কেবৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে বাতিল হ’ব পাৰে জাপানৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ

modi-abe-750x375

শ্বিন' আবে আৰু নৰেন্দ্ৰ মোদী।

জাপানৰ প্ৰধান মন্ত্ৰী শ্বিন’ আবেই অহা দেওবাৰৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত ভ্ৰমণ বাতিল কৰাৰ কথা বিবেচনা কৰি আছে।

জাপানৰ জিজি প্ৰেছে এই বাতৰি প্ৰকাশ কৰিছে।

জাপানৰ প্ৰধান মন্ত্ৰী আবে আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত বৈঠক অনুষ্ঠিত হ’বলগীয়া গুৱাহাটীত বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদে এক ভয়াবহ ৰূপ ধাৰণ কৰিছে।

বুধবাৰৰ পৰা হিংসাত্মক ৰূপ লোৱা প্ৰতিবাদী আন্দোলনটোত এতিয়ালৈকে তিনিজন লোক নিহত হোৱাৰ লগতে আন বহুকেইজন লোক আহত হৈছে।

ইপিনে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰবীশ কুমাৰে বৃহস্পতিবাৰে নতুন দিল্লীত কয়,’’আমাৰ হাতত দিবলৈ বৰ্তমান কোনো নতুন বাৰ্তা নাই।‘’

বিগত সপ্তাহত মুখপাত্ৰ ৰবীশ কুমাৰে ঘোষণা কৰিছিল যে জাপানৰ প্ৰধান মন্ত্ৰী আবে আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাজত ডিচেম্বৰৰ ১৫ আৰু ১৭ তাৰিখে বৈঠকখন অনুষ্ঠিত হ’ব। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া বৈঠকখনৰ বাবে চৰকাৰে ব্যাপক প্ৰস্তুতি চলাইছিল।

বৈঠকৰ স্থান সলনি হোৱা সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত কুমাৰে জনায় যে তেওঁ এই বিষয়ত কোনো কথা স্পষ্ট কৰিবলৈ নাই কিয়নো তেওঁৰ হাতত কোনো খৱৰ নাই।

জাপানৰ এটা দল বুধবাৰে গুৱাহাটীত প্ৰস্তুতিৰ বুজ ল’বলৈ উপস্থিত হৈছিল আৰু তেওঁলোকৰ প্ৰতিবেদনৰ ভিত্তিতে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে মূলত উত্তৰ-পূবত আন্তঃগাঁথনি আৰু বিভিন্ন ক্ষেত্ৰত জাপানৰ বিনিয়োগ বৃদ্ধি কৰাৰ প্ৰতি লক্ষ্য ৰাখিয়ে সন্মিলনখন গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ বিচৰা বুলি প্ৰকাশ পাইছিল।

জাপান চৰকাৰে উত্তৰ-পূবত মাত্ৰ ১৩,০০০ কোটি টকাৰ বিনিয়োগ কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছে বুলি ড’নাৰ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছিল।

উল্লেখযোগ্য যে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পূবলৈ চোৱা নীতিৰ আধাৰত উত্তৰ-পূবৰ বিকাশক মূল লক্ষ্য হিচাপে লৈ গুৱাহাটীত ভাৰত-জাপানৰ মাজত সন্মিলনখন অনুষ্ঠিত কৰিব বিচৰা বুলি বিজেপিৰ তৰফৰ পৰা প্ৰকাশ কৰিছে।

চীনৰ লগত ভাৰতৰ  কূটনৈতিক দিশৰ পৰাও ভাৰত-জাপান শীৰ্ষ সন্মিলনখন উত্তৰ-পূবত অনুষ্ঠিত হোৱাটো গুৰুত্বপূৰ্ণ হিচাপে বিৱেচিত হৈছিল।