NORTHEAST NOW (Assamese)

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

April 18, 2021 4:34 pm · এন ই নাও নিউজ

দেশজুৰি পুনৰ কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত ৰখা হৈছে। দেওবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ডঃ ৰমেশ পোখৰিয়াল নিশাঙ্কে টুইটাৰত এই কথা প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী নিশাঙ্কে আজি প্ৰকাশ কৰি কয় যে দেশজুৰি কোভিড-১৯ৰ সংক্ৰমণৰ ক্ৰমবৰ্ধমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত JEEৰ তৃতীয় চেছনৰ অৰ্থাৎ এপ্ৰিলৰ মূল পৰীক্ষা পিছুৱাই দিয়া হৈছে।

উল্লেখ্য যে পূৰ্ব ঘোষিত সূচী অনুসৰি JEEৰ এই মূল পৰীক্ষা অহা ২৭ৰ পৰা ৩০ এপ্ৰিললৈ অনুষ্ঠিত হোৱাৰ কথা আছিল।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি নতুন পৰীক্ষা সূচী পৰীক্ষাৰ ১৫ দিনৰ পূৰ্বে ঘোষণা কৰা হ’ব।

“সাম্প্ৰতিক #covid19 পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মই @DG_NTA জেইই (মেইন)২০২১ এপ্ৰিলৰ পৰীক্ষাসূচী স্থগিত ৰাখিবলৈ পৰামৰ্শ দিছো। মই পুনৰ ক’বলৈ বিচাৰো যে আমাৰ শিক্ষাৰ্থীসকলৰ সুৰক্ষা আৰু তেওঁলোকৰ শৈক্ষিক কেৰিয়াৰ এই মুহূৰ্তত @EduMinOfIndia আৰু মোৰ মুখ্য চিন্তাৰ বিষয়।” ড০ ৰমেশ পোখৰিয়াল নিশাঙ্কে টুইটাৰত এইদৰে কয়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা সংসদৰ অধীনস্থ দশম আৰু দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষা সূচীও কোভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিততে স্থগিত ৰাখিছিল কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে।

Related News