১০ বছৰ ধৰি এগৰাকী মহিলাই ফ্ৰীজত ভৰাই ৰাখিলে মাতৃৰ মৃতদেহ! তাৰপিছত…

a mother

এদিন দুদিন বা এবছৰ দুবছৰ নহয় , ১০ বছৰ ধৰি ফ্ৰীজৰ ভিতৰত আৱদ্ধ কৰি ৰখা হ’ল এগৰাকী মহিলাৰ মৃতদেহ।

জাপানৰ ট’কিওত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা।

ট’কিওৰ এটি এপাৰ্টমেণ্টত সুদীৰ্ঘ দহ বছৰ ধৰি নিজৰ মাতৃৰ মৃতদেহ ফ্ৰীজত ভৰাই ৰাখিলে এগৰাকী মহিলাই।

অৱশেষত যেনিবা ১০ বছৰে গোপন হৈ থকা এই কথা পোহৰলৈ আহিল।

ট’কিওৰ এটা হাউছিং কমপ্লেক্সৰ এপাৰ্টমেণ্টত বাস কৰা য়ুমি ইয়োছিনো নামৰ মহিলাগৰাকীয়ে ১০ বছৰ পূৰ্বে কোনোৱা এটা দিনত বাহিৰৰ পৰা ফুৰি আহি দেখিবলৈ পালে যে ঘৰত তেওঁৰ মাতৃ মৃত অৱস্থাত পৰি ৰৈছে।

য়ুমিয়ে লগে লগে মাতৃৰ মৃতদেহটো এটা ফ্ৰীজত ভৰাই থৈ দিলে আৰু মাতৃৰ মৃত্যুৰ কথা ঘূণাক্ষৰেও কাকো জানিবলৈ নিদিলে।

মাতৃৰ মৃতদেহ ফ্ৰীজত ভৰাই থোৱাৰ সময়ত য়ুমিৰ বয়স আছিল ৩৪ আৰু তেওঁৰ মাতৃৰ বয়স আছিল প্ৰায় ৬০ বছৰ।

হাউছিং কমপ্লেক্সৰ ঘৰটোৰ ভাড়া বহু দিন ধৰি আদায় নিদিয়াৰ বাবে শেহতীয়াকৈ য়ুমিক ঘৰটোৰ পৰা উলিয়াই দিয়া হৈছে।

ঘৰটো পৰিস্কাৰ কৰিবলৈ যোৱাৰ সময়তে এজন লোকে ফ্ৰীজৰ ভিতৰত ৰখা মৃতদেহটো দেখিবলৈ পায়।

লগে লগে আৰক্ষীক খবৰ দিয়া হয় যদিও য়ুমি ইয়োছিনোই পলায়ন কৰে।

অৱশেষত জাপানৰ আৰক্ষীয়ে দেশ খনৰ চিবা নামৰ চহৰ খনৰ পৰা য়ুমিক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি হাউছিং কমপ্লেক্সৰ ঘৰটো আছিল তেওঁৰ মাকৰ নামত।

মাতৃৰ মৃত্যু হোৱা বুলি জানিলে ঘৰটোৰ পৰা য়ুমিক উচ্ছেদ কৰা হ’ব বুলি আশংকা কৰিয়েই তেওঁ মাকৰ মৃত্যুৰ খবৰ কাকো দিয়া নাছিল বা মৃতদেহ সৎকাৰ কৰাৰ কথাও ভবা নাছিল।

ইয়াৰ পৰিৱৰ্তে তেওঁ মাতৃৰ মৃতদেহ ফ্ৰীজত লুকুৱাই ৰখাৰহে সিদ্ধান্ত হৈছিল।

বছৰৰ পিছত বছৰ ধৰি ফ্ৰীজত থকাৰ বাবে মৃতদেহটো প্ৰায় অক্ষত অৱস্থাতে থকা বুলি জানিব পৰা গৈছে।

এই ঘটনাই জাপানত চাঞ্চল্যৰ সৃষ্টি কৰিছে।