DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

৫৮ বৰ্ষীয় ব্যক্তিৰ পেটত ওলাল ১৮৭টা মুদ্ৰা! হতভম্ব চিকিৎসকো

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2022 3:13 pm
Doctors remove 187 coins from man’s stomach
94
VIEWS
Share on FacebookShare on Twitter

৫৮ বৰ্ষীয় এগৰাকী সাধাৰণ ব্যক্তি। অস্বাভাৱিক হাৰত ব্যক্তিগৰাকীৰ পেট ফুলি উঠা দেখি পৰিয়ালৰ লোকে তেওঁক চিকিৎসকৰ ওচৰলৈ লৈ যায়। অসহ্য বিষত ধৰফৰাই থকা ব্যক্তিগৰাকীক চিকিৎসকে পৰীক্ষা কৰাৰ সময়তে পেটত বহু ধাতুৰ উপস্থিতি ধৰা পেলায়।

এই অকল্পনীয় অৱস্থিতি ধৰা পেলোৱাৰ পিছত চিকিৎসকে অৱশেষত ব্যক্তিগৰাকীৰ অপাৰেচন কৰি পেটৰ পৰা মুঠ ১৮৭ টা মুদ্ৰা উলিয়াই আনে। এই আশ্চৰ্যজনক ঘটনা সংঘটিত হৈছে কৰ্ণাটকত।

ৰাজ্যখনৰ বাগালকোটেৰ এইচ এছ কে হাস্পতালৰ চিকিৎসকে দ্যামাপ্পা হৰিজন নামৰ ব্যক্তিজনৰ পেটৰ পৰা এই ১৮৭ টা মুদ্ৰা উলিয়াই অনাৰ পিছত হতভম্ব হৈ পৰিছে।

জানিব পৰা মতে দ্যামাপ্পা স্কিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত আছিল। চিকিৎসকে প্ৰথমে এক্স-ৰে কৰি দ্যামাপ্পাই গিলি পেলোৱা মুদ্ৰাসমূহ ধৰা পেলায়। পুনৰ নিশ্চিত কৰিবলৈ চিকিৎসকে এণ্ড’স্কপি কৰে।

এণ্ড’স্কপিৰ জৰিয়তে সম্পূৰ্ণ নিশ্চিত হোৱাৰ পিছত চিকিৎসকে গেষ্ট্ৰ’টমীৰ অস্ত্ৰোপচাৰ কৰি তেওঁৰ পেটৰ পৰা এই বৃহৎ সংখ্যক মুদ্ৰা বাহিৰলৈ উলিয়াই আনে।

সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি অস্ত্ৰোপচাৰ বিশেষজ্ঞ ঈশ্বৰ কালবুৰ্গীয়ে কয়, ‘এয়া এক প্ৰত্যাহ্বানজনক পৰিস্থিতি আছিল। পেটটো বেলুনৰ দৰে হৈ পৰিছিল আৰু পেটত এটকা, দুটকা আৰু পাঁচ টকীয়া মুঠ ১.২ কিলোগ্ৰাম মুদ্ৰাৰে ভৰি আছিল।”

অপাৰেচনৰ পিছত চিকিৎসকে জানিবলৈ দিয়া মতে দ্যামাপ্পাই ৫৬ টা পাঁচটকীয়া মুদ্ৰা, ৫১ টা দুটকীয়া মুদ্ৰা আৰু ৮০ টা একটকীয়া মুদ্ৰা গিলি পেলাইছিল।

দ্যামপ্পাই এনেদৰে মুদ্ৰা গিলি পেলোৱাৰ বিষয়ে তেওঁৰ পৰিয়াল জ্ঞাত নাছিল। পেটৰ বিষ আৰু বমি হোৱাৰ ফলত চিকিৎসালয়লৈ নিয়াৰ পিছতহে তেওঁলোকে এই বিষয়ে জানিব পাৰিছিল।

দ্যামাপ্পাৰ পুত্ৰ ৰবিকুমাৰৰ ভাষ্য মতে দ্যামাপ্পা মানসিকভাৱে অসুস্থ আছিল যদিও প্ৰতিদিনে নিজৰ ৰুটিন কাম কৰিছিল। এনেদৰে মুদ্ৰাবোৰ গিলি পেলোৱাৰ কথা তেওঁ পৰিয়ালৰ কোনো সদস্যকে জনোৱা নাছিল।

“কিছুদিন পূৰ্বে অস্বাভাৱিক ধৰণে তেওঁৰ পেট ফুলি যোৱাৰ লগতে বিষ আৰু বমি হোৱাৰ পিছত তেওঁক চিকিৎসালয়লৈ লৈ যাওঁ আৰু স্কেনৰ পিছতহে আমি এই বিষয়ে জানিব পাৰোঁ।”— ৰবিকুমাৰে লগতে কয়।

ইফালে বহুদিন ধৰি তীব্ৰ যন্ত্ৰণাত ভূগি থকা দ্যামাপ্পা অপাৰেচনৰ পিছত এতিয়া সুস্থ অৱস্থাত আছে বুলিও ৰবিকুমাৰে লগতে কয়।

Recent News

Sanjay Dutt

প্ৰিয় অভিনেতালৈ মৰমৰ চিন! সঞ্জয় দত্তৰ নামত অনুৰাগী মহিলাই উইল কৰি গ’ল ৭২ কোটি টকাৰ সম্পত্তি

Hath se Hath Jodo campaign

ভাৰত জোড়ো যাত্ৰাই দিছে মনোবল! এইবাৰ দেশজোৰা ‘হাথ ছে হাত জোড়ো’ অভিযান কংগ্ৰেছৰ

Bindaas Mudasir Ahmed Sheikh

শৌৰ্য চক্ৰৰে সন্মানিত শ্বহীদ ‘বিন্দাছ’: কোন এই ‘বিন্দাছ’ মুদাছিৰ আহমেদ শ্বেখ!

India invites Pak foreign minister

উদ্দেশ্য SCO বৈঠক: ১২ বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ আমন্ত্ৰণ পাকিস্তানৰ বৈদেশিক মন্ত্ৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd