সুস্থ আঞ্চলিকতাবাদৰ ভেটি প্ৰতিষ্ঠাৰ সংকল্পৰে একত্ৰিত হ’ল দুই আঞ্চলিক ৰাজনৈতিক দল আঞ্চলিক গণ মৰ্চা আৰু অসম সংগ্ৰামী মঞ্চ

অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আঞ্চলিকতাবাদী দৃষ্টিভংগীৰে দীৰ্ঘদিন ধৰি কাম কৰি অহা দুটা আঞ্চলিক ৰাজনৈতিক দল ক্ৰমে আঞ্চলিক গণ মৰ্চা আৰু ২০১৫ চনতে গঠিত অসম সংগ্ৰামী মঞ্চ আজিৰ পৰা আনুষ্ঠানিকভাৱে একত্ৰিত হ’ল বুলি ঘোষণা কৰে সন্মানীয় ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই।

আজি গুৱাহাটী আমবাৰীস্থিত প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এই কথা ঘোষণা কৰি ভূঞাই কয় “ৰাজ্যখনৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিত আপোচবিহীন আঞ্চলিকতাবাদৰ ওপৰত বিশ্বাসী ৰাজনৈতিক নেতৃত্বৰ অভাৱৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ দৰে শক্তি সমূহৰ দৌৰাত্ম্য বাঢ়িছে আৰু উক্ত অভাৱ পূৰ্ণৰ বাবে এক শক্তিশালী বিকল্প হিচাপে আজিৰ পৰাই চেষ্টা আৰম্ভ কৰিব এই একত্রিত দলটোৱে।

উল্লেখ্য যে দুয়োটা দলৰ কেন্দ্ৰীয় পৰ্যায়ৰ লোৱা সিদ্ধান্ত মর্মে আজিৰ পৰা জাতীয় দল, অসম নামেৰে দলটো নামকৰণ কৰা হয়।”

অসমে আজিৰ ৰাজনৈতিক পৰিস্থিতিত ৰাইজে বিচৰা ধৰণৰ এক শক্তিশালী প্রগতিশীল আঞ্চলিক দলৰ ভূমিকা পালন কৰিবলৈ সম্পূর্ণ চেষ্টা কৰিব বুলি উল্লেখ কৰে দলটোৰ সভাপতি হিচাপে দায়িত্ব লোৱা সাংসদ অজিত কুমাৰ ভূঞাই।

তেওঁ লগতে কয় “বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত চলি থকা কেন্দ্ৰীয় চৰকাৰৰ অতিকেন্দ্রিক শাসন ব্যৱস্থা প্ৰৱৰ্তন আৰু অৰ্থনৈতিক শোষনৰ বিৰুদ্ধে ৰাইজৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো প্ৰতিৰোধ গঢ়ি তোলাত আগভাগ ল’ব জাতীয় দল অসমে।”

দলটোৰ কাৰ্যকৰী সভাপতি দিগন্ত কোঁৱৰে কয় “ভাৰতীয় জনতা পাৰ্টিয়ে বৰ্তমানৰ পৰিস্থিতিত যি সাম্প্রদায়িক মেৰুকৰণ গঢ়ি তুলিছে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ অসমৰ সকলো সম ভাবাপন্ন জাতীয় শক্তি একত্রিত হ’ব হ’ল।”

লগতে অসমৰ মৌলিক আৰু জাতীয় প্ৰশ্নবোৰৰ ক্ষেত্ৰত জাতীয় দল অসমে এক আপোচবিহীন স্থিতি ল’ব বুলি তেখেতে ঘোষণা কৰে।

সংবাদমেলত দলটোৰ নেতৃত্বই জনায় যে জিলা পৰ্যায়ৰ পৰাই দলটোক অধিক শক্তিশালী কৰি অনাগত দিনত আহি থকা নির্বাচন সমূহত এক শক্তিশালী ৰূপত অৱতীৰ্ণ হ’বলৈ চেষ্টা ইতিমধ্যে আৰম্ভ কৰা হৈছে।

উক্ত সংবাদমেলত দলটোৰ সাধাৰণ সম্পাদকদ্বয় প্ৰণৱ জ্যোতি চেতিয়া, সমৰজ্যোতি বেজবৰুৱাকে ধৰি বহু শীর্ষ নেতৃত্ব উপস্থিত থাকে।