জনতা দল(য়ু)ৰ তৎপৰতা : বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ইংগিত ৰাষ্ট্ৰীয় সম্পাদকৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

বিহাৰৰ মুখ্য মন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন জনতা দল(য়ু)য়ে অসমত সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে। ইয়াৰ অংশ হিচাপে মঙলবাৰে নগাঁৱত দলটোৱে এখন সাংগঠনিক সভা অনুষ্ঠিত কৰে।

অসমত জনতা দল (য়ু)ৰ ভেটি মজবুত কৰাৰ বাবে পৰিকল্পনা হাতত লৈ দলটোৱে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰিছে।

আজি নগাঁও সাহিত্য ভৱনত অনুষ্ঠিত দলটোৰ সাংগঠনিক সভাত দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক তথা অসমৰ প্ৰভাৰী সঞ্জয় বৰ্মাই দলীয় কৰ্মী সকলক দলৰ সংগঠন শক্তিশালী কৰিবলৈ আহ্বান জনায়।

সংবাদ মাধ্যমৰ আগত বৰ্মাই কয়, ‘দলটোৱে অসমৰ বিভিন্ন জিলাত সাংগঠনিক তৎপৰতা অব্যাহত ৰখাৰ লগতে সদস্য ভৰ্তি অভিযান ক্ষীপ্ৰতাৰে কৰি থকা হৈছে। মুলতঃ চাহ জনগোষ্ঠী আৰু পিছপৰা শ্ৰেণীৰ লোকক দলৰ মজিয়ালৈ অনাৰ বাবে তৎপৰতা আৰম্ভ কৰা হৈছে’।

অসম বিধান সভাৰ ২০২১ত হ’ব লগা নিৰ্বাচনত দলটোৱে বহু কেইখন সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব।

আজিৰ সভাত দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক ৰবিন্দ্ৰ সিং আৰু অসম প্ৰদেশ কমিটিৰ ৰাজ্যিক আহ্বায়ক চামচুল আলমকে ধৰি বহু কেইজন বিষয়-ববীয়া উপস্থিত থাকে।