজিত সংবাদ মেলত ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অনিৰ্বাণ গোস্বামীয়ে অসম চৰকাৰৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰক এখন কঠোৰতম জনসংখ্যা আইন প্ৰণয়ন কৰি ইয়াক কাৰ্যকৰী কৰিবলৈ দাবী জনায়।

ফাউণ্ডেশ্যনৰ মতে ভাৰতবৰ্ষত যি হাৰত জনসংখ্যা বৃদ্ধি  ইয়ে দেশত বহু  সমস্যাৰ সৃষ্টি কৰিছে।

জনসংখ্যা বৃদ্ধিৰ ফলত অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক সমস্যাৰ লগতে স্বাস্থ্য, শিক্ষা আদিৰ দিশত ভাৰতে ভীষণ সমস্যাৰ সন্মুখীন হৈছে বুলি দাবী কৰি কয় যে এই ধাৰা অব্যাহত থাকিলে দেশৰ অৱস্থা অতি সংকটতজনক হৈ পৰিব।

ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক অনিৰ্বাণ গোস্বামীয়ে সংবাদমেলৰ জৰিয়তে অসম চৰকাৰ তথা ভাৰত চৰকাৰক অনুৰোধ জনাই অতি সোনকালে “two child policy act “নিদ্ধাৰণ কৰি ইয়াক বলবৎ কৰা ব্যবস্থা কৰিব লাগে লাগে বুলি স্পষ্ট কৰি এই দিশত অসমৰ মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ ৰাষ্ট্ৰপতিলৈয়ো স্মাৰক পত্ৰ দিয়াৰ কথাও দোহাৰে।

ইয়াৰ সমান্তৰালকৈ আগন্তুক ঐতিহাসিক জোনবিল মেলা থলিৰ পৰাই এক গণস্বাক্ষৰ অভিযান আৰম্ভ্ৰ কৰাৰ কথাও সংবাদমেল যোগে ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদকগৰাকীয়ে সদৰী কৰে।

সংবাদমেলত মৰিগাঁও জিলাৰ অধ্যক্ষ পুলিন কুমাৰ কাকতি জিলা সম্পাদক, মিলন কাকতি, সাংগঠনিক সম্পাদক শিশিৰ কান্তি বিস্বাস উপস্থিত থাকে।