সুখবৰ! নীলা জাৰ্চী পৰিধান কৰি অচিৰেই খেলপথাৰত বুমৰাহ

Jasprit Bumrah

ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ। দলৰ বলিং আক্ৰমণৰ কাণ্ডাৰী স্বৰূপ যশপ্ৰীত বুমৰাহ আঘাতৰ সমস্যা নেওচি সাজু হৈ উঠিছে প্ৰত্যাৱৰ্তনৰ বাবে। অচিৰেই জাতীয় দলৰ নীলা জাৰ্চী পৰিধান কৰি খেলপথাৰত নামিবলৈ সাজু হৈছে তাৰকা পেচাৰগৰাকী।

শ্ৰীলংকাৰ বিৰুদ্ধে আগন্তুক এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত হৈছে বুমৰাহে। আঘাতৰ পৰা সুস্থ হৈ যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ঘৰুৱা টি-২০ শৃংখলাত বুমৰাহে ভাৰতীয় দলৰ হৈ খেলপথাৰত নামিছিল যদিও তাৰ পিছতে পুনৰ পিঠিৰ আঘাতত ভুগিছিল।

এই আঘাতৰ বাবেই এছিয়া কাপ আৰু টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হৈছিল তাৰকা পেচাৰগৰাকী। বুমৰাহৰ প্ৰত্যাৱৰ্তনে ভাৰতীয় দলৰ পেচ বলিং বিভাগক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, চলিত বছৰতে ভাৰতত অনুষ্ঠিত হ’ব ৫০ অভাৰৰ বিশ্বকাপ। বিশ্বকাপৰ পূৰ্বে বুমৰাহৰ প্ৰত্যাৱৰ্তনে ভাৰতীয় দলৰ শক্তি বৃদ্ধি কৰিব।

“২০২২ চনৰ ছেপ্টেম্বৰৰ পৰা বুমৰাহ ক্ৰিকেটৰ পৰা আঁতৰি আছিল আৰু পিঠিৰ আঘাতৰ বাবে আইচিচি টি-২০ বিশ্বকাপৰ পৰাও বাহিৰ হৈছিল। পেচাৰগৰাকীক নেচনেল ক্ৰিকেট একাডেমীয়ে ফিট বুলি ঘোষণা কৰিছে। তেওঁ ভাৰতীয় এদিনীয়া দলত অতি সোনকালে যোগদান কৰিব।”- এক বিবৃতিত বিচিচিআইয়ে কয়।

শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়াৰ বাবে ভাৰতৰ দলঃ ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, সূৰ্য্যকুমাৰ যাদৱ, শ্ৰেয়স আয়াৰ, কে এল ৰাহুল, ঈশান কিষণ, হাৰ্দিক পাণ্ডিয়া, ৱাশ্বিংটন সুন্দৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্ষৰ পেটেল, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি, মহম্মদ ছিৰাজ, উমৰান মালিক, অৰ্শদ্বীপ সিং।