NORTHEAST NOW (Assamese)

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে চলা আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জে ডি (য়ু)ৰ

January 28, 2019 7:10 pm · অনিৰ্বাণ পাঠক

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে চলা আন্দোলনৰ প্ৰতি জনতা দল (ইউনাইটেড)ৰ পূৰ্ণ সমৰ্থন আছে। আজি অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অগপ আৰু জে ডি (য়ু) এক যুটীয়া বৈঠকত মিলিত হয়।

উক্ত বৈঠকৰ পিছতে অগপ নেতৃত্ব আৰু জে ডি ইউৰ সম্পাদক প্ৰধান তথা ৰাজ্যসভাৰ সাংসদ কে চি ত্যাগীয়ে এক সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত তেওঁলোকৰ দলে আছুৰ অসম আন্দোলনক সমৰ্থন দিয়া বুলি উল্লেখ কৰি ত্যাগীয়ে কয়, ‘বিধেয়কৰ বিৰুদ্ধে চলা এই আন্দোলনৰ প্ৰতি আমাৰ সমৰ্থন আছে। এই বিধেয়ক অসাংবিধানিক আৰু ই অসম আৰু উত্তৰ-পূবৰ জনগাঁথনি সলনি কৰি দিব।’

বিধেয়কখন বিজেপিয়ে ৰাজনৈতিক অংকত অনা বুলি উল্লেখ কৰি জে ডি ইউৰ নেতাজনে এইক্ষেত্ৰত কংগ্ৰেছৰ ভূমিকাতো সন্দেহ প্ৰকাশ কৰে। তেওঁ কয়, ‘কংগ্ৰেছে বিধেয়ক বিৰোধী ৰাজনৈতিক শক্তিক একত্ৰিত কৰিব লাগিছিল। কিন্তু কৰা নাই। ৰাজ্যসভাত কংগ্ৰেছে ৱাক আউট কৰিলে বিধেয়ক গৃহীত হ’ব পাৰে।’

আনহাতে বিধেয়কক লৈ ৰাজ্যসভাত ভোটগ্ৰহণ হ’লে জে ডি ইউয়ে বিধেয়কৰ বিৰুদ্ধে ভোট দিব বুলি ত্যাগীয়ে মন্তব্য কৰে।

সংবাদমেলত অগপৰ সভাপতি অতুল বৰাই অগপই বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি উল্লেখ কৰি কয় যে অসম বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়কক কোনো কাৰণতেই মানি লোৱা নহ’ব।

উল্লেখযোগ্য যে কাইলৈ অৰ্থাৎ মঙলবাৰে গুৱাহাটীৰ তাজ ভিভান্টা হোটেলত অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূবৰ কেইবাটাও ৰাজনৈতিক দলৰ সভাত জে ডি ইউ উত্তৰ পূবৰ তত্বাৱধায়ক এন এচ এন লোথা উপস্থিত থাকিব।

Related News