Jaya Bachchan loses cool আপোনালোকৰ বেয়া দিন আহি আছে; সংসদত বিজেপিক অভিশাপ জয়া বচ্চনৰ

Jaya bachan in parliament

Jaya Bachchan loses cool বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনক পানামা পেপাৰ্ছ কেলেংকাৰীত ইডিয়ে জেৰা কৰাৰ দিনাই সংসদত বিজেপিৰ ওপৰত একপ্ৰকাৰ খঙত অগ্নিশৰ্মা হৈ পৰে সমাজবাদী দলৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চন।

ড্ৰাগছ সংক্ৰান্ত বিধেয়কৰ ওপৰত আলোচনাত অংশ লৈ থকাৰ সময়ত এগৰাকী বিজেপি সদস্যই কৰা ব্যক্তিগত মন্তব্যৰ বাবেই ক্ষুব্ধ হৈ পৰে জয়া বচ্চন।

সাংসদ জয়া বচ্চনে কয়,’’সংসদত বহি তেওঁলোকে কেনেকৈ ব্যক্তিগত মন্তব্য কৰিব পাৰে? এইটো অত্যন্ত দুৰ্ভাগ্যজনক যে সহকৰ্মীসকলৰ প্ৰতি আপোনালোকৰ পৰ্যাপ্ত শ্ৰদ্ধা বা সন্মান নাই? আপোনালোকৰ বেয়া দিন আহিব, মই অভিশাপ দিছো।‘’

Also Read: ভূমি কেলেংকাৰী : মুখ্যমন্ত্ৰীৰ চাতুৰ্য্যতা; মূল বিষয় তল পেলাবলৈ কি কৰিলে মুখ্যমন্ত্ৰীয়ে?

সমাজবাদী দলৰ সাংসদগৰাকীয়ে খঙত একপ্ৰকাৰ উগ্ৰমূৰ্তি ধাৰণ কৰি ৰাজ্যসভাত মোদী চৰকাৰক অYfশাপ দি কয়,’’ বিজেপিৰ বেয়া দিন আৰম্ভ হ’বলৈ ধৰিছে।‘’

ৰাজ্যসভাত ড্ৰাগছ সংশোধনী বিধেয়কৰ ওপৰত আলোচনা চলি থকাৰ সময়ত ১২গৰাকী বিৰোধী সাংসদক নিলম্বন কৰাক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল সাংসদ জয়া বচ্চনে।

এইদৰে ভাষণ ৰখাৰ সময়তে বিজেপি সাংসদসকলৰ ওপৰত বাক-বিতণ্ডাত জড়িত হৈ পৰে অমিতাচ বচ্চনৰ সহধৰ্মিনী জয়া বচ্চন।

Also Read:Breaking News মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী; অধ্যক্ষই সভাস্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাত বিৰোধীৰ সদন ত্যাগ

সাংসদগৰাকীয়ে অধ্যক্ষৰ পৰা জানিব বিচাৰে যে তেওঁলোকে কেনেকৈ ব্যক্তিগত বিষয় তথা ঐশ্বৰ্য ৰায়ৰ নাম লৈ মন্তব্য কৰিব পাৰে? তেওঁ ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

ইয়াতেই ক্ষান্ত নাথাকি জয়া বচ্চনে শীঘ্ৰেই বিজেপিৰ বেয়া দিন আৰম্ভ হ’ব বুলি অভিশাপ দিয়ে।