NORTHEAST NOW (Assamese)

একজিট প’ল তৎকালেই বন্ধ কৰিবলৈ দাবী জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ

April 30, 2021 4:48 pm · কল্পজ্যোতি শইকীয়া
Updated: April 30, 2021 5:37 pm

একজিট প’লক গণতন্ত্ৰ বিৰোধী আখ্যা দি ইয়াক তৎকালে বন্ধ কৰিবলৈ দাবী তুলিলে জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিয়ে।

এই সন্দৰ্ভত সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে কয় ‘বিগত কিছুকাল ‘একজিট প’ল’ৰ সমীক্ষা ওলোটা হোৱাহে দেখা গৈছে। তাৰ একমাত্ৰ কাৰণ হ’ল ভোটাৰসকলে মনৰ কথা কাকো নকয়। আনকি ঘৰৰ মানুহকো নকয়। পৰিবেশ পৰিস্থিতিৰ লগত মিলি থাকিবলৈ ৰাইজৰ গোপন সিদ্ধান্ত গোপনেই ৰাখে। তেনেস্থলত একজিট প’লৰ সমীক্ষা মানি লোৱাৰ কোনো যুক্তি নাই।‘

তেওঁ লগতে কয় ‘একজিট প’ল প্ৰকৃততে এক গণতন্ত্ৰ বিৰোধী কাৰ্য্য। ই সাময়িক ভাৱে হ’লেও ভোটাৰ ৰাইজক তীব্ৰ মানসিক অশান্তি দিয়ে। একজিট প’লে সকলো জানেই যদি কোন সমষ্টিত কোন প্ৰাৰ্থী জয়ী হ’ব পাৰে তেনেহ’লে কোটি কোটি টকা খৰচ কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰো কোনো দৰকাৰ নাথাকিলহেঁতেন।‘

‘তেওঁলোকে ৰাইজৰ মনৰ ভাব বুজিব পৰাকৈ সৰবজান বিদ্যাৰ অধিকাৰী নেকি? বুলি প্ৰশ্ন তুলি বৈশ্যই এই একজিৎ প’ল তৎকালীনভাৱে বন্ধ কৰিবলৈ দাবী জনায়।

তেওঁ লগতে গণতন্ত্ৰ বিৰোধী এই কাৰ্য্যৰ বিৰুদ্ধে প্ৰৱল জনমত গঢ়ি তোলাৰ বাবে ৰাইজক আহ্বান জনায়।

Related News