অন্ধ্ৰ প্ৰদেশত জন্মগ্ৰহণ কৰা জয়া বাডিগাক কেলিফৰ্ণিয়াত ন্যায়াধীশ হিচাপে নিযুক্তি

অন্ধ্ৰ প্ৰদেশৰ বিজয়াৱাড়াত জন্মগ্ৰহণ কৰা জয়া বাডিগাই আমেৰিকাত ন্যায়াধীশ হিচাপে নিযুক্তি পোৱা প্ৰথমগৰাকী তেলেগু মহিলা হিচাপে ইতিহাস ৰচনা কৰিছে।বডিগাই কেলিফৰ্ণিয়াৰ চেক্ৰেমেণ্টো কাউন্টি চুপিৰিয়েৰ কোৰ্টত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।তেখেত উদ্যোগপতি তথা মাচিলিপট্টনমৰ প্ৰাক্তন লোকসভাৰ সাংসদ বডিগা ৰামকৃষ্ণৰ কন্যা।

ন্যায়াধীশৰ পদৰ পূৰ্বে বাডিগাই চেক্ৰেমেণ্টো কাউন্টি চুপিৰিয়েৰ কোৰ্টৰ কমিছনাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আমেৰিকাৰ তেলেগু আৰু বহল ভাৰতীয় সম্প্ৰদায় দুয়োটাৰে বাবে তেওঁৰ এই কৃতিত্ব এক উল্লেখযোগ্য মাইলৰ খুঁটি। বাডিগা এগৰাকী প্ৰমাণিত পৰিয়াল আইন বিশেষজ্ঞ আছিল আৰু তেওঁ ১০ বছৰতকৈ অধিক সময় আইনৰ ক্ষেত্ৰখনত কাম কৰি আহিছে।

ন্যায়াধীশ ৰবাৰ্ট এছ লাফামৰ অৱসৰৰ পাছত বাডিগাক স্থলাভিষিক্ত কৰা হৈছে।উদ্যোগপতি তথা মাচিলিপট্টনমৰ প্ৰাক্তন সাংসদ বাডিগা ৰামকৃষ্ণৰ কন্যা জয়া বাডিগাই ভাৰতৰ হায়দৰাবাদত শিক্ষা যাত্ৰা আৰম্ভ কৰে। অধিক অধ্যয়নৰ বাবে আমেৰিকালৈ যোৱাৰ পূৰ্বে ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞান আৰু ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।

আমেৰিকাত বষ্টন বিশ্ববিদ্যালয়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু আন্তঃৰাষ্ট্ৰীয় যোগাযোগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত চান্টা ক্লাৰা বিশ্ববিদ্যালয়ৰ পৰা জুৰিছ ডক্টৰ ডিগ্ৰী লাভ কৰে।

২০০৯ চনত কেলিফৰ্ণিয়া ষ্টেট বাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত বাডিগাৰ আইনী কেৰিয়াৰ আৰম্ভ হয়। ২০১৮ চনৰ পৰা ২০২২ চনলৈকে একক প্ৰেকটিচনাৰ হিচাপে নিজাববীয়াকৈ কাম কৰিছিল। কেলিফৰ্ণিয়াৰ স্বাস্থ্য সেৱা বিভাগ আৰু কেলিফৰ্ণিয়াৰ গৱৰ্ণৰৰ জৰুৰীকালীন সেৱাৰ কাৰ্যালয়ত এটৰ্নী হিচাপেও কাম কৰিছিল।