• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰু ক’ত ক’ত আছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূ-সম্পত্তি?— প্ৰতিবেদন

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 20, 2021 8:36 pm
587
VIEWS
Share on FacebookShare on Twitter

সৰু সৰু ভূ মাফিয়াক জেইলত ভৰোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা পৰিয়ালেই ভূমি কেলেংকাৰিত জড়িত। ইতিমধ্যে তথ্য সহকাৰে স্বতন্ত্ৰ সংবাদ মাধ্যমে এই বাতৰি প্ৰচাৰ কৰিছে। কিন্তু বিষয়টোৱে অসমৰ ৰাজনীতিত যিমান গুৰুত্ব পাব লাগিছিল সিমান গুৰুত্ব যেন নেপালে!

বিৰোধী ৰাজনৈতিক দলসমূহে মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰীকলৈ সোচ্চাৰ হ’লেও যেন সেয়া অৰণ্যৰোদনহে হৈ থাকিল!

বিশেষকৈ মূলসুঁতি সংবাদ মাধ্যম, জাতীয় জনগোষ্ঠীয় সংগঠনসমূহ মৌনতাই এই ভূমি কেলেংকাৰিক যেন নায্যতাহে দিলে।
বৈদ্যুতিন সংবাদ মাধ্যম আৰু ছপা মাধ্যমে মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰিৰ বিৰুদ্ধে এটা টু শব্দ কৰাতো বাদেই
আনকি বিৰোধী দলে মুখ্যমন্ত্ৰী পৰিয়ালৰ বিৰুদ্ধে সম্বোধন কৰা সংবাদ মেলৰ খবৰো সম্প্ৰচাৰ আৰু প্ৰকাশ নকৰি প্ৰভু ভক্তিৰ পৰিচয় দিলে।

জাতি-জনগোষ্ঠীয় দল সংগঠন আৰু মূলসুঁতি সংবাদ মাধ্যমে সমগ্ৰ বিষয়টোত টুপাই বুৰ মাৰিলেও দুই এক স্বতন্ত্ৰ ৱেব পৰ্টেলে এই ভূমি কেলেংকাৰিৰ সম্পৰ্কীয় বাতৰি সবিস্তাৰ সম্প্ৰচাৰ কৰি আহিছে।

নৰ্থইষ্ট নাওৱেও মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰিৰ সম্পৰ্কীয় বাতৰিক জনতাৰ ওচৰলৈ নিবলৈ প্ৰয়াস কৰি আহিছে।

এই প্ৰয়াসৰ মাজতে নৰ্থইষ্ট নাওৰ হাতত মুখ্যমন্ত্ৰী পৰিয়ালৰ অন্য এক ভূমি কেলেংকাৰিৰ তথ্য হাতত পৰিছে।

অসম চৰকাৰৰ ধৰিত্ৰী পৰ্টেলত উপলব্ধ তথ্য অনুসৰি মুখ্যমন্ত্ৰীৰ পত্নীৰ ৰিণিকি ভূঞা শৰ্মাৰ ভূমিৰ ভোক কেৱল কামৰূপ মহানগৰ আৰু কামৰূপ জিলাতে সীমাৱদ্ধ হৈ থকা নাছিল।

তেওঁৰ মাটিৰ খঁক মধ্য তথা উজনি অসমলৈকে পৰিব্যাপ্ত হৈ পৰিছিল।

অসম চৰকাৰৰ ৰাজহ বিভাগৰ ধৰিত্ৰী পৰ্টেলৰ মতে ৰিণিকি ভূঞা শৰ্মাই ২০০৫ চনতে গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ কাজিৰঙা মৌজাটো প্ৰিমিয়াম জমা দি চৰকাৰী ভূমি অন্য ব্যক্তিক বিক্ৰী কৰিছিল।

উপলব্ধ তথ্যৰ মতে ২০০৪-০৫ বৰ্ষত ৰিণিকি ভূঞা শৰ্মাই কাজিৰঙা মৌজাৰ হালোৱা এন. চি গাঁৱত ১৮৬ দাগৰ ১ বিঘা ৩ কঠা ২ লেচা আৰু ১৮৭ দাগৰ ৩ বিঘা ১ কঠা ৪ লেচা মাটি প্ৰিমিয়াম জমা দি ২০০৫চনৰ ১০ মে’ তাৰিখে ম্যাদীভুক্ত কৰে।
৮ নং চালানৰ মতে ২০০৫ বৰ্ষৰ ১৮ নৱেম্বৰত ১৮৬ দাগৰ ১ বিঘা ৩ কঠা ২ লেচা আৰু ১৮৭ দাগৰ ৩ বিঘা ১ কঠা ৪ লেচা মাটি খৰিদ্দাৰ সূত্ৰে ৰিণিকি ভূঞা শৰ্মাৰ নামত নামজাৰি কৰা হয়। অৰ্থাৎ প্ৰিমিয়াম দি এই মাটি নিজৰ নামত নামজাৰি কৰা এই ভূমি ৰাশি চৰকাৰী ভূমিয়েই হ’ব লাগিব।


কিন্তু পৰৱৰ্তী সময়ত এই ভূমি ৰঞ্জীত ভট্টাচাৰ্য্য নামৰ এজন লোকক বিক্ৰী কৰে ৰিণিকি ভূঞা শৰ্মাই। কিন্তু এই ৰঞ্জিত ভট্টাচাৰ্য কোন জানেনে? এই ৰঞ্জিত ভট্টাচাৰ্য হৈছে ৰিণিকি ভূঞা শৰ্মাৰ ব্যৱসায়িক প্ৰতিষ্ঠান RBS ৰিলেয়ৰ্ট্ছ প্ৰাইভেট লিমিটেডৰ বৰ্তমানৰ পৰিচালক সঞ্চালক। উল্লেখ্য যে এই প্ৰতিষ্ঠানতে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ ব্যক্তিগত সৰ্বাধিক শ্বেয়াৰ আছে।

ইফালে কাজিৰঙা হালোৱা ননকে গাঁৱতো ৰিণিকি ভূঞা শৰ্মাক ৰিজ’ৰ্ট খোলাৰ নামত ৭ বিঘাৰো অধিক মাটি আৱণ্টন দিয়া হৈছিল।

ধৰিত্ৰী পৰ্টেলৰ তথ্য মতে ৯ এপ্ৰিল ২০০৭ বৰ্ষত ৫ লাখ ৪৪ হাজাৰ ৭৯০ টকা প্ৰিমিয়াম জমা দি ৰিণিকি ভূঞা শৰ্মাই ২৫ নং পট্টাৰ ১৯৩, ২২৪ আৰু ২২৫ নং দাগৰ ৭ বিঘা ৪ কটা ৫ লেচা মাটি আৱণ্টন লাভ কৰিছিল। এই ভূমি ৰাশি হোটেল আৰু ৰিজ’ৰ্ট নিৰ্মাণৰ বাবে আৱণ্টন কৰা বুলি নথিত স্পষ্টভাৱে উল্লেখ আছে। অৱশ্যে ৪ মাৰ্চ ২০১১ত ইস্তফাবাদৰ আবেদনৰ ভিত্তিত উক্ত ভূমিৰ আৱণ্টন নামঞ্জুৰ কৰা হয়। অৰ্থাৎ বিষয়টো ৰাজহুৱা হোৱাৰ বাবে উক্ত ভূমিৰাশি চৰকাৰক ঘূৰাই দিবলৈ বাধ্য হয় ৰিণিকি ভূঞা শৰ্মাই।


ইফালে হালোৱা এন চি গাঁৱৰ সমীপৰ চেপেনা কোবোৱা গাঁৱতো মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিক শৰ্মা ভূঞাই ভূমি ক্ৰয়ৰ তথ্য ধৰিত্ৰী পৰ্টেলত উপলব্ধ। তথ্যৰ অনুসৰি চেপেনা গাঁৱত ২১ নং পট্টাৰ ৩৩৯ নং দাগত ৪ কঠা ১৩ লেচা, ৭৫ নং পট্টাৰ ৩৩৭ নং দাগত ২ কঠা, ১৪ লেচা আৰু ১২২ নং পট্টাৰ ৪৩৬ নং দাগত ২ কঠা ৩ লেচা মাটি থকাৰ তথ্য পোৱা গৈছে, অৰ্থাৎ চেপেনা কোবোৱা গাঁৱত তেওঁৰ নামত ভূমি আছিল ১ বিঘা ৩ কঠা ১০ লেচা। এইদৰে মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভুঞা শৰ্মাই তেতিয়াই কাজিৰঙাত ৬ বিঘা ৩ কঠা ২ লেচাৰ মাটিৰ গৰাকী হৈছিল।

আৰু পিছত সেই সকলো ভূমিকেই নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সঞ্চালক ৰঞ্জিত ভট্টাচাৰ্যক বিক্ৰী কৰিছিল। এই বৃহৎ ভূমি ৰাশি কিয় ৰঞ্জিত ভট্টাচাৰ্যক বিক্ৰী কৰি তেওঁৰ নামত নামজাৰি কৰা হৈছিল সেয়া বুদ্ধিদীপ্ত মানুহক বুজাই কোৱাৰ হয়তো প্ৰয়োজন নাই।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd