এছিয়াৰ বিভিন্ন দেশত কৰোনাৰ আতংক পুনৰ আৰম্ভ হৈছে। জাপানত কৰোনাই আটাইতকৈ ব্যাপক প্ৰভাৱ পেলাইছে। যোৱা ২৪ ঘণ্টাত দেশখনত ৪৯ হাজাৰ ১১৭ জন লোক নতুনকৈ সংক্ৰমিত হৈছে। মৃত্যু হৈছে ১০৩ জন লোকৰ।
জাপানত এতিয়ালৈকে কৰোনাৰ ফলত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৪৯,২৮১ জন। মুঠ এক কোটি ২২ লাখ ২২ হাজাৰ আৰু ৬৫৭ জন লোক কৰোনাৰ পৰা সুস্থ হৈছে।
লগতে পঢ়ক: চীনত প্ৰতিবাদৰ মুখ ‘টেংক লেডী’! ঘূৰাই আনিছে তিয়েনানমেন স্কোৱেৰৰ স্মৃতি
দৈনিক সংক্ৰমণৰ ক্ষেত্ৰত দক্ষিণ কোৰিয়া জাপানৰ পিছতে আছে। যোৱা ২৪ ঘণ্টাত তাত ২২ হাজাৰ ৩২৭ জন লোক সংক্ৰমিত হৈছে। মৃত্যু হৈছে ৪৪ জন লোকৰ। এতিয়ালৈকে দেশখনত ৩ লাখ ৯৯ হাজাৰ ৭৫২ জন লোক সংক্ৰমিত হৈছে। কৰোনাত মুঠ ৩০ হাজাৰ ৪১৩ জন লোকৰ মৃত্যু হৈছে।
ভাৰত, ব্ৰাজিল, ব্ৰিটেইন, ৰাছিয়া, ইটালী, তুৰস্ক, স্পেইন, আৰ্জেণ্টিনা, ইৰাণ, কলম্বিয়া আৰু বাংলাদেশ তালিকাৰ পৰৱৰ্তী স্থানত আছে।
বিগত ২৪ ঘণ্টাত কৰোনা মহামাৰীৰ ফলত বিশ্বত ৮০০ জন লোকৰ মৃত্যু হৈছে। মুঠ ১ লাখ ২২ হাজাৰ আৰু ৬৫৭ জন লোক নতুনকৈ সংক্ৰমিত হৈছে।
লগতে পঢ়ক: ৫৮ বৰ্ষীয় ব্যক্তিৰ পেটত ওলাল ১৮৭টা মুদ্ৰা! হতভম্ব চিকিৎসকো
২০১৯ৰ ডিচেম্বৰত চীনৰ উহান প্ৰদেশৰ হুবেই চহৰত কৰোনা সংক্ৰমণৰ প্ৰথম ঘটনাটোপোহৰলৈ আহিছিল। কেইমাহমানৰ ভিতৰতে এই ভাইৰাছটো সমগ্ৰ বিশ্বতে বিয়পি পৰে।