বুমৰাহৰ আন এক অভিলেখ: অতিক্ৰম কৰিলে ভুৱনেশ্বৰ কুমাৰ, জাহিৰ খানক

Jasprit Bumrah

ভাৰতীয় টেষ্ট দলৰ নেতৃত্ব লাভৰ পিছতে নতুন ৰূপত উজলি উঠিছে তাৰকা বেগী বলাৰ তথা তথা ভাৰতীয় বলিং আক্ৰমণৰ মেৰুদণ্ড যশপ্ৰীত বুমৰাহ।

চলিত ভাৰত বনাম ইংলেণ্ডৰ মাজৰ টেষ্ট শৃংখলাৰ নিৰ্ণায়ক এজবাষ্টন টেষ্টত শনিবাৰে দুৰ্দান্ত বেটিং প্ৰদৰ্শনেৰে এক ঈৰ্ষণীয় অভিলেখ স্থাপন কৰাৰ পিছত হাতত বল লৈও আন এক অভিলেখ ৰচনা কৰিছে বুমৰাহে।

টেষ্টখনত ইংলেণ্ডৰ ইনিংছৰ তিনিটা উইকেট দখল কৰি এক ভাৰতীয় ৰেকৰ্ড স্থাপন কৰিছে বুমৰাহে। তাৰকা বলাৰগৰাকীয়ে ইংলেণ্ডত এটা টেষ্ট শৃংখলাত সৰ্বাধিক উইকেট দখল কৰা ভাৰতীয় বলাৰ হিচাপে এক নতুন অভিলেখ গঢ়িছে।

পাঁচখনীয়া শৃংখলাটোত বুমৰাহে এইপৰ্যন্ত ২১ টা উইকেট দখল কৰিছে। এইদৰে বুমৰাহে ভাৰতৰ অন্য এজন তাৰকা বলাৰ ভুৱনেশ্বৰ কুমাৰৰ নামত থকা অভিলেখ ভংগ কৰে।

ভুৱনেশ্বৰে ২০১৪ চনত পাঁচখন খেলৰ শৃংখলাৰ সময়ত ১৯ টা উইকেট দখল কৰিছিল।

ভুৱনেশ্বৰ কুমাৰৰ পূৰ্বে এই অভিলেখ আছিল জাহিৰ খান আৰু ইশান্ত শৰ্মাৰ নামত। জাহিৰ খানে ২০০৭ চনত ইংলেণ্ডৰ বিৰুদ্ধে ৩ খনীয়া টেষ্ট শৃংখলাত ১৮ টা উইকেট লাভ কৰিছিল।

আনহাতে ইশান্ত শৰ্মাই ২০১৮ চনত ৫ খনীয়া টেষ্ট শৃংখলাৰ সময়ত ১৮ টা উইকেট দখল কৰিছিল।