• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰীক্ষাকেন্দ্ৰত মোবাইল! শিক্ষিত নিবনুৱাক প্ৰতাৰণাৰ অভিযোগ তুলি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ জাতীয় যুৱ বাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 12, 2023 9:13 pm
Assam govt job
245
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক অসম চৰকাৰে পুনৰ প্ৰতাৰণা কৰিছে। স্বাস্থ্য বিভাগত নিযুক্তিৰ নামত আন এক প্রতাৰণা কৰিছে অসম চৰকাৰে৷ এই অভিযোগ তুলি আজি অসম চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে ৰাইজৰ দলৰ ছাত্ৰ সংগঠন জাতীয় যুৱ বাহিনী।

আজি অনুষ্ঠিত হোৱা স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গ নিযুক্তি পৰীক্ষাৰ পিছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা এখন বিশেষ ফটোক কেন্দ্ৰ কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এই অভিযোগ তুলিছে জাতীয় যুৱ বাহিনীয়ে।

এক বিবৃতি যোগে ছাত্ৰ সংগঠনটোৱে অসম চৰকাৰক সমালোচনা কৰি নিকা, স্বচ্ছ নিযুক্তি প্রক্ৰিয়া অবিহনে পৰীক্ষা অনুষ্ঠিত কৰি সমগ্ৰ বিষয়টোৱেই এক ভালুকৰ সাঙীত পৰিণত কৰা চৰকাৰে নিযুক্তিৰ নামত কিমান নাটক ৰচিব বুলি কটাক্ষ কৰে।

বিবৃতিটোত জাতীয় যুৱ বাহিনীয়ে কয়, “PNRD, DIPR, Irrigation, Foreigners Tribunal আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নিযুক্তি সম্পৰ্কীয় ব্যাপক খেলিমেলিৰ পাছত এইবাৰ দেখা গ’ল অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গ নিযুক্তি পৰীক্ষাত বিসংগতি।”

বিবৃতিটোত লগতে কোৱা হৈছে, “ইতিমধ্যে সামাজিক মাধ্যমত আজি হৈ যোৱা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্রশ্ন কাকতৰ আৰু OMR Sheet সংলগ্ন দুখন ফটো ভাইৰেল হৈ পৰিছে। স্বচ্ছ আৰু নিকা পদ্ধতিৰে অনুষ্ঠিত কৰা এটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষাৰ্থীয়ে মোবাইল লৈ যোৱা ঘটনাই এক নজিৰ সৃষ্টি কৰিছে।”

ৰাজ্যৰ লক্ষাধিক নিবনুৱাৰ সৈতে চৰকাৰে ল’ৰা-ধেমালি কৰা বুলি অভিযোগ কৰি জাতীয় যুৱ বাহিনীয়ে ধিক্কাৰ দিয়াৰ লগতে যদি সঠিক সময়ত ইয়াৰ সু-ব্যৱস্থা নলয় তেন্তে অনাগত দিনত যোগ্য শিক্ষিত নিবনুৱা লোকসকলে এই সংস্থাপনৰ পৰা যে বঞ্চিত হ’ব সেয়া নিশ্চিত বুলি দাবী কৰে।

“সেয়েহে আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে শিক্ষা বিভাগৰ মন্ত্ৰী ডাঙৰীয়াক এই প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ইয়াৰ সঠিক তদন্ত কৰিবলৈ দাবী জনাইছোঁ।”— প্ৰকাশিত বিবৃতিটোত জাতীয় যুৱ বাহিনীয়ে লগতে কয়।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

ভাৰত-পাকিস্তানৰ উত্তেজনৰ বাবে এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে বিমান সেৱা

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মোডীৰ সকীয়নিৰ পিছতো পুনৰ জম্মু-পঞ্জাৱৰ একাধিক স্থানত ড্ৰ’ন আক্ৰমণৰ চেষ্টা পাকিস্তানৰ!

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd