এন ডি এ-ত থাকিও আমি বিধেয়কৰ বিৰোধিতা কৰি যাম : কে চি ত্যাগী

কংগ্ৰেছক ৰাজ্যসভাত ‘ৱাক আউট’ নকৰি সবল ভূমিকা ল’বলৈ আহ্বান জে ডি (য়ু)ৰ

বিজেপি নেতৃত্বাধীন এন ডি এৰ অংশীদাৰ হ’লেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত বিজেপিৰ সৈতে একমত নহয় বিহাৰৰ শাসনাধিষ্ঠ জনতা দল (য়ুনাইটেড)।

সদৌ অসম ছাত্ৰ সন্থাক এই প্ৰতিশ্ৰুতি দি অসম তথা উত্তৰ-পূবত বিধেয়কখনৰ বিৰুদ্ধে চলা আন্দোলনৰ ধাৰা অব্যাহত ৰখাৰ আহ্বান জনাইছে সম্প্ৰতি অসমলৈ অহা দলটোৰ সম্পাদক প্ৰধান তথা সাংসদ কে চি ত্যাগীয়ে।

২৮ জানুৱাৰিৰ বিয়লি গুৱাহাটীৰ চহিদ ভৱনত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আছু, নেছ’ আৰু কেইবাটাও জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হয় কে চি ত্যাগীৰ লগতে জে চি (য়ু)ৰ নেতা প্ৰশান্ত কিশোৰ আৰু এন এছ এন লোথা।

বৈঠকৰ পাছত সাংবাদিকৰ আগত মত প্ৰকাশ কৰি ত্যাগীয়ে কয়, “আমাৰ দল এন ডি এৰ অংশীদাৰ হ’লেও আমি ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব, ভাষা, সংস্কৃতি সকলো বিপদাপন্ন হৈ আছে। আমি সকলোৱে এই সমূহৰ সুৰক্ষাৰ বাবে দায়বদ্ধ”।

বিধেয়কখনৰ বিষয় লৈ বিহাৰৰ মুখ্য মন্ত্ৰী তথা জে ডি (য়ু)ৰ মুৰব্বী নীতীশ কুমাৰে চৰকাৰৰ লগতে দলৰ মজিয়াত কেইবাবাৰো আলোচনা কৰা বুলি ত্যাগীয়ে জানিবলৈ দিয়ে।

ইপিনে, ২৭ জানুৱাৰিত নলবাৰীৰ ঘগ্ৰাপাৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন কৰাৰ পাছত বিজেপিৰ একাংশ সদস্যই ছাত্ৰ সন্থাৰ সদস্যক আক্ৰমণ কৰা ঘটনাক গৰিহণা দিয়ে জে ডি (য়ু)ৰ নেতাজনে।

“আছুৰ সৈতে যি মাৰপিটৰ ঘটনা হৈছে সেই কথাটো আমি ভালপোৱা নাই। কাৰণ যিসকল এতিয়া চৰকাৰত আছে তেওঁলোক আন্দোলনৰ জৰিয়তেই আহিছে”, কে চি ত্যাগীয়ে কয়।

কংগ্ৰেছক ৰাজ্যসভাত ‘ৱাক আউট’ নকৰি সবল ভূমিকা ল’বলৈ আহ্বান জনাই জে ডি (য়ু)ৰ লগতে শিৱসেনা, আকালি দল আৰু কংগ্ৰেছে বিৰোধিতা কৰিলে ‘কামাখ্যা দেৱীৰ কৃপাত বিধেয়কখন ৰাজ্যসভাত গৃহীত নহ’ব’ বুলিও তেওঁ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

ইপিনে বিহাৰৰ শাসনাধিষ্ঠিত দলটোৱে উত্তৰ-পূবৰ ৰাইজৰ পক্ষত থাকি বিধেয়কখনৰ বিৰোধিতাৰ বিষয়টো গুৰুত্বসহকাৰে লোৱাৰ বাবে দলটোৰ লগতে মুখ্য মন্ত্ৰী নীতীশ কুমাৰক ধন্যবাদ জ্ঞাপন কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য আৰু নেছ’ৰ অধ্যক্ষ ছেমুৱেল জেৰৱাই।