দ্ৰুত গতিত হ্ৰাস পাইছে জন্মৰ হাৰ : চিন্তিত হৈ পৰিছে প্ৰধানমন্ত্ৰী

জন্মৰ হাৰ দ্ৰুতগতিত হ্ৰাস পোৱাক লৈ চিন্তিত হৈ পৰিছে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডা। সোমবাৰে জাপানৰ প্ৰধানমন্ত্ৰীৰ এগৰাকী মুখপাত্ৰই উদ্বেগ প্ৰকাশ কৰি কয় যে, “আমি আশংকা কৰিছোঁ যে যদি আমি হ্ৰাস পোৱা জন্মৰ হাৰ পোৱাৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ তেন্তে এদিন জাপানৰ অস্তিত্ব নোহৱা হৈ যাব।”

উল্লেখ্য যে কভিড মহামাৰীৰ পিছৰ পৰ্যায়ত অৰ্থনৈতিক অস্থিৰতা বৃদ্ধি পোৱাৰ ফলত জাপানী লোকসকলৰ মাজত পৰিয়াল সৰু কৰি ৰখাৰ প্ৰৱণতা বৃদ্ধি পাইছে

দৰাচলতে জাপানৰ নৱ প্ৰজন্মৰ এক বৃহৎ অংশই এতিয়া বিবাহ কৰিবলৈ অনিচ্ছুক। ইয়াৰ বাবেই জন্মৰ হাৰ দ্ৰুতগতিত হ্ৰাস পাইছে।

এই পৰিস্থিতি দেখি জাপানৰ চৰকাৰ বৰ চিন্তিত হৈ পৰিছে। চৰকাৰী বিবৃতিটোত কোৱা হৈছে যে, “এইদৰে চলি থাকিলে দেশৰ সামাজিক গাঁথনি ধ্বংস অৰ্থনীতিৰ পতন ঘটিব।”

কিন্তু বিভিন্ন সামাজিক সংগঠনৰ মতে টকিঅ’ৰ কঠোৰ অনুপ্ৰৱেশ নীতিয়েই জন্মৰ হাৰ হ্ৰাস পোৱাৰ আঁৰৰ অন্যতম কাৰণ।

নেশ্যনেল ইনষ্টিটিউট অৱ পপুলেচন এণ্ড ছ’চিয়েল ছিকিউৰিটি নামৰ চৰকাৰী সংস্থা এটাই ২০২১ চনত কৰা এক সমীক্ষাৰ ফলাফলত জন্ম হাৰৰ অনুপাতক লৈ যথেষ্ট উদ্বেগ প্ৰকাশ পাইছিল

সমীক্ষা অনুসৰি ১৮ৰ পৰা ৩৪ বছৰ বয়সৰ ১৭.৩ শতাংশ পুৰুষ আৰু ১৪.৬ শতাংশ মহিলাই কয় যে তেওঁলোকৰ বিবাহৰ কোনো উদ্দেশ্য নাই। ১৯৮২ চনৰ পৰা প্ৰতি বছৰে এই সমীক্ষা চলি আহিছে। কিন্তু যোৱা কেইবছৰমানৰ সমীক্ষাৰ ফলাফলে জাপান চৰকাৰক চিন্তা কৰিবলৈ বাধ্য কৰাইছে।

চৰকাৰী পৰিসংখ্যা অনুসৰি ২০২২ চনত জাপানত ৮ লাখতকৈও কম শিশুৰ জন্ম হৈছিল। ২০২১ চনত এই সংখ্যা আছিল ৮ লাখ ১২ হাজাৰ। ২০২০ চনত ৭ লাখ ৪০ হাজাৰ। আনহাতে, ২০২২ চনত জাপানত ১৫.৮ নিযুত লোকৰ মৃত্যু হৈছিল। অৰ্থাৎ জন্মৰ তুলনাত মৃত্যুৰ হাৰ প্ৰায় দুগুণ!