NORTHEAST NOW (Assamese)

জয়ন্তমল্লৰ জলজীৱনে নিদ্ৰা হৰিছে জনতাৰ! এমাহ ওলায়েই বন্ধ হ’ল টেপৰ পানী

December 26, 2024 8:12 pm · এন ই নাও নিউজ, গুৱাহাটী

বিশুদ্ধ খোৱাপানীৰ যোগানৰ প্ৰতিশ্ৰুতি আছিল চৰকাৰৰ!প্ৰতিশ্ৰুতি মতেই ঘোষণা হল আঁচনিও!পিছে বিশুদ্ধ খোৱাপানী যোগানত চূড়ান্ত ব্যৰ্থ ৰাজ্যৰ বিয়াগোম জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ।ৰাইজৰ প্ৰশ্ন!এয়া জল জীৱন আঁচনি নে ঠিকাদাৰৰ পকেট গৰম কৰা আঁচনি!

কিয়নো কোটি টকীয়া আঁচনি ৰূপায়ন হোৱাৰ পাছতো যোৱা প্ৰায় ৬টা মাহেই এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰি থাকিব লগা হৈছে বোকাখাতৰ মহমাইকী গাওঁ পঞ্চায়তৰ অন্তৰ্গত শিলভেটা বাগিছাৰ গাঁৱৰ প্ৰায় ১৫০টাৰো অধিক শ্ৰমিক পৰিয়াল।

ৰাইজৰ অভিযোগ ঠিকাদাৰে নিম্নমানৰ কাম কৰাৰ বাবেই আঁচনি মুকলি কৰি এমাহ চলাৰ পিছতেই  সম্পূৰ্ণ বিকল হৈ পৰে উক্ত পানী যোগান আঁচনিতো।

যাৰ বাবে আয়ৰণযুক্ত দমকল অথবা পাহাৰৰ পৰা বৈ অহা জান জুৰিৰ পানীকেই খোৱাৰ লগতে বিভিন্ন কামত পূৰ্বৰ দৰেই ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে গাওঁ খনৰ ৰাইজ।

উল্লেখযোগ্য যে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি থকা জনতালৈ  সকাহ দিয়াৰ উদ্দেশ্যে “ঘৰ ঘৰ নলঘৰ ঘৰ জল” প্ৰতিশ্ৰুতিৰে জল জীৱন মিছনৰ জৰিয়তে বিজেপি চৰকাৰে গাৱঁৰ প্ৰতিটো পৰিয়ালক যোগান ধৰাৰ কথা আছিল বিশুদ্ধ খোৱা পানীৰ।

কিন্তু আজিও ৰাজ্যৰ বহু পৰিয়ালে লাভ নকৰিলে উক্ত আঁচনিৰ জৰিয়তে এটুপি বিশুদ্ধ খোৱা পানীৰ সুবিধা।

যাৰ ফলত  বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাওঁত আজিও সুলভ এটাই দৃশ্য,,মানুহৰ চোতাল অথবা হাবিয়ে বননিয়ে থিয় দি আছে কেৱলমাত্ৰ পানী পাইপ সংলগ্ন খুটাহে।

ৰাইজৰ অভিযোগ-বিশুদ্ধ খোৱাপানী যোগানৰ নামত কোটি কোটি টকাৰ সৰাধ পাতি চূড়ান্ত ভেকোভাওনা কৰিছে ৰাজ্য চৰকাৰৰ বিয়াগোম জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে।

গাওঁবাসীৰ দাবী-সঠিক পৰ্যবেক্ষণৰ অভাৱত বিভাগীয় ঠিকাদাৰে চান কাঢ়ি খাইছে জনতাৰ ধন!যাৰ বাবে চৰকাৰী আঁচনিয়ে উপকৃত কৰিব পৰা নাই সাধাৰণ জনতাক।সেয়ে চৰকাৰী ধনৰ অপচয় ৰোধ কৰি বিভাগীয় কৰ্তৃপক্ষৰ পৰ্য্যবেক্ষণৰ জৰিয়তে সঠিকভাৱে ৰূপায়ণ হওক আঁচনিৰ কাম।অন্যথা আন্দোনমুখী হব বোকাখাতৰ শিলভেটা গাঁৱৰ ৰাইজ।

Related News