ভ্ৰমণ বিলাসী ধনকুবেৰ! ৬০০ কোটি টকা খৰচ কৰি ক’ৰ পৰা ঘুৰি আহিল এইগৰাকী মহাজন?

Japanese millionerrie

ভ্ৰমণৰ নামত এজন লোকে সৰ্বাধিক কিমান খৰচ কৰিব পাৰে? এনে অনুমান কৰাটো খুব সহজ নহয় যদিও সাধাৰণতে থুলমুল ধাৰণা এটা সকলোৰে থাকে। কিন্তু ভ্ৰমণৰ বাবে ৬০০কোটি টকা খৰচ কৰাৰ কথা কেতিয়াবা মনলৈ আহিব পাৰেনে?

জাপানৰ বিলিয়নিয়াৰ য়ুচাকু মায়েজাভাই সেয়াই কৰিলে। পিচে, তেওঁৰ ভ্ৰমণ  পৃথিৱীৰ আকৰ্ষণীয় স্থানসমূহ নহয়, তেওঁ মহাকাশতহে ঘুৰি ফুৰি আহিল।

আন্তৰ্জাতিক মহাকাশ ষ্টেশ্যনত ১২ দিন কটাই সোমবাৰে পৃথিৱীলৈ ঘুৰি আহিছে মায়েজাভা। তেওঁৰ এই ভ্ৰমণত খৰচ হৈছে প্ৰায় ৬২৫কোটি টকা।

Also Read: Jaya Bachchan loses cool আপোনালোকৰ বেয়া দিন আহি আছে; সংসদত বিজেপিক অভিশাপ জয়া বচ্চনৰ

মায়েজাভাই তেওঁৰ ব্যক্তিগত সহায়ক তথা ফিল্ম প্ৰডিউচাৰ ইয়োজো হিৰানো আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ মিছুৰকিনক লৈ কাজাখিস্তানৰ পৰা মহাকাশলৈ যাত্ৰা কৰিছিল আৰু ভ্ৰমণ সমাপ্ত কৰি কাজাখিস্তানতেই অৱতৰণ কৰে।

মায়েজাভাই ভ্ৰমণকালৰ কিছু ছবি তথা ভিডিঅ’ ছচিয়েল মিডিয়াত আপলোড কৰিছে। মহাকাশত ভৰশূন্য অৱস্থাত চাহ বনোৱাৰ ভিডিঅ’ৰ লগতে প’ষ্টত মহাকাশ ষ্টেশ্যনত অতিৰিক্ত আণ্ডাৰৱেৰৰ অভাৱৰ বিষয়েও আলোচনা কৰা দেখা গৈছে। মায়েজাভাই তেওঁৰ এই মহাকাশ ভ্ৰমণ বৰকৈ উপভোগ কৰিছে।

ছচিয়েল মিডিয়াত প্ৰকাশ পোৱা মতে মায়েজাভাৰ এই ভ্ৰমণত প্ৰায় ৬২৫কোটি টকা খৰচ হৈছে। অৱশ্যে তেওঁ  নিজে এই ভ্ৰমণৰ খৰচ প্ৰকাশ কৰাৰ পৰা বিৰত আছে।

Also Read:আৰু ক’ত ক’ত আছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূ-সম্পত্তি?— প্ৰতিবেদন

মহাকাশত প্ৰথমবাৰ ভ্ৰমণ কৰি অহা ধনকুবেৰ মায়েজাভাৰ ২০২৩চনত পুনৰ মহাকাশলৈ যোৱাৰ পৰিকল্পনা আছে। এইবাৰ তেওঁ চন্দ্ৰলৈ যোৱাৰ হেঁপাহ পুহি ৰাখিছে। ধনকুবেৰগৰাকীয়ে তেওঁৰ লগত আন আঠগৰাকী সহযাত্ৰী লৈ যোৱাৰ কথাও ঘোষণা কৰিছে।  

ফ’ৰ্বছত প্ৰকাশিত তথ্য অনুসৰি য়ুছাকু মায়েজাভাৰ ব্যক্তিগত সম্পত্তিৰ পৰিমান হৈছে প্ৰায় ১৭ হাজাৰ কোটি টকা।