“……………. আজি সকলো দেশবাশীৰপৰা, দেশখনৰ ১৩০ কোটি নাগৰিকৰপৰা আৰু আপোনালোকৰপৰা মই কিছু বিচাৰিব খুজিছো। মোক আপোনালোকৰ সমাগত কেইটামান সপ্তাহৰ প্ৰয়োজন। প্ৰয়োজন আপোনালোকৰ সমাগত কিছু সময়ৰ। মোৰ প্ৰিয় দেশবাসী, এতিয়ালৈকে বিজ্ঞানে ক’ৰ’না মহামাৰীৰপৰা বাচি থাকিবলৈ কোনো নিশ্চিত উপায় প্ৰদান কৰা নাই। একেদৰে ইয়াৰ কোনো ভেকচিনো প্ৰস্তুত হৈ উঠা নাই। এনে এক পৰিস্থিতিত সকলোৰে চিন্তা বৃদ্ধি হোৱাতো তেনেই স্বাভাৱিক কথা। ………. এই মহামাৰীৰ লগত মোকাবিলা কৰিবলৈ মুখ্যতঃ দুটা বস্তুৰ প্ৰয়োজন। প্ৰথমটো হৈছে সংকল্প আৰু দ্বিতীয়তো হৈছে সংযম…………… আজি মই প্ৰত্যেক দেশবাসীৰপৰা এক সমৰ্থন বিচাৰিছো আৰু সেয়া হৈছে ‘জনতা কাৰ্ফিউ’। জনতা কাৰ্ফিউ মানে হৈছে জনতাৰ বাবে আৰু জনতাৰ দ্বাৰা জনতাই নিজৰ ওপৰত লগোৱা কাৰ্ফিউ………… সংকটৰ এই সময়ত আপোনালোকে এই বিষয়টোতো গুৰুত্ব দিব লাগে যে আমাৰ অত্যাৱশ্যকীয় সেৱা,— আমাৰ চিকিৎসালয়বোৰত যাতে হেঁচা নপৰে। যাতে আমাৰ চিকিৎসালয়, চিকিৎসক আৰু পেৰা-মেডিকেল শ্ৰেণীৰ লোকসকলে এই মহামাৰীক প্ৰাথমিকতা দিয়াত সুবিধা লাভ কৰে। সেয়েহে সকলো দেশবাসীলৈ অনুৰোধ যে নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ যোৱাৰ আমাৰ যি অভ্যাস আছে তাৰ পৰা আমি বাচি থাকিব লাগে…….. যদিহে আপোনাৰ বহু প্ৰয়োজন বুলি অনুভৱ হয় তেন্তে আপোনাৰ চিনাকি চিকিৎসক, পৰিয়ালৰ চিকিৎসক বা আপোনালোকৰ আত্মীয়ৰ মাজত যি চিকিৎসক আছে তেওঁলোকৰপৰা ফোনতে আৱশ্যকীয় উপদেশ গ্ৰহণ কৰক…… এই ভয়াবহ মহামাৰীয়ে আমাৰ অৰ্থ ব্যৱস্থাৰ ওপৰতো ব্যাপক প্ৰভাৱ পেলাবলৈ ধৰিছে। ক’ৰ’না মহামাৰীৰপৰা উৎপন্ন হোৱা আৰ্থিক প্ৰত্যাহ্বানবোৰলৈ লক্ষ্য ৰাখি ভাৰত চৰকাৰে দেশখনৰ বিত্ত মন্ত্ৰীৰ নেতৃত্বত এখন ‘Covid-19 Economic Response Task Force ’ গঠন কৰি দিছে। এই টাস্ক ফোৰ্চে অংশীদাৰ (Stakeholder) সকলৰ লগত নিয়মীয়া সম্পৰ্ক ৰক্ষা কৰি, তেওঁলোকৰপৰা প্ৰতিক্ৰিয়া গ্ৰহণ কৰি, সকলো পৰিস্থিতি মূল্যাংকন কৰি নিকট ভৱিষ্যতত সিদ্ধান্ত গ্ৰহণ কৰিব। …………… মোৰ প্ৰিয় দেশবাসী, কিছুদিনৰ ভিতৰত নৱৰাত্ৰিৰ পৰ্ব আহি আছে। এই পৰ্ব হৈছে শক্তি উপাসনাৰ পৰ্ব। ভাৰত পূৰ্ণ শক্তিৰে সৈতে আগবাঢ়ক। আৱশ্যকীয় সংযম পালন কৰি সংকল্প লওঁক— আহক আমি জীয়াই থাকো, দেশখনকো জীয়াই ৰাখো আৰু জগতখনকো জীয়াই ৰাখো”— এইয়া হৈছে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰীৰ ক’ৰ’নাৰ সন্দৰ্ভত দেশবাসীলৈ দিয়া আহ্বানৰ কিছু তাৎপৰ্যপূৰ্ণ অংশৰ অসমীয়া ভাবানুবাদ। যোৱা ১৯ মাৰ্চত দেশবাসীলৈ দিয়া এই আহ্বান ক’ৰ’না প্ৰতিহত কৰিবলৈ, ইয়াৰ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত অতি প্ৰয়োজনীয় আছিল বুলি আমি বিশ্বাস কৰো। এনে এক আহ্বানৰ ফলত দেশৰ সাধাৰণ নাগৰিকৰ মননত ক’ৰ’না সম্পৰ্কীয় সজাগতা আৰু ল’বলগীয়া সতৰ্কতাৰ জ্ঞান অধিক বৃদ্ধি পাব বুলিও আশা কৰিব পাৰি।
কিন্তু দুৰ্ভাগ্যৰ কথা যে, প্ৰধানমন্ত্ৰীয়ে এই আহ্বানত ভাৰতবৰ্ষৰ সাধাৰণ নাগৰিকসকলক তেওঁলোকৰ প্ৰয়োজনীয় যোগদান, দায়িত্ব আৰু কৰ্তব্যৰ কথা সোঁৱৰাই দিয়াতহে অধিক গুৰুত্ব দিলে। দেশখনত ক্ৰমাগতভাৱে বিধৰ্বস্ত হৈ পৰা স্বাস্থ্য সেৱা খণ্ডটোৰ পুনৰুজ্জীৱনৰ স্বাৰ্থত চৰকাৰে কৰিবলগীয়া দায়িত্ব, সমাগত সময়ত বিধবস্ত হৈ পৰাৰ আশংকা থকা অৰ্থ ব্যৱস্থাটোক পুনৰ সজীৱ কৰি তোলাৰ বাবে কেনেধৰণৰ চৰকাৰী পদক্ষেপ লোৱা হ’ব আদি বিষয়ত প্ৰধানমন্ত্ৰীয়ে কোনো নিশ্চিত প্ৰতিশ্ৰুতি প্ৰদান নকৰিলে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল পৃথিৱীৰ কেবাখনো দেশৰ ৰাষ্ট্ৰ মুৰব্বীসকলে ক’ৰ’না সন্দৰ্ভত ৰাষ্ট্ৰীয় স্থিতি প্ৰকাশ কৰি ৰাষ্ট্ৰৰ ফালৰপৰা ল’বলগা দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে মুকলিভাৱে নিজৰ দেশবাসীক অৱগত কৰিছে, যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানটোত স্পষ্ট হৈ নুঠিল। জাপানে ইতিমধ্যে ক’ৰ’নাৰ পৰা দেশবাসীক পৰিত্ৰাণ দিবলৈ ২০ বিলিয়ন আমেৰিকান ডলাৰৰ উদ্ধাৰ পেকেজ (Rescue Package) ঘোষণা কৰিছে। এই ক্ষেত্ৰত ইটালীয়ে সংস্থাপন আৰু স্বাস্থ্য যতনৰ বাবে ২৮ বিলিয়ন আমেৰিকান ডলাৰ, চীনে দেশখনৰ ৰোগাৰ্ত কোম্পানীবোৰক সজীৱ কৰিবলৈ ৭৯ বিলিয়ন আমেৰিকান ডলাৰ আদিৰ নিচিনা বৃহৎ পৰিমাণৰ সাহায্য পুঁজি ঘোষণা কৰিছে। এই ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰ্থিক সাহায্যৰ ঘোষণা দিছে কানাডাই। দেশখনৰ অৰ্থনীতি ক’ৰ’নাই যাতে ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে তাৰ বাবে ‘Covid-19 : Economic Response Plan’ ৰ অধীনত দেশখনে নিজৰ নাগৰিকক কেৱল সংকল্পবদ্ধ আৰু দায়িত্বশীল হোৱাৰ পৰামৰ্শ নিদি নিম্নোক্ত সাহায্যসমূহৰ ঘোষণা দিছে। এনে ঘোষিত সাহায্যসমূহ হৈছে— (১) প্ৰৰোক্ষ সহায়তাৰ নামত কানাডাৰ কৰ্মচাৰী আৰু ব্যৱসায়ীলৈ ২৭ বিলিয়ন ডলাৰৰ সাহায্য (২) ব্যৱসায়ত, কৰ সংগ্ৰহত হোৱা ক্ষতিপূৰণৰ বাবে (Tax deferral) ৫৫ বিলিয়ন (৩) মুঠ সাহায্যৰ পৰিমাণ হ’ব দেশৰ জি ডি পিৰ ৩ শতাংশ (৪) শিশু থকা সকলো পৰিয়াললৈ ২ বিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য (৫) জৰুৰী স্বাস্থ্যসেৱাৰ বাবে প্ৰতি পৰিয়াললৈ অৰ্ধসপ্তাহত ৯০০ ডলাৰকৈ ধন, পৰৱৰ্তী ১৫ সপ্তাহৰ বাবে এনে সাহায্য প্ৰদান (৬) ব্যৱসায়িক বেতন ৰাজসাহায্য (bussiness wage subsidy) ৩.৮ বিলিয়ন (৭) কানাডা ৰেভিনিউ এজেন্সীযোগে দেশৰ শ্ৰমিকলৈ ৫ বিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য (৮) নিম্ন আৰু মধ্য আয়ৰ পৰিয়াললৈ জি এ¸৬ টি অধীনত ৫.৫ বিলিয়ন ডলাৰৰ আৰ্থিক সাহায্য আদি।
আমি জানো যে ভাৰতবৰ্ষৰ দৰে এখন অতিকৈ দৰিদ্ৰ, পশ্চাদপদ দেশ এখনে কানাডাৰ নিচিনা এখন অতি চহকী দেশৰ সৈতে ফেৰ মাৰিব নোৱাৰে। তৎসত্ত্বেও প্ৰধানমন্ত্ৰী মোডীয়ে স্বাস্থ্য সেৱাৰ লগত জড়িত তেনেই ন্যূনতম সাহায্য যেনে বিনামূল্যত চেনিটাইজাৰ আৰু মুখাৰ যোগান, তাৎক্ষণিক পৰীক্ষা গ্ৰহণ, ক’ৰ’নাত আক্ৰান্তক চৰকাৰী খৰচত চিকিৎসা সেৱা প্ৰদান, আক্ৰান্তক অকলশৰীয়াকৈ ৰখা (isolation)ৰ সময়ত আক্ৰান্তজনৰ সকলো ব্যয় বহন আদিৰ দৰে ঘোষণা দিয়াৰ কিয় সাহস দেখুৱাব নোৱাৰিলে। দেশখনৰ লাখ লাখ চৰকাৰী-বেচৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানে আৰ্তজনৰ ওচৰত বিপদৰ লগে লগে উপস্থিত হোৱাৰ চৰকাৰী নিৰ্দেশ তেওঁ কিয় দিব নোৱাৰিলে।
বিধ্বস্ত জনস্বাস্থ্যঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এনে ঘোষণা এই কাৰণেই দিব নোৱাৰিলে যে দেশখনৰ জনস্বাস্থ্য সম্প্ৰতি মোটামুটিভাৱে ব্যক্তিগত খণ্ডৰ অধীনত। আমি মনত ৰখা দৰকাৰ যে এক সাৰ্বজনীন চিকিৎসা সেৱা ব্যৱস্থাৰ সলনি উন্নত দেশসমূহত বীমাকেন্দ্ৰীক, সম্পূৰ্ণ বজাৰ ভিত্তিক কৰ্পোৰেট চিকিৎসা ব্যৱস্থা গঢ় লৈ উঠাৰ পৰিণতিতে সম্ভৱতঃ উক্ত দেশবোৰে এইবাৰ ক’ৰ’না আক্ৰান্ত হোৱাৰ সময়ত তাৎক্ষণিক বিপদ চম্ভালিব নোৱাৰিলে। চীনৰ দৰে দেশখনে ক’ৰ’নাক নিয়ন্ত্ৰণ কৰাৰ অন্তৰালতো চীনৰ সাৰ্বজননীয় ৰাজহুৱা চিকিৎসা ব্যৱস্থাটোৰে সৰ্বোচ্চ কৃতিত্ব আছে বুলি ভাবিব পাৰি। এইবাৰৰ ক’ৰ’না ভাইৰাছে বিশ্ববাসীক নিঃসন্দেহে বুজাই দিলে যে দেশৰ স্বাস্থ্যসেৱা যদি চৰকাৰৰ নিয়ন্ত্ৰণত নাথাকে তেন্তে স্বাস্থ্য সংকটৰ সময়ত বীমা কেন্দ্ৰীক কৰ্পোৰেট চিকিৎসা সেৱাই নাগৰিকক সংকটৰ পৰা পৰিত্ৰাণ দিব নোৱাৰে।
দুখৰ কথা যে ভাৰতবৰ্ষত স্বাধীনতাৰ পৰৱৰ্তী কালত সমাজবাদী ভাবনাৰে গঢ় লৈ উঠা ৰাজহুৱা সাৰ্বজননীন স্বাস্থ্য সেৱা সম্প্ৰতি ধ্বংসস্তুপলৈ পৰিণত হৈছে। দেশখনৰ স্বাস্থ্য সেৱাৰ খণ্ডত ব্যক্তিগত প্ৰতিষ্ঠানৰ ইমানেই আধিপত্য স্থাপন হৈছে যে চৰকাৰে ক্ৰমাগতভাৱে স্বাস্থ্য সেৱাত চৰকাৰী ব্যয় সংকোচন কৰি আনিছে। ২০১৬ চনত ভাৰত চৰকাৰে স্বাস্থ্য সেৱাত কৰা ব্যয় আছিল মুঠ জি ডি পিৰ ১.১৭ শতাংশ। ইয়াৰ তুলনাত ভাৰততকৈও আৰ্থিকভাৱে দুৰ্বল বহু দেশে তেওঁলোকৰ জি ডি পিৰ ১.৫৭ শতাংশ স্বাস্থ্য সেৱাত ব্যয় কৰিছিল। সমগ্ৰ বিশ্বতেই সম্প্ৰতি এই ব্যয় হৈছে গড়ে জি ডি পিৰ ৬ শতাংশ। ২০০৫ চনৰ অভিলাষী¸ ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য মিছন আৰু ২০১১ৰ উচ্চস্তৰীয় বিশেষজ্ঞ দলৰ প্ৰতিশ্ৰুতিৰ পাছতো এই ব্যয় জি ডি পিৰ ২ বা ৩ শতাংশলৈ নাবাঢ়িল। বৰ্তমানৰ বাজেটত এই ব্যয় হৈছে মুঠ জি ডি পিৰ ১.২৮ শতাংশ মাথো, যি আমাৰ নিকটৱৰ্তী দেশ নেপাল, শ্ৰীলংকা আৰু ভূটানতকৈও কম। ইয়াৰ মূল কাৰণেই হৈছে দেশৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত ৰাষ্ট্ৰই নিজৰ দায়িত্ব ক্ৰমাগতভাৱে সংকুচিত কৰি অনা। পৃথিৱীৰ বহু উন্নত দেশৰ লেখিয়াকৈ মুক্ত বজাৰ অৰ্থনীতি সূচনা হোৱাৰ পাছৰে পৰা ভাৰতবৰ্ষই সাৰ্বজননী ৰাজহুৱা স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ কৰাৰ সলনি ক্ৰমাগতভাৱে এই স্বাস্থ্য সেৱাক বজাৰ নিৰ্ভৰশীল হ’বলৈ এৰি দিছে। তফাৎ মাথো এইখিনিতে যে বিশ্বৰ উন্নত দেশসমূহে এনে বেচৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানসমূহক নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ অতি শক্তিশালী বিধিগত উপবন্ধৰ ব্যৱস্থা কৰাৰ সলনি, ভাৰতবৰ্ষত তেনে উপবন্ধবোৰ তেনেই দুৰ্বল। ইয়াৰ বিপৰীতে ২০০৩-৪ বৰ্ষৰ বাজেটত ভাৰত চৰকাৰে স্বাস্থ্য সেৱাক এক উদ্যোগৰ মৰ্যাদা দিয়ে আৰু ইয়াৰ জৰিয়তে ব্যক্তিগতখণ্ডৰ স্বাস্থ্য প্ৰতিষ্ঠানবোৰক তেনেই কম হাৰৰ সুতত দীৰ্ঘম্যাদী ঋণ, শুল্ক ৰেহাই, ভূমি ক্ৰয়ৰ ক্ষেত্ৰত ৰাজসাহায্য প্ৰদান, বিনামূলীয়া ভূমি আবণ্টন দিয়া আদি প্ৰক্ৰিয়া আৰম্ভ কৰে। চিকিৎসা খণ্ডক ব্যক্তিগত খণ্ডৰ হাতত অৰ্পণ কৰাৰ পৰিণতিত চিকিৎসা সেৱাৰ সা-সৰঞ্জামৰ ক্ষেত্ৰত বাণিজ্য শুল্ক (custom duty) ১০০ শতাংশৰ পৰা নামি আহি ১৯৮০ৰ দশকত ৪০ শতাংশ হয়হি। ২০০০ চনত এই শুল্ক হয়হি ১৫ শতাংশ আৰু মোডীৰ সময়ছোৱাত ইয়াক সৰ্বনিম্ন ৭.৫ শতাংশলৈ হ্ৰাস কৰা হয়। ২০০০ চনত ভাৰত চৰকাৰে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ ব্যৱস্থা ১০০ শতাংশলৈ মুকলি কৰি দিয়ে যাৰ ফলত ২০০১-২ চনৰ ৩১ কৌটিৰ তুলনাত ২০১৩-১৪ বৰ্ষত স্বাস্থ্য সেৱাত বিদেশী বিনিয়োগ ৩৯৯৫ কৌটিলৈ বৃদ্ধি পায়।
শেহতীয়াভাৱে ভাৰত চৰকাৰে বীমা কেন্দ্ৰীক স্বাস্থ্য সেৱাৰ সম্প্ৰসাৰণ গ্ৰাম্যঞ্চল তথা চহৰাঞ্চলৰ দৰিদ্ৰ জনসাধাৰণলৈ সম্প্ৰসাৰিত কৰাৰ স্বাৰ্থত চৰকাৰী খৰচত কেবাখনো বীমা আঁচনি আৰম্ভ কৰিছে যাৰ সৰ্বশেষ সুফল লাভ কৰিব ব্যক্তিগত খণ্ডৰ স্বাস্থ্য প্ৰতিষ্ঠানসমূহে। ব্যক্তিগত স্বাস্থ্য প্ৰতিষ্ঠানসমূহক বজাৰত অনিয়ন্ত্ৰিতভাৱে কেনেদৰে এৰি দিয়া হৈছে তাৰ এক উদাহৰণ দিবলৈ বি¸চাৰিছো। ২০১০ বৰ্ষৰ ৫ মে’ত ভাৰতবৰ্ষৰ সংসদত Clinical Establishment (Registration and Regulation) Act 2010 শীৰ্ষক আইনখন প্ৰণয়ন কৰা হৈছিল যিয়ে সকলোধৰণৰ স্বাস্থ্য প্ৰতিষ্ঠানক সামৰি লয়। স্বাস্থ্য সেৱাৰ উন্নীতকৰণ, ৰোগীৰ প্ৰতি দায়ৱদ্ধ হোৱা, আৰু যথাযথ আন্তঃবিন্যাস নিশ্চিত কৰা আদি প্ৰয়োজনীয় বিষয়সমূহ সামৰি প্ৰণয়ন কৰা এই আইনখন এই পৰ্যন্ত ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যতহে বলবৎ হৈ আছে। (উৎসঃShailendra Kumar, Private Sector in Healthcare Delivery Market in India : Structure, Growth and Implications, 2015, ISID)। ভাৰতবৰ্ষত ব্যক্তিগত খণ্ডৰ চিকিৎসাসেৱা কিমান দ্ৰুতগতিৰে বৃদ্ধি পাইছে তাৰ অন্য এক পৰিসংখ্যা দাঙি ধৰিবলৈ বিচাৰিছো। চিকিৎসালয়ৰ ক্ষেত্ৰত ১৯৭৪ চনত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ আধিপত্য আছিল মুঠ চিকিৎসালয়ৰ মাথো ১৮.৫ শতাংশ যি ২০০ চনত ৭৪.৯ শতাংশলৈ বৃদ্ধি পাইছে। একেদৰে চিকিৎসালয়ৰ বিচনাৰ ক্ষেত্ৰত ১৯৭৪ চনত ব্যক্তিগত খণ্ডৰ অংশীদাৰ আছিল মুঠ বিচনাৰ ২১.৪ শতাংশ যি ২০১৩ চনত হয়গৈ মুঠ বিচনাৰ ৫০.৭ শতাংশ। ১৯৫০ চনত দেশখনৰ সৰ্বমুঠ চিকিৎসা প্ৰতিষ্ঠানৰ ভিতৰত ৩.৬ শতাংশ আছিল ব্যক্তিগত খণ্ডৰ হাতত। ২০০০ চনত এই পৰিসংখ্যা বৃদ্ধি পায় ৩৪.৭ শতাংশলৈ আৰু ২০১৪ চনত দেশৰ মুঠ চিকিৎসা প্ৰতিষ্ঠানৰ ভিতৰত ৫৪.৩ শতাংশই অধিকাৰ কৰিলে ব্যক্তিগত খণ্ডএ (উৎসঃ উল্লিখিত Shailendra Kumarৰ গৱেষণাপত্ৰ)। গতিকে এক সাৰ্বজনীন চিকিৎসা সেৱাক পণ্যলৈ পৰ্যবসিত কৰা দেশ এখনত প্ৰধানমন্ত্ৰী এজনে কি সাহসত ইয়াৰ নাগৰিকক বিনামূলীয়া আৰু যথাযথ চিকিৎসা সেৱাৰ প্ৰতিশ্ৰুতি দিব!
(লেখকৰe-mail : [email protected]