পাকিস্তানৰ ক্ৰিকেট ইতিহাসৰ শ্ৰেষ্ঠতম ক্ৰিকেটাৰসকলৰ ভিতৰত অন্যতম জাভেদ মিয়াদাদ। প্ৰাক্তন ক্ৰিকেট তাৰকাগৰাকীয়ে নিজৰ বেটিং শৈলীৰে বিশ্ব ক্ৰিকেটত অৰ্জন কৰিছে বহু খ্যাতি তথা সুনাম।
কিংবদন্তি তাৰকাগৰাকীৰ সন্দৰ্ভত শেহতীয়াকৈ আহিছে এক বিস্ফোৰক খবৰ। প্ৰকাশিত খবৰ অনুসৰি, সম্প্ৰতি পৰিয়ালসহ গৃহবন্দী হৈ আছে মিয়াদাদ। এই খবৰে এতিয়া পাকিস্তানী সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে।
কুখ্যাত ডন তথা সন্ত্ৰাসবাদী ডাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ আত্মীয়ৰ সূত্ৰে মিয়াদাদক এইদৰে গৃহবন্দী কৰি ৰখা বুলি খবৰ প্ৰকাশ পাইছে। উল্লেখ্য যে, আণ্ডাৰৱৰ্ল্ড ডন ডাউদৰ কন্যাৰ সৈতে বিয়া হৈছে জাভেদ মিয়াদাদৰ পুত্ৰৰ।
লক্ষণীয়ভাৱে ভাৰতৰ মষ্ট ৱাণ্টেড তালিকাত থকা ডাউদ ইব্ৰাহিমতালিকাত থকা ডাউদ ইব্ৰাহিমক কোনো অচিনাকি লোকে বিষ পান কৰোৱাৰ ফলত কটকটীয়া নিৰাপত্তাৰ অধীনত কৰাচীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি বাতৰি ওলাইছে।
একাংশ মাধ্যমত ইতিমধ্যে যোৱা নিশা ডাউদৰ মৃত্যু ঘটা বুলিও চৰ্চা চলিছে। কিন্তু এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে পাকিস্তানে কোনো মন্তব্য কৰা নাই। সেইদৰে কোনো মন্তব্য প্ৰকাশ কৰা নাই ডাউদৰ সন্ধানৰত ভাৰত চৰকাৰেও।
উল্লেখ্য যে, ১৯৯৩ চনৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড ডাউদক ভাৰতে ম’ষ্ট ৱাণ্টেড হিচাপে ঘোষণা কৰি থৈছে। ডাউদৰ পৰিকল্পনাত সংঘটিত এই নৃশংস আক্ৰমণত দুই শতাধিক লোকৰ মৃত্যু হোৱাৰ লগতে সহস্ৰাধিক লোক আহত হৈছিল।
তাৰ পিছৰ পৰাই ভাৰতে ডাউদক পাকিস্তানে আশ্ৰয় দি অহা বুলি দাবী কৰিছে যদিও পাকিস্তানে এই দাবী অস্বীকাৰ কৰি আহিছিল। এতিয়া কৰাচীত অসুস্থ ডাউদ চিকিৎসাধীন বুলি জল্পনা-কল্পনা চলিছে।
ডাউদ ইব্ৰাহিম সন্দৰ্ভত এই খবৰৰ সমান্তৰালকৈ প্ৰাক্তন ক্ৰিকেটাৰ জাভেদ মিয়াদাদক গৃহবন্দী কৰি ৰখাৰ খবৰ প্ৰকাশ পাইছে যদিও এতিয়ালৈকে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ হোৱা নাই।