আশাহত ভাৰত! টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হ’ল বুমৰাহ

Bumrah

অষ্ট্ৰেলিয়ালৈ বুমৰাহ অবিহনেই ৰাওনা হ’ব ভাৰতীয় ক্ৰিকেট দল। শেহতীয়াকৈ চলি থকা আশংকাপূৰ্ণ চৰ্চাৰ পাছত অৱশেষত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড, চমুকৈ বিচিচিআই- এ এই চূড়ান্ত ঘোষণা কৰিছে। বিচিচিআইৰ এই ঘোষণাৰ লগে লগে বিশ্বজয়ৰ আশাত কিঞ্চিত বাধা আহি পৰিছে ভাৰতীয় ক্ৰিকেট দল তথা অনুৰাগীৰ মনত।

আজি এক বিবৃতি যোগে বিচিচিআই- এ আনুষ্ঠানিকভাৱে বুমৰাহ বিশ্বকাপৰ পৰা বাহিৰ হোৱা বুলি নিশ্চিত কৰে। তাৰকা পেচাৰগৰাকী দলৰ পৰা বাদ পৰাৰ পিছত তেওঁৰ স্থানত বিশ্বকাপৰ বাবে কাক দলত অন্তৰ্ভুক্ত কৰা হ’ব, সেই সন্দৰ্ভত শীঘ্ৰেই ঘোষণা কৰা হ’ব বুলি বিচিচিআই- এ লগতে উল্লেখ কৰে।

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা টি-২০ শৃংখলাৰ প্ৰথমখন পূৰ্বে বুমৰাহে পিঠিত আঘাত পাইছিল আৰু মেচখনত অংশ লোৱা নাছিল। বুমৰাহৰ আঘাতৰ বিষয়ে জানিব পৰাৰ পিছতে বিশ্বকাপত তেওঁৰ উপস্থিতি সন্দেহৰ আৱৰ্তত সোমাই পৰিছিল।

এনে চৰ্চাৰ মাজতে বিগত বৃহস্পতিবাৰে বিচিচিআইৰ এগৰাকী বিষয়াই সংবাদ মাধ্যমৰ আগত বুমৰাহ বিশ্বকাপৰ পৰা বাহিৰ হোৱা বুলি জানিবলৈ দিছিল। তেওঁ লগতে গুৰুতৰ আঘাতৰ বাবে পেচাৰগৰাকী পাঁচ-ছয়মাহ সময় ক্ৰিকেটৰ পৰা আঁতৰত থাকিব লাগিব বুলিও মন্তব্য কৰিছিল।

কিন্তু এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে বিচিচিআই- এ তেতিয়ালৈকে কোনো ঘোষণা কৰা নাছিল। ইফালে বিষয়া গৰাকীৰ এই মন্তব্যৰ পিছদিনাই বিচিচিআই- এ এক বিবৃতি যোগে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলিত টি-২০ শৃংখলাৰ পৰা বুমৰাহ বাদ পৰা বুলি ঘোষণা কৰিছিল।

আনহাতে শৃংখলাটোৰ পৰা বাহিৰ হ’লেও বুমৰাহ বিশ্বকাপৰ পৰা বাহিৰ হোৱা নাই বুলি এক সাক্ষাৎকাৰত মন্তব্য কৰিছিল বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে। দুই-তিনিদিনৰ ভিতৰত এই বিষয়ে নিশ্চিত হ’ব পৰা যাব বুলি গাংগুলীয়ে লগতে মন্তব্য কৰিছিল।

অৱশেষত আজি তাৰকা পেচাৰগৰাকী বিশ্বকাপৰ পৰা বাহিৰ হোৱা বুলি ঘোষণা কৰিবলৈ বাধ্য হয় বিচিচিআই। বিচিচিআইয়ে জানিবলৈ দিয়া মতে, তাৰকাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ পিছত বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰা হয় আৰু অৱশেষত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি বিচিচিআই- লগতে উল্লেখ কৰে।

আনহাতে বিশ্বকাপৰ বাবে ভাৰতীয় দলত বুমৰাহৰ স্থান কোনে ল’ব, সেই সন্দৰ্ভত শীঘ্ৰেই ঘোষণা কৰা হ’ব বুলি বিচিচিআই- এ জানিবলৈ দিছে। এতিয়ালৈকে এই বিষয়ত কোনো ইংগিত নাথাকিলেও ইতিপূৰ্বে ঘোষিত দলত ষ্টেণ্ডবাই হিচাপে থকা অভিজ্ঞ পেচাৰ মহম্মদ ছামি আৰু দীপক চাহাৰৰ মাজৰ কোনো এগৰাকীয়ে স্থান লাভ কৰাৰ প্ৰায় সম্ভাৱনা আছে।