DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভূপেন হাজৰিকাৰ ‘ভাৰত ৰত্ন’ক লৈ কৰা মন্তব্যৰ বাবে ক্ষমা খুজিলে প্ৰাক্তন ন্যায়াধীশ মাৰ্কণ্ডেয় কাটজুৱে

ক্ষমা নুখুজিলে প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখক লৈ কৰা মন্তব্যৰ বাবে

নৰ্থ-ইষ্ট নাও নিউজ by নৰ্থ-ইষ্ট নাও নিউজ
January 29, 2019 9:00 am
Katju_BhupenHazarika
982
VIEWS
Share on FacebookShare on Twitter

মৰণোত্তৰভাৱে ভাৰত ৰত্নৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতে অসম সন্তান তথা বিশ্বশিল্পী ড০ ভূপেন হাজৰিকাক লৈ কৰা মন্তব্যৰ বাবে আজি ক্ষমা খুজিছে প্ৰাক্তন ন্যায়াধীশ তথা প্ৰেছ কাউন্সিল অব ইণ্ডিয়াৰ ভূতপূৰ্ব সভাপতি মাৰ্কণ্ডেয় কাটজুৱে।

“মই মোৰ এটা ফেচবুক পোষ্টত ভূপেন হাজৰিকাই ভাৰত ৰত্ন পোৱাৰ যোগ্য নহয় বুলি লিখিছিলো, যাৰ বাবে উত্তৰ-পূবৰ লোকসকলে মোক সমালোচনা কৰিছিল।” নিজৰ ফেইচবুক পেইজত দিয়া পোষ্ট আৰু অলপ পিছতে দিয়া এটা টুইটত এইদৰে কয় ছ’চিয়েল মিডিয়াত খুবেই সক্ৰিয় আৰু লাখ লাখ ফ’ল’ৱাৰ থকা ‘পাব্লিক ফিগাৰ’জনে।

এই সন্দৰ্ভত তেওঁ আচলতে কি কৈছিল এতিয়া পাহৰি গৈছে বুলি কয় আৰু এইটোক নিজৰ এটা বদ অভ্যাস বুলি স্বীকাৰ কৰে। “মই আচলতে ভূপেন হাজৰিকাৰ সৃষ্টিকৰ্মবোৰ অধ্যয়ন কৰা নাই। গতিকে মই তেনে মন্তব্য কৰা উচিত নাছিল।” ২৭ জানুৱাৰিৰ আবেলিৰ সময়ত নিজৰ ফেচবুক পোষ্টত কাটজুৰ এই মন্তব্য।

Bhupen Hazarika pic.twitter.com/PAkQl5ZirC

— Markandey Katju (@mkatju) January 27, 2019

“মই উত্তৰ-পূবৰ মানুহৰ ওচৰত ক্ষমা খুজিছো”, ভুল স্বীকাৰ কৰি এইদৰে ক্ষমা বিচাৰে তেওঁ।

উল্লেখযোগ্য যে প্ৰাক্তন ন্যায়াধীশজনে ২০১৯ চনত ভাৰত ৰত্ন পোৱা আটাইকেইজনকে ‘অযোগ্য’ বুলি একেদিনাৰে পুৱা ৯ বজাত দিয়া এটা ফেইচবুক পোষ্টটোত উল্লেখ কৰিছিল।

“মোৰ দৃষ্টিত এইবাৰ ভাৰত ৰত্ন পোৱা গোটেই তিনিজনেই পোৱাৰ যোগ্য নহয় (undeserving)”, এয়ে আছিল তেওঁৰ আগৰ পোষ্টটোৰ প্ৰথমটো বাক্য। কেৱল এয়ে নহয়, তেওঁ উক্ত পোষ্টটোত ভূতপূৰ্ব ৰাষ্ট্ৰপ্ৰতি প্ৰণৱ মুখাৰ্জীক (যিজনেও এইবাৰ ভাৰত ৰত্ন পাইছে) নেহৰু-গান্ধীৰ চামচা বুলি কয়।

কিন্তু আনজন প্ৰাপক তথা সংঘ পৰিবাৰৰ নেতা নানাজী দেশমুখক অধিক কঠোৰভাৱে সমালোচনা কৰিছিল। “নানাজী দেশমুখ সংঘ পৰিবাৰৰ মানুহ, যিটো সাম্প্ৰদায়িক সংগঠন আৰু গতিকে ভাৰতীয় মানুহৰ মাজত বিভাজন সিঁচিছে। যি মানুহৰ মাজত বিভাজন আনে তেওঁ মানুহৰ শত্ৰু, ভীষ্ম পিতামহেই এইটো কৈ গৈছে।”, পোষ্টটোত নানাজী দেশমুখৰ বিষয়ে কাটজুৰ মত।

অৱশ্যে প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখৰ দৰে অসমৰ মহান শিল্পীজনক সমালোচনা কৰা নাছিল বা কোনো অশোভনীয় মন্তব্য দিয়া নাছিল। হাজৰিকাৰ বিষয়ে তেওঁ কৈছিল, “ভূপেন হাজৰিকাই শান্তি আৰু ভাতৃত্ববোধৰ বাবে কাম কৰিব পাৰে, কিন্তু তেওঁ ‘পদ্ম বিভূষণ’ৰ বাবেই আটাইতকৈ উপযুক্ত”।

মন কৰিব লগীয়া যে গোটেই দেশজুৰি লাখ লাখ ফ’ল’ৱাৰ থকা প্ৰাক্তন ন্যায়াধীশজনক ভূপেন হাজৰিকাক হেয় কৰা মন্তব্যৰ বাবে সমালোচনা কৰে উত্তৰ-পূবৰ বহুতো য়ুজাৰে। এজন য়ুজাৰে কয়, I think you don’t know who is Bhupen Hazarika! It’s not unusual for rest of India who know little about Assam or North – East., এনেকুৱা প্ৰতিক্ৰিয়াৰ পিছতে তেওঁ ক্ষমা খুজিবলৈ বাধ্য হয়। কিন্তু ক্ষমা নুখুজিলে প্ৰণৱ মুখাৰ্জী আৰু নানাজী দেশমুখক লৈ কৰা মন্তব্যৰ বাবে।

আনহাতে পূৰ্বৰ পোষ্টটোত কাটজুৱে ভগৱত সিঙকে ধৰি ১৪জন লোকৰ ভাৰতীয়ৰ নাম সাঙুৰি দিছিল, যিকেইজন তেওঁৰ বিবেচনা মতে ভাৰত ৰত্ন পোৱাৰ যোগ্য।

The real Bharat Ratnas:@rwac48 pic.twitter.com/Zrstsx3OGm

— Markandey Katju (@mkatju) January 27, 2019

Recent News

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

বিশিষ্ট সংগীত শিল্পী খগেন গগৈলৈ কণ্ঠ শিৰোমণি আৰু বিপুল চেতিয়া ফুকনলৈ কণ্ঠ সুধামৃত বঁটা ঘোষণা

Independence Day

ভাৰতৰ স্বাধীনতাৰ হীৰক জয়ন্তীৰ দুটা ভাষণ

AASU Chitta Basumatary

প্ৰাক্তন আছু নেতাৰ কবিতাই জোকাৰিছে ফেচবুক: কি আছে এই কবিতাত!

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

কাজিৰঙাত বন বিভাগৰ অভিযানত গঁড়ৰ খৰ্গৰ তিনি চোৰাং ব্যৱসায়ীক আটক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd